মানুহে মানুহৰ বাবে~মানস প্ৰতীম মালী

Rinku Rajowar
0
🖋️মানস প্ৰতীম মালী । 
ঠিকনা :- বৰিহাট , মিৰ্জা 

শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ
এটি জনপ্ৰিয় গান 
মানুহে মানুহৰ বাবে 
যদিহে অকনো নাভাৱে 
অকনো সহানুভূতিৰে
ভাবিব কোনেনো কোৱা । 

আমি সদায় সকলোৱে এজনে আনজনৰ কথা 
ভাবিব লাগে । আমি  এজনে আনজনৰ দুখ /সমস্যাবোৰক নিজৰ সমস্যা বুলি সমাধান কৰিব লাগে । যদি আমি সকলোৱে আনৰ
দুখ/সমস্যাবোৰ নিজৰ সমস্যা বুলি ভাবি সমাধান কৰো তেতিয়া হয়তো এদিন সকলোৰে জীৱনৰ পৰা দুখ আতৰি যাব । মানুহে মানুহৰ বাবে ...... চিন্তা কৰিব লাগে । 
ধনী , দুখীয়া বুলি নাভাবি আমি সকলোৱে মানুহ বুলি ভবা উচিত ।
দুখীয়া মানুহজনৰো বহুত আশা থাকে । দুখীয়া মানুহৰো সৰু বৰ সপোন থাকে । দুখীয়া মানুহজনৰো ভালদৰে দুসাজ ভাত খাবলৈ মন যায় । 
সমাজত বহুত মানুহ আছে যিয়ে আনক সহায় কৰি ভালপায় , আনৰ দুখৰ সমভাগী হৈ ভালপায়  । কিন্তু সমাজত এনেকুৱাও কিছুমান মানুহ আছে  , যিবোৰ মানুহে নিজৰ মাক দেউতাককো বৃদ্ধাশ্ৰমত থয় , নিজৰ লৰা ছোৱালীকো অনাথ আশ্ৰমত থয়  । কিন্তু তেওঁলোকৰ ভুল কি ? সদায়েই এজনৰ আনজনৰ  বাবে মৰম/ভালপোৱা থকা উচিত । মানৱতাক আমাৰ মনৰপৰা হেৰাই যাব দিব নালাগে । 
পৰাপক্ষত সকলোকে নিজৰ বুলি ভাবি সহায় 
কৰিব লাগে । আমি সকলো মানুহেই মানুহৰ বাবেই .....
. জীয়াই থাকিব লাগিব । 
              জীৱনত দুখ নাথাকিলে সুখৰ উপলদ্ধি কৰিব নোৱাৰি ।  কিন্তু জীৱনটোত অত‍্যন্ত দুখতো সুখ উপভোগ কৰিব লাগে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)