প্ৰেমৰ মহিমা~সুমন্ত নায়ক

চকুৰ কি দোষ কোৱাচোন?
চাবলৈ মন যায়, তোমাকেই ;
দৃষ্টিৰ কি দায় কোৱাচোন??
ভাল লাগে তোমাক। 
            ভগৱানৰ বাৰু কি দোষ হল;কোৱাচোন??
            সৃষ্টি কৰিছে তোমাক। 
           হৃদয়ৰ কি ভূল কোৱাচোন??
           ভাল  লাগে তোমাক চাই। 
মোৰ  কি অপৰাধ কোৱাচোন??
ভাল  পাওঁ তোমাকেই..
তুমি আহা মোৰ হৃদয়ৰ মাজত...
চোৱাচোন এবাৰ আহি, পৃথিৱীত  ।
            তোমাৰ আৰু মোৰ 
             প্রেম মৰম আৰু ভাল পোৱাৰ 
             মূল্য হয়টো  তুমি নাজানা। 
কিমান মৰম  ,আছে 
তোমাৰ বাবে ,
হয়টো তুমি অনুভৱ কৰিব নোৱাৰা। 
মৰম আৰু ভাল পোৱাৰ 
ঠিকনা বিহীন হৃদয়ৰ 
এই অভিমান। 

🖊️সুমন্ত নায়ক 
মঙ্গলদৈ দৰং,অসম। 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send