শিশুৰ ব্যক্তিত্ব বিকাশ আৰু সমাজৰ ভূমিকা~প্ৰবন্ধ-নিবেদিতা হাজৰিকা

©Admin
0
"ব্যক্তিত্ব" (Personality) শব্দটো আমাৰ বাবে বৰ দৰকাৰী। ইয়াৰ অৰ্থ হৈছে "ভাৱৰীয়াৰ মুখা"। এজন মানুহ বা ব্যক্তিৰ শাৰীৰিক গঠন, ব্যৱহাৰৰ প্ৰকৃতি ,বিভিন্ন দিশত থকা প্ৰৱণতাৰ প্ৰতি আগ্ৰহ ,মনোভাৱ তথা বৌদ্ধিক সামৰ্থ আদিৰ সংমিশ্ৰণত গঢ়ি উঠা ধাৰণাটোৱেই মূলত ব্যক্তিত্ব । ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিত প্ৰদৰ্শন কৰা বহিঃ আচৰণৰ যোগেদি ব্যক্তিত্বই প্ৰকাশ লাভ কৰে। ব্যক্তিৰ বয়স তথা বিকাশৰ স্তৰ অনুযায়ী ব্যক্তিত্বৰ বিকাশ হয়। 
     শিশুৰ ব্যক্তিত্ব গঠন আৰু বিকাশত পৰিৱেশ, বংশগতি আৰু সমাজ এই তিনিওটাৰে বিশেষ ভূমিকা আছে। শিশুৰ ব্যক্তিত্ব গঠনৰ বেলিকা পৰিৱেশৰ লগতে সমাজৰ সহযোগিতাৰ কথা বিশেষ ভাবে দৰকাৰী ।
    শিশুৰ ব্যক্তিত্ব গঠনত সুস্থ সামাজিক পৰিৱেশৰ অতিশয় প্ৰয়োজন। কিয়নো সমাজ অবিহনে শিশু তথা ব্যক্তিৰ ব্যক্তিত্ব গঠন আৰু বিকাশ সাধন সুচাৰু ৰূপে হোৱাটো অসম্ভৱ। সেয়েহে সমাজৰ সুস্থ পৰিৱেশ এই ক্ষেত্ৰত অতিকে দৰকাৰী। 
      অনুকৰন প্ৰিয় শিশু সকলে ডাঙৰক অনুকৰণ কৰে। ঘৰ খনৰ পৰা শিশু সকলে যিখিনি শিকে সমাজৰ লোক সকলৰ পৰাও শিশুৱে বহু কথা শিকে। সেয়েহে শিশু সকলৰ সন্মুখত সমাজৰ প্ৰতিজন ব্যক্তিয়েই আদৰ্শ স্থানীয় ব্যক্তি ৰূপে থিয় দিব পৰাকৈ নিজৰ ব্যক্তিত্ব সৱল আৰু সুস্থ ভাবে গঢ়ি তোলাৰ প্ৰয়াস কৰিব লাগে। সমাজৰ জ্যেষ্ঠজনৰ আদৰ্শ শিশু সকলৰ বাবে বৰ দৰকাৰী। সেই আদৰ্শেৰেই জ্যেষ্ঠ জনৰ চিন্তা-চৰ্চা, কাৰ্য-কলাপ ,নীতি -আদৰ্শ আদি অনুকৰণ তথা অনুশীলন কৰিয়ে শিশু সকল আগবাঢ়ি যাব বা যায়। এই ক্ষেত্ৰত সামাজিক পৰিৱেশ সুস্থ হোৱাটো প্ৰয়োজনীয়। অন্যথা শিশু সকলৰ ব্যক্তিত্বত বেয়া প্ৰভাৱ পৰিব বা ব্যক্তিত্ব গঠন বাধাপ্ৰাপ্ত হ'ব ।
     বৰ্তমান সময়ত  
দেখা পোৱা কিছুমান দৃশ্য তথা কিছুমান লোকৰ অবিবেচক কথা -কাণ্ডই সমাজৰ সকলো লোকৰ ওপৰতে বেয়া প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। বুজন সকলৰ বাবে ই সমস্যা নহয় বা ইয়াক অনুকৰন নকৰে। কিন্তু চিন্তাৰ ক্ষেত্ৰত অপৰিপক্ক শিশু সকলৰ ওপৰত এই কথাবোৰে বা ঘটনাই বেয়া ধৰনে ক্ৰিয়া কৰে। নৈতিকতাহীন বিচাৰ -বিবেচনা, কাৰ্য -কলাপে সমাজ খনক বেয়াকৈ আক্ৰান্ত কৰিছে। এই ধৰনৰ কথাবোৰৰ প্ৰতি আমি সকলো সজাগ নহ'লে সমাজত সুস্থিৰতা নাথাকিব। সমাজৰ সুস্থিৰতাৰ বাবে শৃংখলাৱদ্ধতা তথা অনুশাসন বৰ দৰকাৰ। সুস্থ ব্যক্তিত্ব গঠনৰ বাবেও এই সমূহৰ প্ৰয়োজন। 
    সুস্থ ব্যক্তি আৰু সুস্থ সমাজ দুয়োটাই এটাৰ লগত আনটো সংপৃক্ত হৈ আছে। সেয়েহে অভিভাৱক তথা সমাজৰ লোক সকল একত্ৰিত হৈ শিশু সকলৰ সৰ্বাংঙ্গীন বিকাশৰ বাবে তথা ব্যক্তিত্ব বিকাশৰ বাবে সমূহীয়াভাৱে ব্যৱস্থা গ্ৰহণ কৰি শিশু সকলৰ ব্যক্তিত্ব বিকাশ আৰু প্ৰকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱাৰ ক্ষেত্ৰত আগ্ৰহী হ'লে সুস্থ ব্যক্তিত্বৰ গৰাকী হ'বলৈ নিশ্চয়কৈ প্ৰতিজন শিশুৱে সুবিধা পাব । সু-ব্যক্তিত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত সহায় কৰা উপাদান সমূহৰ মাজত সু-সমন্বয় সাধন কৰিব পাৰিলে নিশ্চয় কৈ শুভ ফল লাভ কৰিব পৰা যাব। শিশু কালৰে পৰা ব্যক্তিত্ব বিকাশৰ প্ৰতি অভিভাৱক সকল সচেতন হোৱাৰ লগতে সামাজিক পৰিৱেশ ও অনুকূল হিচাপে গঢ়ি তুলিব পাৰিলে ব্যক্তিৰ ব্যক্তিত্ব বিকাশ সাধন সুচাৰুৰূপে নিশ্চয়কৈ সাধন হ'ব। 
✍️ নিবেদিতা হাজৰিকা।
লখিমপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)