অণুগল্প-গামবত্তে( 頑張って )-চুমিন্দ্ৰ চৌধুৰী

Rinku Rajowar
0
প্ৰবীণ হতাশ হৈ পৰিছিল যেতিয়াই ১৫ বছৰ নিষ্ঠাৰে কাম কৰাৰ পাছতো তাতকৈ সাত বছৰ পাছত কামত যোগ দিয়া সহকৰ্মী কনপাই কোটাৰ কান্ধত ভৰি দি ৰেজিষ্টাৰ পদত প্ৰমোচন পাই গ'ল  ৷ ইতিমধ্যেই দুবাৰকৈ বিভাগটোৰ পৰা লাভ কৰা বছৰটোৰ শ্ৰেষ্ঠ কৰ্মীৰ মানপত্ৰ দুখন তাৰ ফালি পেলাবলৈ মন গ'ল ৷
সি আমন জিমনকৈ বহি থকাৰ মাজতে হয়তু তাৰ মনৰ সংঘাতখিনিৰ উমান পাই অফিচৰ জেষ্ঠ কেৰাণী বিমল দাই তাৰ হাতত এখন কিতাপ দি গ'ল ৷ গামবত্তে, কিতাপখনৰ নামতেই কিবা এক আকৰ্ষণ আছিল ৷ কোনোবা জাপানী লেখকৰ অসমীয়া অনুবাদ ৷
সেইদিনা গোটেই ৰাতি সি গামবত্তে নামৰ কিতাপখন পঢ়িলে    ৷ 
জাপানী সকলে সফলতা  প্ৰাপ্তি নোহোৱা লৈকে কোনো কামত একাত্ম হৈ পৰাটোকে গামবত্তে বুলি কয় ৷ গামবত্তে এটা শব্দ নহয় ,এক বিশাল দৰ্শন ৷ এই দৰ্শন জ্ঞানৰ যোগেদি দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ধ্বংসাৱশেষ হৈ পৰা জাপান কেনেদৰে আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শিখৰত উপনিত হ'ব সমৰ্থ হ'ল তাকেই বৰ্ণনা কৰা হৈছে  গামবত্তেত ৷
কিতাপখন পঢ়ি প্ৰবীণে বুজিলে যে সফলতা প্ৰাপ্তি আৰু অপ্ৰাপ্তি এটা সংযোগ কিন্ত একাত্ম প্ৰচেষ্টা হ'ল যোগ ৷ যোগ মানেই সম্ভাৱনা ৷ একমাত্ৰ যোগতেই আছে সাফল্যতাৰ পূৰ্ণ সম্ভাৱনা ৷  
প্ৰাপ্তি অপ্ৰাপ্তিৰ মানসিক অন্তৰ্দ্বন্দ্বৰ পৰা মুক্ত হৈ পিছদিনাখন পুৱা প্ৰবীণে এক অফুৰন্ত উদ্যম আৰু সম্ভাৱনা লৈ অফিচলৈ ঢাপলি মেলিলে ৷

🖋️চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)