চুটিগল্প-স্মৃতি~ধৃতাশ্রী বৰ্মন

মানুহৰ জীৱনৰ আটাইতকৈ ভাল লগা অনুভুতি স্মৃতি; 
ভাল লগা সময় শেষ হৈ যায়, 
ভাল লগা মানুহবোৰ আঁতৰি যায়, 
মাথো থাকি যায় স্মৃতি নামৰ এক পৃষ্ঠা।
যিবোৰ সুৱৰি কেতিয়াবা নিজৰ ওপৰত অবিশ্বাস জন্মে! এনে অনুভৱ হয়, সেইজনী মইয়েই আছিলোঁনে?? 
সেইদিনা আছিল সন্ধিয়াৰ সময় ঠিক ৪ বাজি ৩০মিনিট মান হৈছিল। মনটো কিবা এটা ভাল লগা নাছিল, বাহিৰৰ পৰিৱেশটো বৰ ভাল লগা, ৰিবৰিবকৈ বতাহ বলি আছে, বেলিটোৱে পুনৰ উভতি অহাৰ প্রতিশ্রুতিৰে বিদায় মাগিছে; 
আৰু সূৰুযৰ হেঙুলীয়া কিৰণে পুখুৰীৰ পানীত পৰি চিকমিকাই আছে; 
ইমান ধুনীয়া এটা পৰিৱেশ। 
আৰু মই এই ধুনীয়া পৰিৱেশৰ কথা পাহৰি অতীতৰ পৃষ্ঠা লুটিয়াই আছোঁ। 
জীৱনটো সচাঁই এক নুবুজা সাঁথৰ। নোপোৱাবোৰ বিচাৰি আমি পোৱাবোৰ হেৰুৱাও। 
সুখ বিচাৰি হাবাথুৰি খাওঁ, কিন্তু সুখে সাৱটি ধৰিলেও আমি আকোৱালি নলওঁ। কিন্তু আজিকালি সকলোবোৰ সলনি হৈ গল। 
নহ'লে আৰু মানুহে মানুহৰ দুখ,কষ্ট, অনুভৱ বুজি নাপায়নে? 
একে মাতৃৰ দুজন সন্তানৰ মাজত কিয় ভেদভাৱ আহে? 
কিয় এজনে আনজনক হিংসা কৰে? 
প্রকৃত বন্ধুত্বৰ মূল্য নোহোৱা হ'ল!! 
প্রেমৰ দৰে স্বৰ্গীয় অনুভূতি একোটাক এতিয়া কোৱা হয় প্রেমে মানুহৰ জীৱন ধংশ কৰে!!
 আৰু কিমান দূৰ উভতি যাম অতীতলৈ?
হঠাতে বতাহ এজাকে মোক চুই গ'ল আৰু তেতিয়াহে গম পালো যে মই অতীতৰ স্মৃতি ৰোমন্থন কৰি আছোঁ। 
সকলোবোৰ আঁতৰি গ'লেও এই স্মৃতিবোৰে আমাক সকলোবোৰ মনত পেলাই দিয়ে এবাৰ। আচলতে আমি সৰু সৰু কথাবোৰৰ পৰা সুখী হবলৈ শিকিব লাগিব। যদি আমি নিজকে সুখী কৰিব বিচাৰোঁ। কেতিয়াবা নিজৰ দায়িত্ব আৰু কৰ্তব্যবোৰৰ বাবে কিছুমান মানুহৰ পৰা আঁতৰি আহিব লগীয়া হয়।
 জীৱনত লগ পোৱা প্রতিজন মানুহৰে পৰা আমি কিবা নহয় কিবা শিকিব পাৰোঁ। 
 হোমেন বৰগোহাঞি দেৱে তেখেতৰ "জীৱনৰ মধুৰতম সময় " নামৰ কিতাপ খনত ৰবীন্দ্ৰনাথৰ 'পৰশ-পাথৰ' কবিতাত এজন সন্যাসীৰ 'পৰশ-পাথৰ'ৰ সন্ধানৰ কাহিনী বৰ্ণনা কৰিছে-- যি পৰশ পাথৰৰ স্পৰ্শত লোও সোণত পৰিণত হয়। সন্ন্যাসীয়ে তেওঁৰ কঁকালত এডাল লোৰ শিকলি ওলমাই লৈছে; আৰু পাথৰ দেখিলেই তাৰে শিকলিডালত ঘঁহি দিয়ে অনেক দিন ধৰি তেওঁৰ এই অন্মেষন চলি আছে, কিন্তু লোহ সোণত পৰিণত নহয়। এনেকৈ কিমান বছৰ পাৰ হৈ গ'ল, তাৰ খবৰ নাই সন্ন্যাসীয়ে পিছত লোহ টুকুৰালৈ চাবলৈকো এৰি দিলে। যন্ত্ৰবৎ তেওঁ পাথৰটুকুৰাৰে লোহডালত ঘঁহি দি একো নোচোৱাকৈয়ে পাথৰ টুকুৰা পেলাই দিয়ে। কিন্তু এদিন হঠাৎ এটা গাওঁলীয়া ল'ৰাই তেওঁক সুধিলে, "সন্ন্যাসী ঠাকুৰ! আপোনাৰ ককাঁলত সেইটো কি বস্তু? 
সোণৰ শিকলিডাল আপুনি ক'ত পালে?"
ল'ৰাটোৰ কথা শুনি সন্ন্যাসীয়ে চক খাই নিজৰ ককাঁললৈ চাই দেখে---হয়! পৰশ-পাথৰৰ স্পৰ্শত লোহ কেতিয়াবাই সোণ হৈ আছে, কিন্তু তেওঁ অন্যমনস্কভাৱে সেই পৰশ-পাথৰ ক'ত কেতিয়া পেলাই দিছে ক'ব নোৱাৰে। সেই পৰশ-পাথৰ জীৱনত তেওঁ আকৌ কেতিয়াবা বিচাৰি পাবনে? 
আমাৰ জীৱন ঠিক এনেকুৱাই সুখবোৰ আকোৱালি ল'ব নাজানো। 
মই যেতিয়া 7/8 বছৰীয়া আছিলোঁ তেতিয়া সম্পৰ্কীয় আইতা এজনীয়ে মোৰ দেউতাক কৈছিল, "তোৰ ছোৱালীজনী ভাল নহ'ব চাগে!" এই কথাটো আজিও মোৰ মগজুৰ খোৰোঙত স্মৃতি হিচাপে সাঁচি থোৱা আছে; 
তেওঁৰ নামটো বাৰু মই নকওঁ। 
তথাপিও এনে বহু কথা আমাৰ গোটেই জীৱনত স্মৃতি নামৰ এক পৃষ্ঠা হিচাপে সজাই থোৱা থাকে। 
এনেকুৱা বহুতো লোকৰ মুখৰ পৰা ওলোৱা এনেকুৱা বিষাক্ত কথাৰ ফলত যদিও আমাৰ বেয়া লাগে তথাপিও এইসকলৰ পৰা আমি জীৱনত আগবাঢ়ি যোৱাৰ নতুন এক ৰাস্তা বিচাৰি পাওঁ। 

   ✍ধৃতাশ্রী বৰ্মন
        কামৰূপ মহাবিদ্যালয় চামতা,নলবাৰী,

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send