শিক্ষাগুৰুসকল,
সকলোকে জনালোঁ
মোৰ সশ্ৰদ্ধ প্ৰণাম।
জীৱনতো তেতিয়ালৈ
অৰ্থহীন আছিল,
যেতিয়ালৈ মোৰ জীৱনত
আপোনালোক নাছিল।
জীৱনৰ প্রতিটো ক্ষণ
ভূল আছিল,
যেতিয়ালৈ আপোনালোকৰ পৰা
জ্ঞান পোৱা নাছিলোঁ।
মোৰ জীৱন আছিল
অন্ধকাৰময় এক কোঠা,
মমবাতি হৈ পোহৰ দিছিল
সেই জীৱন কোঠাত।
বক্তৃতা দিয়াৰ ইচ্ছা
পূৰণ হৈছিল,
আপোনালোকৰ উৎসাহ
আৰু আশীৰ্বাদত।
নোৱাৰোঁ বুলি
ভয় খোৱা মইজনী,
আপোনালোকে দিয়া সাহসত
আগবাঢ়ি গৈছিলোঁ।
জীৱনৰ প্রথমটো সপোন
পূৰণত ব্যাৰ্থ হৈছিলোঁ,
কিন্তু জীৱনৰ উচ্চতম শিখৰ
দেখুৱাইছিল আপোনালোকে।
জীৱনতোত আপোনালোকৰ
বহুমূলীয়া অৱদান আছে,
অৰ্থহীন জীৱনতো
অৰ্থপূৰ্ণ কৰি তুলিছিল।
অশ্রু ভৰা চকুযুৰী
সদায় হাঁহি থাকিবলৈ
শিকাইছিলঁ।
হে মোৰ মহান শিক্ষাগুৰু সকল
মোৰ জীৱনত আপোনালোকৰ
এক সুকীয়া স্থান আছে
চিৰ জীৱন আপোনালোকৰ
ওচৰত ঋণী হৈ ৰ'ম।
✍ধৃতাশ্রী বৰ্মন, কৈঠালকুছী, নলবাৰী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ