নিশব্দ স্তুতি-জ্ঞানদ্বীপ বৰুৱা

Rinku Rajowar
0
বহুত আশা ক'ত অযুত সপোন।
মোৰ ঔৰসত উপজা বুকুৰ আপোন।।
তই দুটি তৰাৰ এটি জোন।
কপাহী কোমল অমূল্য সোণ।।


নহবি তই আনৰ দৰে ।
যি স্বাৰ্থলোভী আৰু নিজ স্বাৰ্থত মৰে।
নলবি তই যান্ত্ৰিকতাৰ পথ।
য'ত মানুহে সময়ৰ পাছতহে দৌৰে।।


অধীৰ আগ্রহেৰে  আছো ৰৈ।
বুকুত এটি আশা লৈ।
উজলাবি দেশৰে মান।।

নাযাবি দূৰলৈ ।
বিদ্ৰোহী হ'বলৈ।
নলবি মানৱৰ প্ৰাণ।।

✍️জ্ঞানদ্বীপ বৰুৱা (মৃন্ময়)
ঠিকনা--খনিকৰ,ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)