অভিনন্দনৰ সুখ-দুখ-পৰেশ দাস

জীৱন মানেই যন্ত্ৰণা,
যন্ত্ৰণাৰ আন এক নামেই জীৱন।
জীৱনৰ নাম সংগ্ৰাম,
সংগ্রামেৰে পাৰ হয় জীৱন। 

এই সংগ্ৰামী জীৱনত বিভিন্ন সময়ত আমি অভিনন্দনৰ সন্মুখীন হওঁ। কোনোবাই মেট্ৰিক পাছ কৰিলে আমি অভিনন্দন জনাওঁ। কোনোবাই বিয়া পাতিছে তেতিয়াও অভিনন্দন জনাওঁ। কোনোবাই দৌৰি বিশ্ব ৰেকৰ্ড কৰিছে তেতিয়াও অভিনন্দন জনাওঁ। মুঠতে অভিনন্দন নিদিয়াকৈ নাথাকোঁ । কিন্তু এইবুলি সকলোৱে যে অভিনন্দন দিয়ে মানি ল'বলৈ টান। নিজেই কৰি দেখুৱাব নোৱাৰা নাইবা মানুহজনক বেয়া পোৱা কাৰণতো বহুতে অভিনন্দন দিয়াৰ পৰা আঁতৰি থাকে। 
     অভিনন্দনৰ সুখ যেনেকৈ থাকে দুখো নথকা নহয়। কাৰণ সুখ থাকিলে দুখ থাকিবই। 
      বিফল মানেই শেষ নহয়। কিন্তু বিফল মানুহক অভিনন্দন দিয়া আপুনি কাহানিও নেদেখে। আপুনি কাহানিও হয়তো নাভাবে এজনে ভাল ফলাফল কৰাৰ কাৰণে অভিনন্দন দিওঁতে কাষৰজনৰ কি অৱস্থা হ'ব পাৰে। বিফলতাত সেমেকি উঠা মুখখন এবাৰলৈ চাবলৈও সময় আপোনাৰ হাতত নাথাকে। 
      আপুনি জানেনে অভিনন্দনৰ বাবে এজনে যিমান সুখ অনুভৱ কৰে,সেই একেই অভিনন্দনৰ বাবে আন এজন হতাশাত ভোগে। সেয়ে অভিনন্দন জনাওঁতে সজাগ আৰু সাৱধান হ'ব। যাতে আপোনাৰ অভিনন্দনে দুয়োজনকে সমানে সুখী কৰিব পাৰে।


লেখক:-পৰেশ দাস,ঢকুৱাখনা
ফোন:-৭৬৩৮০০১৮২৮

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send