বহাগৰ এশ এবিধ শাক পাচলি-যদুমনি গগৈ

Rinku Rajowar
0
মনোৱা,বন-আমলখি পালেং পদুম 
কেহৰাজ গাখীৰতি ব্ৰাক্ষ্মী খুতুৰা ।
নেফাফু পনৌনৌৱা টিকনী বৰুৱা 
কচু ঢেকীয়া নৰসিংহ হাতী খুতুৰা ।
লাইজাবৰি,বাহক দোৰোন টেঙেচী
পচতীয়া পিয়ালী পালেং আৰু হেলচী ।
বনজালুক ভেদাইলতা মহানিম চেংমৰা 
ৰঙালাউ আগ থেৰেজু শোকোতা ধতুঁৰা ।
কুকুৰাঠেঙীয়া টুবুকীলতা পিয়ালী কুঁৱলী,
পিয়াজ আলু দুবৰি মেথি কোৱা ভাতৰী ।
বিহলঙনী ভাঙৰআগ বেতগাজ কলমৌ
মানধনিয়া জিলমিল পদিনা মছন্দৰী ।
কঁঠালৰ মুচি জেটুলিপকা সৰিয়হ চিৰতা
দুপৰটেঙা মাটি কাঁদুৰি মেটেকা মৰিচা ।
শেৱালিফুল বেঙেনা মধুসোলেং ধনিয়া 
জাতিলাউ লাইশাক লৰবৰুৱা আগ জলকীয়া ।
মানিমুনি শুকলতি পিপলি পচলা
ভেকুৰিতিতা গৰা জালুক মৰলীয়া ভেট 
বৰমানিমুনি আমৰমল পুৰৈ ভাকুৱা ।
ঢেৰুৱা চুকা বহমথুৰি বিশল্যকৰণী
হাৰঘুনুচা ননি বিন্দাবন মালভোক ।
বিয়নি মাকুটা কেৰেলা বৰঠেকেৰা অশোক 
গৰুখিচ কেঞাবন তিল ফুটকলা ।
সোনবৰিয়াল তিয়ঁহ হেলিম শোহনী তুলসী 
কাচিপকা বাজুপকা টেঙামৰা আৰু লেহেতী।।
       
          
                      🖋️যদুমনি গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)