নীলা খামৰ চিঠি-দীপ্তি কুমাৰ

Rinku Rajowar
0
স্বৰ্গগামী হোৱা ভগ্নীলৈ দুৰ্ভগীয়া ভগ্নীৰ চিঠি 

মৰমৰ বাইদেউ, 
            মৰম আৰু সেৱা গ্ৰহণ কৰিবা। তোমাৰ মৰম আৰু আশীৰ্বাদত মই বৰ্তমান কুশলে আছোঁ। 
      
      কৰ পৰা আৰম্ভ কৰিম ভাবি পোৱা নাই। তোমাৰ কথাবোৰে বৰকৈ আমনি কৰে অ' বাইদেউ। তোমালৈ প্ৰতিটো ক্ষণতে বহুত মনত পৰি থাকে অ' বাইদেউ।ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুবৰ সময়লৈকে...  প্ৰতিটো ক্ষণতে তোমাৰ অভাৱ বাৰুকৈ অনুভৱ কৰোঁ। তোমাৰ  অবিহনে সকলো আধৰুৱা অ' বাইদেউ। তুমি মোৰ জীৱনৰ আদৰ্শ আৰু সাহস আছিলা, তুমি মোৰ প্ৰেৰণা আছিলা, এতিয়া তোমাৰ অবিহনে সকলো অন্ধকাৰ। তোমাৰ অবিহনে জীৱন বাটত থমকি ৰব লগা হয় মূহুৰ্তৰ বাবে। তথাপি তুমি শিকাই যোৱা নীতি আদৰ্শবোৰ মানি খোজ দিছোঁ জীৱনৰ অচিনাকি বাটত।

          তোমাৰ লগত পাৰ কৰা প্ৰতিটো মুহূৰ্তই বৰ আমনি কৰে। হাঁহি - ধেমালিৰে পাৰ কৰা প্ৰতিটো দিন এতিয়া যে স্মৃতিত পৰিণত হ 'ল। সোণোৱালী দিনবোৰ যে এতিয়া তুমি অবিহনে স্মৃতি হৈয়ে ৰব।পিছে তুমি চিন্তা নকৰিবা মই তোমাৰ স্মৃতিবোৰকে লগৰী কৰি জীৱন পথত আগুৱাই যাম। তোমাৰ সপোন বোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিম। 

      তোমাৰ কথা মনত পৰিলে বুকুখন বৰকৈ বিষায় অ' বাইদেউ। তোমাক আকৌ লগ পাবলৈ, তোমাক এবাৰ চাবলৈ বৰ মন যায় অ', মনটোৱে হাহাকাৰ কৰি ফুৰে তোমাৰ লগত কথা পাতিবলৈ। কিন্তু এতিয়া যে আমাৰ সপোনত হে দেখা হয়। তুমি লিখা কবিতাবোৰৰ মাজত, তুমি গাই ভাল পোৱা গীতবোৰৰ মাজত তোমাক বিচাৰি মনটোৱে হাহাকাৰ কৰি ফুৰে। 

   তোমাৰ কথা এনেকৈ লিখি শেষ কৰিব নোৱাৰি। তোমাক মই কেতিয়াও পাহৰিব নোৱাৰিম। তোমাক আমাৰ মাজত সদায় জীয়াই ৰাখিম। তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক। 

     আজিলৈ ইমানেই। লিখিব লগা বহুত আছিল কিন্তু মই আৰু লিখিব নোৱাৰিম। তোমাৰ কথা ভাবিলেই দুচকু নিগৰি আহে। শেষত তোমালৈ বহুত মৰম যাচিলোঁ।। 

          ইতি
তোমাৰ দুৰ্ভগীয়া ভগ্নী


                     ✍️দীপ্তি কুমাৰ 
                      পদ্মাঝাৰ(দৰং)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)