মাজনিশাৰ হুমুনিয়াহ-জহিৰুল ইছলাম

Rinku Rajowar
0
আবেগবোৰ যেতিয়া গুজৰি উঠে
শব্দবোৰে পাতে প্ৰতিবাদৰ মিছিল
আৰু অনুভৱে--?
অনুভৱে আঁকে 
অনুভৱৰ উকা পৃষ্ঠাবোৰত বাস্তৱতাৰ নাঙঠ ছবি ।

কিয়বা!
নাজানো--
নিলিখো বুলিও পূৰ্ণ হয় নিলিখিবলগীয়া বহু পৃষ্ঠা
নীৰৱতাৰ সান্নিধ্যত কলমডালেও উচুপে কেতিয়াবা
মাজনিশা নতুবা শেষ নিশালৈ।

ভালেদিন পাৰ হ'ল লিখা নাই কবিতা
কবিতাবোৰ এতিয়া ব্যস্ততাৰ সীমান্তত
ডুব যোৱাৰ কচৰৎ
নাজানো শব্দৰ জালত আকৌ আবেগবোৰ 
উথলি উঠিব নে, নুঠে সজালধৰা তৰা হৈ
হৃদয়ৰ নীলিম আকাশত।

তথাপি কিয় জানো
তুমি ভাল নোপোৱা বাবেই লিখোঁ নে,
ভাল পোৱা বুলিয়েই লিখোঁ,
নেজানো সঠিক
মাথোঁ জানো
অৱজ্ঞাবোৰে যেতিয়া ৰূপ লয় চাহিদাৰ 
অনুভৱক কৰি তোলে বেপৰোৱা
শব্দৰ ভিৰত তেতিয়া শব্দবোৰে আঁকে  
মোৰ ছন্দহীন জীৱনৰ তেজৰঙা শলিতা।

শব্দবোৰ আছে বাবেই হয়তো 
তোমাৰ বাবে আকোঁ কবিতাৰ মনালিছা
অনুভৱ বগাই আৰোহণ কৰোঁ প্ৰেমৰ শৃংগ"
সপোনৰ ভেঁটিতে গজাই তোলো প্ৰেমৰ কঠিয়া
যদিও তুমি আৰু তোমাৰ চাহিদা এক দুঃস্বপ্নৰ তেজাক্ত দলিচা ।

🖋️জহিৰুল ইছলাম, গোৱালপাৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)