মা তুমি মোক এৰি ক'লৈ গৈছিলা নো
কিয় তুমি মোক ঘৰত অকলে এৰি থৈ গৈছিলা?
তোমাৰ মোক লগত লৈ যাবলৈ এবাৰো মনত নপৰিলে নে?
তুমি পাহৰিলা নেকি মা
আজিৰ এই পৃথিৱীৰ অলিয়ে-গলিয়ে কিমান আছে মানৱ ৰূপী দানৱ।
যাৰ নাম দিছে সমগ্ৰ বিশ্বই নৰপিশাচ নৰখাদক।
মা মই এটা কথা বুজি নাপাঁও যি নাৰীৰ অবিহনে পুৰুষৰ কোনো অস্তিত্ব নাই
তাৰ পাছতো সেই নাৰীকেই আকৌ কামনাৰ বলি সজাই।
বাঘৰ হিংস্ৰ নখৰ দৰে
টানি-আঁজুৰি সৰ্ব শৰীৰ তেজেৰে তুমুৰালী কৰি পেলাই।
মা মোৰ লগত যেতিয়া সিহঁতে টানি-আঁজুৰি ঘৃণনীয় কৰ্ম কৰিছিলে
মোৰ লগত যেতিয়া সিহঁতে মৃত্যুৰ তাণ্ডৱ খেলিছিলে
তেতিয়া মোৰ বৰ অসহ্য লাগিছিলে
উশাহ বোৰ বাৰে-বাৰে চুটি হ'বলৈ ধৰিছিলে।
মই বৰ কষ্ট পাইছিলো মা।
মই বুজি পোৱা নাছিলো
মোৰ লগত সিহঁতে কিয় এনেকুৱা কৰিছে?
মইটো তেওঁলোকৰ ভগ্নী বা সন্তানৰ দৰেই
নিজৰ ভগ্নী বা সন্তানক জানো কোনোবাই নিলৰ্জ্জ কৰ্ম কৰে?
বৰ কষ্টকৰ হৈছিল জীয়াই থকাৰ
উশাহ বোৰ আগতকৈও চুটি হৈ আহিছিল
যেতিয়া মই এই সুন্দৰ পৃথিৱীৰ পৰা মেলানি মগাৰ সময় হৈ পৰিছিলে
তেতিয়া তোমাৰ মুখখন
মই সজোৰে মেলি ৰখা দুচকুৰ আগলৈ বাৰে বাৰে ভাহি আহিছিল মা।
প্ৰাৰ্থনা কৰিছিলো ভগৱানক মনৰ ভিতৰতে
ভগৱান মোক বছোৱা
মোৰ মা-দেউতাক সোনকালে মোক বছাবলৈ পঠিয়াই দিয়া
নুশুনিলে মোৰ অনুৰোধৰ কাতৰ চিঞৰ নিষ্ঠুৰ ভগৱানে।
দুগালে দুধাৰি শেষ বাৰৰ বাবে অশ্ৰু বৈ আহিছিলে।
ভাৱনা আহিছিলে মনলৈ
মা নাপালো দেখা অন্তিম সময়ত তোমালোকৰ মৰমৰ মুখনি।
আৰু কাহানিও নাপাম ছাগে।
মাগিলো বিদায় মা চিৰদিনৰ বাবে
এটি কষ্টকৰ জীৱন লৈ
কাৰোবাৰ উন্মাদ কামনাৰ বলি হৈ।
দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ