সুস্থ মগজুৰ অধিকাৰী ।
আমি ৰণুৱা
দৌৰাইছোঁ ৰণৰ তেজাল ঘোঁৰা ।
আমি সাহসী
খোজ কাঢ়িছো কাঁইট গচকি গচকি ।
আমি সংগ্ৰামী
জীৱন পথত নপৰো ভাগৰি ।
আমি বিশ্বাসী
অচিনাকীজনকো সহজে কৰিছোঁ আপোন ।
আমি পবিত্র মনৰ অধিকাৰী
লোকৰ কটুকথাই নোৱাৰে আমাক কৰিব লটি-ঘটি ।
আমি মৰমৰ ভিক্ষাৰী
মৰমৰ মাত এষাৰ বিচাৰি খাই আছোঁ হাবাথুৰি ।
আমি সংযমী
নামাৰোঁ কথাৰ ফুলজাৰী ।
আমি স্বাভিমানী
আত্মসন্মান ৰাখিম জীয়াই মৃত্যুক্ষণলৈ ।
আমি আশাধাৰী
জীয়াই আছোঁ আশাৰ পৃথিৱীত ।
আমি স্বপ্নাতুৰ
নিতে ৰচোঁ ন ন স্বপ্ন ।
আমি মৃত্যুমুখী
মৃত্যু চিৰন্তন সত্য মানিছোঁ নিসংকোচে ।
আমি আলোকসন্ধানী
আলোকৰ দিশেে আমাৰ গতি।
আমি মানুহ
✍️সবিতা দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ