শব্দ স্তব্ধ হ'ল ,
জীৱন যুদ্ধক্ষেত্ৰত বিজয়ী
মহীৰূহজন গ'লগৈ !
পাৰ্থিৱ জগত এৰি
কথাশিল্পীজন
হঠাৎ অজান পথত খোজ দিলে ।
জাতি সত্বাৰ অভিভাৱক,
সংগ্ৰামী জীৱনৰ পৰিব্ৰাজক,
সাহিত্যৰ কাণ্ডাৰীজন আজি আৰু নাই।
এই পূণ্যাত্মাৰ নিশ্বাস শেষ হ'ল
সময়ে উচুপি ৰ'ল ,
সাংবাদিক জগতৰ অভিভাৱক
আমাৰ মাজৰ পৰা হেৰাল।
ঢকুৱাখানাৰ সেই
ওপজা গাওঁ খন ম্ৰিয়মান,
চাৰিকুড়িয়া নদীখনে
এই খবৰ পাই নিৰৱে উচুপিছে ।
কলমত প্ৰাণ আছিল,
উজাগৰি নিশা শব্দ লিখিছিল,
আজি শব্দ স্তব্ধ হ'ল,
তেখেত আৰু লিখিবলৈ নাহে
দুৰন্ত সাহসেৰে
বিভিন্ন নৰক এৰি
বাচি লৈছিল অনিশ্চিত জীৱন।
দুৰ্যোগত সাঁতুৰিছিল ,
সমস্যাই ঘেৰি ধৰিছিল--
কিযে এক দুৰ্ল্লভ জীৱন আছিল !
স্পষ্টবাদী,
নিয়মানুৱৰ্তিতা
জীৱনৰ ব্ৰত আছিল ।
আৱেগত অনুৰক্ত আছিল ,
বেদনাত ভুগিছিল
ঐশ্বৰ্য বিভূতিৰ মোহান্ধ নাছিল।
তীক্ষ্ণ জ্ঞানসম্পন্ন
অধ্যয়নপুষ্ট ,
এই মহীৰূহজনৰ স্মৃতি শক্তি
বৰ প্ৰখৰ আছিল ।
সাংবাদিকতাৰ সংবাদে
সকলোৰে হৃদয় চুইছিল,
প্ৰেৰণাৰ উৎসাহত বহুজন
উদ্ভাসিত হৈছিল
সাহিত্যৰ ভাণ্ডাৰ চহকী কৰিছিল ।
এই সাহিত্যিক গৰাকী
আজি আৰু নাই ,
নিৰলে নিস্তব্ধে প্ৰজ্ঞাৰ সাধনা এৰি
প্ৰশান্তি ধামলৈ
নিৰলে নিঃশব্দে জিৰাবলৈ গুচি গ'ল।
✍️অনন্ত কুমাৰ ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ