সূৰ্যৰ হেঙুলীয়া পোহৰত গুলপীয়া কাপোৰযোৰৰ সৈতে তাতশাঁলত বহি মূগা ৰঙৰ ৰিহাত ৰঙা , নীলা, সেউজীয়া ৰঙৰ সংমিশ্ৰণেৰে কেচ্ বাচি থকা নিয়ৰমাই লগৰীজনীৰ মাত শুনি চক্ খাই উঠি গ'ল নীলাক্ষীৰ ওচৰলৈ । "অ' তই? ইমান দিন পিছত আহিলি যে , বল ভিতৰতে বহিবিগৈ।" দুয়ো বহু উল্লাসেৰে ভিতৰলৈ সোমাব লৈছিলহে মাত্ৰ ,তেনেতে খুৰীয়েক ভিতৰৰ পৰা ওলাই আহি নিয়ৰমাৰ বিবাহ বিচ্ছেদকলৈ নানা ধৰণে ইতিকিং দিয়া আৰম্ভ কৰিলেই , দুবেলা দুমুঠি খাবলৈ দি যেন বহুত ডাঙৰ উপকাৰহে কৰে খুৰীয়েকে! আনদিনাৰ দৰে আজিও নিয়ৰমাই নিমাত। তাই জানো জানিছিল তাই আপোন কৰি লোৱা মানুহজনেই তাইক প্ৰতাৰণা কৰিব বুলি! কল্পনাই কৰা নাছিল এই অন্ধকাৰাছন্ন জীৱনটি । নিৰুপায় নিয়ৰমাই তাঁতশালৰ কাষতে লাগি থকা শুৱা কোঠালিলৈকে নীলাক্ষীক আদৰি নিলে । নীলাক্ষীয়েও সেইদিনাহে ভালকৈ বুজি পালে যে মানুহে সচাঁকৈ বহুত পৰীক্ষা দিব লগা হয় জীৱনৰ যুদ্ধত জয়ী হ'বলৈ । সকলোৱে নাপাই সকলো সুখ , স্নেহ। এয়াই হয়তো ভাগ্যৰ লিখন ।
✍️স্বাতী জয়ছোৱাল,ডিব্ৰুগড়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ