প্ৰত্যাহ্বান-শ্ৰুতাৰ্থা ভাগৱতী

পোহৰ গুচি 
নামি আহে এন্ধাৰ, 
অযুত,অৰ্বুদ স্বপ্নৰ সন্মুখত
থিয় দিয়ে প্ৰত্যাহ্বান।

ৰুদ্ধ হৈ পৰে শ্বসন,
ক্লান্ত হয় বদন।
বিষন্ন এই সময় ,
নিয়তিৰ কি বিলয়।
   
থমকি ৰয় খোজ
মনটোও যে অবুজ।
এন্ধাৰতো চমকে আশা,
প্ৰত্যাহ্বানটো যেন আনন্দৰ ছায়া।
 
✍️শ্ৰুতাৰ্থা ভাগৱতী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send