কুৱেনী-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
২০১৭ চনত শ্ৰীলংকা ভ্ৰমণকালত কলম্বোস্থিত যাদুঘৰত দেখাএখন কেনভাছে মোক বৰকৈ আকৰ্ষিত কৰিছিল ৷ এগৰাকী সুন্দৰী ৰমণীয়ে যঁতৰত সূতা কাটি থকা কেনভাছখনৰ তলত লিখি থোৱা কুৱেনি নামটোৰ পমখেদি তলৰ কিম্বদন্তিত কাহিনীটো লিখি যুগুতালো ৷

জনপ্ৰবাদ মতে বঙ্গৰ ৰজা আৰু কলিঙ্গৰ ৰাজকুঁৱৰী মায়াৱতীৰ ঔৰসজাত এজনী সুন্দৰী কন্যা জন্ম হৈছিল ৷ চুপ্পাদেৱী নামেৰে খ্যাত বঙ্গ ৰাজকুমাৰী জনী বহু জেদী আৰু স্বাধীনমনা আছিল ৷ এদিনাখন ৰাজকুমাৰী চুপ্পাদেৱীয়ে অকলশৰে কলিঙ্গৰ পৰা  মগধলৈ গৈ থাকোঁতে লালা নামৰ জংগলখনৰ সিংহ নামৰ এজন  পাহাৰীয়া দৈত্যৰ মুখামুখি হ'ল ৷ সিংহ নামৰ দৈত্য জন মানুহৰ দৰেই আছিল যদিও দেখাত ভয়কৰ আৰু পৰাক্রমী আছিল ৷ দৈত্য সিংহই চুপ্পাদেৱীক অপহৰণ কৰি গভীৰ জংগলৰ এটা গুহাত আবদ্ধ কৰি ৰাখিলে ৷ কালক্ৰমত চুপ্পাদেৱী দৈত্য সিংহৰ কবলত অন্তঃসত্বা হৈ এহাল যজা লৰা-ছোৱালী জন্ম দিলে ৷ চুপ্পাদেৱীয়ে গুহাৰ ভিতৰত আৱদ্ধ  অৱস্থাত জন্ম পোৱা লৰা-ছোৱালী হালৰ নাম ৰাখিছিল ক্রমে সিংহবাহু আৰু সিংহাসীবালি ৷ সিংহবাহুৰ ষোল্লবছৰ মান বয়সত এদিনাখন চুপ্পাদেৱীয়ে সিংহৰ অনুপস্থিতিত লৰা-ছোৱালী দুয়োটাকে নিজৰ আচল পৰিচয় ডেদ ভাঙি কোৱাত সিংহবাহুৱে ক্ৰোধাম্বিত হৈ গুহাৰ মুখত জাপি থোৱা শিলচটা অতৰাই মাক,ভনীয়েক আৰু নিজকে বাপেকৰ কৰায়ত্বৰ পৰা মুকলি কৰি বঙ্গ ৰাজ্যৰ পিনে ধাপলি মেলিলে ৷ বঙ্গ ৰাজ্যত উপস্থিত হৈ ৰজাৰ সেনাপতিক সকলোবোৰ ভাঙি পাতি কোৱাত তিনিও জনকে অভয় দি বঙ্গ ৰাজ্যৰ ৰজাৰ ওচৰলৈ লৈ যোৱা হ'ল ৷ পাছত সেনাপতি জনে চুপ্পাদেৱীৰ পানি গ্ৰহণ কৰে বুলিও কথিত আছে ৷ ইফালে দৈত্য সিংহই নিজৰ পত্নী আৰু সন্তানক হেৰুৱাই ক্ৰোধাম্বিত হৈ বঙ্গ ৰাজ্যৰ ওপৰত আক্ৰমণ চলাবলৈ ধৰিলে ৷ অৱশেষত ৰজাৰ অনুৰোধত সিংহবাহুএ ধৃত দৈত্য সিংহক ৰধ কৰি মাকৰ অপমানৰ পোতক ল'লে ৷ তেনে সময়তেই বঙ্গৰজাৰ মৃত্যু হোৱাত দেশৰ জনগনে  সিংহবাহুক ৰজা হিচাপে বিচাৰিছিল যদিও খতিয়া বাপেকৰ হাতত বঙ্গ ৰাজ্যৰ শাসন ভাৰ গটাই দি নিজৰ ভনীয়েক  সিংহাসিবালিক পত্নী গ্ৰহন সিংহবাহু নিজৰ জন্ম স্থানলৈ উভতি গ'ল ৷ নিজৰ পৰাক্রম আৰু পাৰদৰ্শিতাৰ বলত সিংহবাহুৱে সিংহপুৰ ( বৰ্ত্তমানৰ পশ্চিম বংগৰ শিংগুৰ বুলি অনুমান কৰা হয় ) ৰাজ্যৰ প্ৰতিষ্ঠা কৰে ৷ কথিত আছে সিংহবাহু আৰু সিংহাসিবালিকাৰ ৩২টা যমজ লৰা সন্তানৰ জন্ম হৈছিল ৷ পাছে জেষ্ঠপুত্র বিজয়ৰ উৎপাতত অতিষ্ঠ হৈ ৰজা সিংহবাহুৱে ৰাজকুমাৰ আৰু তেওঁৰ ৭০০ জন অনুগামী প্ৰজাক দেশান্তৰিত কৰিবলৈ নিৰ্দেশ দিব লগীয়াত পৰিছিল ৷ ৰজাৰ আদেশমৰ্মে ৰাজকুমাৰ বিজয়ৰ লগতে অনুগামী প্ৰজা সকলৰ চুলি আধা কাটি, তেওঁলোকৰ তিৰোতা সকল, আৰু সন্তানবোৰক বেলেগ বেলেগ জাহাজত তুলি বঙ্গোপসাগৰৰমাজত এৰি দিছিল ৷ সাগৰৰ ঢৌৱে লৰা ছোৱালীৰ জাহাজবোৰ নাগদ্বীপ আৰু তিৰোতাসকলৰ জাহাজ পোৱাইছিল গৈ মহিলাদীপ'কা নামৰ এখন ঠাইত ৷  কিন্ত ৰাজকুমাৰ বিজয় আৰু অনুগামীসকলৰ জাহাজ আহি লংকাৰ তাম্বপানী নামৰ সাগৰীয় পোতাশ্ৰয় এটাত উপস্থিত হৈছিল ৷ জন প্ৰবাদমতে সেই দিনাখনেই শাক্যমুনি গৌতম বুদ্ধৰো মহাপ্ৰয়াণ ঘটিছিল ৷ স্বৰ্গত উপস্থিত হৈয়েই মহাত্মা বুদ্ধই মহাৰাজ ইন্দ্ৰক ৰাজকুমাৰ বিজয়ৰ সুৰক্ষা কৰিবলৈ অনুৰোধ কৰিছিল ৷ অনুৰোধমৰ্মে মহাৰাজ ইন্দ্ৰই উপলৱন নামৰ এজন দেৱতা ৰাজকুমাৰ বিজয়ৰ প্ৰতিৰক্ষাৰ ভাৰ দিয়ে ৷ বৰুন দেৱতাৰ সহায়ত উপলৱনে বিজয়ৰ হাতত মন্ত্ৰপুত কবচসুতা বান্ধি দিছিল ৷
ৰাজকুমাৰ বিজয় আৰু অনুগামীসকলে জাহাজৰ পৰা নামি পোতাশ্ৰয়টোত ভৰি দি জনবসতিৰ উমান ল'বলৈ বুলি ইফালে সিফালে চকু ফুৰাই থাকোতে এটা কুকুৰ ঘুৰি থকা দেখিলে ৷ ৰাজকুমাৰৰ পৰা আদেশলৈ অনুগামীসকলৰ মাজৰ পৰা এটা দলে মানুহৰ জনবসতিৰ সম্ভেদ লবলৈ কুকুৰটোৰ পাছে পাছে খোজ দিলে  ৷ বহুত সময়ৰ পাছতো দলটো উভটি নহাত ৰাজকুমাৰ বিজয়ে বাকীসকল অনুগামীকো তেওঁলোকৰ সম্ভেদ উলিয়াবলৈ পঠিয়াইদিলে ৷ বহু বেলিৰ মুৰকত এজনো অনুগামী ঘুৰি নহাত ৰাজকুমাৰ চিন্তিত হৈ জাহাজৰ পৰা নামি পোতাশ্ৰয়ৰ হাবিখনৰ ফালে আগুৱাই গ'ল ৷ কিছুদুৰ যোৱাৰ পাছত জংঘলৰ মাজত অন্তৰ্বাস পৰিহিত এজনী সুন্দৰী ৰমনীয়ে যঁতৰত সুতা কাটি থকা দেখিলে ৷ আগতে দেখা কুকুৰটোকো ওচৰতে দেখা পাই ৰাজকুমাৰ মনটো চেবাবলৈ ধৰিলে  ৷
যঁতৰত সূতা কাটি থকা ৰমনীজনী আছিল যক্ষ নগৰী চিৰিচাবত্থুৰ যক্ষ ৰজাৰ ৰাজকুঁৱৰী কুৱেনি ৷ যক্ষিনী কুৱেনিয়ে মায়াজালেৰে পোতাশ্ৰয়ত আহি উপস্থিত হোৱা  অন্য দেশৰ ৰজা বা বনিজ সকলক বশ কৰি ৰাখিছিল অথৱা মাৰি পেলাইছিল ৷ কিন্ত ৰাজকুমাৰ বিজয়ৰ  হাতৰ ঐশ্বৰিক কবচটোৰ কাৰণে কুৱেনিএ তেওঁৰ একো ক্ষতি কৰিব নোৱাৰিলে ৷ ওলোটাই বিজয়ৰ প্ৰভাৱশালীতা আকৰ্ষিত হৈ কুৱেনিয়ে ৰাজকুমাৰ বিজয়ৰ প্ৰেম নিবেদন কৰিলে ৷ ৰাজকুমাৰ বিজয়ে আনন্দমনেৰে কুৱেনিৰ পানি গ্ৰহণ কৰি নিজৰ অনুগামীসকলক ঘুৰাই পালে  যক্ষিনী কুৱেনিৰ সহায়ত  ৰাজকুমাৰ বিজয়ে  যক্ষ নগৰী চিৰিচাবত্থু ধ্বংস কৰি সিংহল ( বৰ্তমানৰ শ্ৰীলংকাৰ ) ৰাষ্ট্ৰৰ প্ৰতিষ্ঠা কৰে ৷ ভাৰতীয় মূলৰ মহাৰাজ বিজয়ে খ্ৰীষ্টপূৰ্ব ৫৪৩ ৰ পৰা ৫০৫ চনলৈ শাসন কৰিছিল বুলি ঠাৱৰ কৰা হয় ৷ মহাৰাজ বিজয় আৰু কুৱেনিৰ ঔৰসজাত দুটা সন্তানো জন্ম হৈছিল ৷ কিন্ত সেই সময়ত চক্ৰবৰ্তী ৰজাৰ খ্যাতি লাভ কৰিবলৈ মহাৰাজ বিজয়ৰ ক্ষত্ৰিয়কূলৰ কন্যা বিবাহ কৰোৱাটো বাঞ্ছনীয় আছিল ৷ সেই সূত্ৰেই মহাৰাজ বিজয়ে ভাৰতৰ পান্ডু ৰজাৰ দুহিতাৰ পানি গ্ৰহণ কৰাৰ ক্ষোভত কুৱেনিযে বিজয়ক ত্যাগ কৰি পিতৃৰ ৰাজ্য লংকাপুৰলৈ গুছি গৈছিল ৷ পাছে জাতিদ্ৰোহৰ অপৰাধত যক্ষ সকলে কুৱেনিক হত্যা কৰে ৷
মহাৰাজ বিজয়ৰ দ্বিতীয়া পত্নী নিঃসন্তান হোৱাৰ বাবে  মহাৰাজ বিজয়ৰ মৃত্যুৰ পাছত ভাৰতীয় মূলৰ নিজৰ যমজ ভাতৃ চমিট্টৰ পুত্ৰ পান্ডুবাসুদেৱে সিংহলৰ শাসনভাৰ হাতত তুলি লৈছিল ৷

বি: দ্ৰ:  ভাৰতৰ অজন্তাৰ গুহাৰ ভিতৰত অংকিত চিত্ৰসমূহৰ মাজত সিংহবাহু আৰু মহাৰাজ বিজয়ৰ বহ তথ্য সম্বলিত আছে ৷

✍️চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)