মোৰ জীৱনত এনে হৈছিল :নাটকীয় পৰিস্থিতি~মনৰ কথা-বাণীকান্ত লহকৰ

©Admin
0
কিছুমান এনেকুৱা ঘটনা ঘটে যাক জীৱনত পাহৰিব নোৱাৰি । তেনে এটি ঘটনা আচলতে ঘটনা নকৈ দুৰ্ঘটনা বুলিব পাৰি ।২০০০ চনৰ কথা
নুনমাটি গোপাল নগৰ যুৱক সংঘৰ সাংস্কৃতিক সম্পাদক হিচাপে স্ব ৰচিত একাঙ্কিকা নাটক"আমিও নাটক কৰিম" উত্তৰ নুনমাটি সাৰ্বজনীন দুৰ্গা পূজা উপলক্ষে অনুষ্ঠিত একাঙ্কিকা নাট প্ৰতিযোগিতাত মঞ্চস্থ কৰি উঠাৰ পিছতেই, ওচৰৰ আন এখন নগৰৰ সংঘৰ লʼৰা কিছুমানে মোৰ লগত দুৰ্ব্যৱহাৰ কৰে ।
আনকি মোৰ নাটকখনো মোৰ নিজৰ নহয় বুলি আৰু তেওঁলোকৰ লগত কিয় অভিনয় নকৰিলোঁ তাৰ বাবে তৰ্কাতৰ্কি কৰে । অথচ এদিন দুদিন তেওঁলোকৰ লগত আখৰা কৰাৰ পিছতে মই স্পষ্ট ভাৱে জনাইছিলো যে আমাৰ সংঘৰ তৰফৰ পৰা নাটক কৰিম, গতিকে তেওঁলোকৰ লগত থাকিব নোৱাৰিম । জন মানসত মোৰ ভাব মূৰ্তি হেয় প্ৰতিপন্ন কৰিব বিচৰা কাৰ্য্যত , মই অতিকৈ ক্ষোভিত হৈছিলো । এইয়া দুষ্ট লোকৰ কু অভিসন্ধি । ইতিমধ্যে মই লিখা সকলো নাটকৰ এখনি সংকলন উলিওৱাৰ জʼল্পনা কল্পনা কৰি আছিলো যদিও সকলো থেঁকেচা মাৰি পূজাত মঞ্চস্থ কৰা নাটক খনিৰ গাত লগা দাঁগটো মষিমূৰ কৰিবৰ বাবে স্বনামধন্য প্ৰখ্যাত সু নাট্যকাৰ অমূল্য কাকতি দেৱৰ পৰা নাটকখন পূৰ্ণ নিৰীক্ষণৰ পিছত নাটক খনিৰ পাতনি লিখাৰ পিছত ছপা আকাৰে উলিয়াই জোঁকৰ মুখত চূণ দিয়াত ,সকলোৱে একেমুখে স্বীকাৰ কৰে যে তেওঁলোকৰ ভুল হৈছিল । ক্ষন্তেকৰ উত্তেজনাৰ বাবে তেওঁলোকে এনেকুৱা কৰিছিল আমাৰ নাটক আৰু অভিনয় দেখি ।যাতে তেওঁলোকৰ অসফল নাটক খন মঞ্চস্থ কৰিব নেলাগে। তেওঁলোকৰ লগত মোৰ কোনো শত্ৰুতা নাথাকিল ।নিজ দোষ নিজে বুজি পালে ।
 শুনিব পোৱা মতে এই নাটক খনে বি বৰুৱা কলেজৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ হোৱাৰ উপৰিও শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ পাইছিল । মোৰ বন্ধু ইঞ্জিনীয়াৰ মহিৰুদ্দিন আহমেদৰ ভাইটিহঁতে নাটকখন কৰিছিল । অসম সাহিত্য সভাৰ সৰ্থেবাৰী অধিবেশনত কিতাপখনৰ সকলো কপি পাঠশালাৰ সমীপৰ বাগনা গাওঁৰ মোৰ বন্ধু এজনে বিক্ৰী কৰে যদিও বিক্ৰী ধন মোৰ হাতলৈ নাহিল।

✍️বাণীকান্ত লহকৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)