ক'ৰ্টৰ আটাইতকৈ যুক্তিবাদী , স্পষ্টবাদী আৰু কঠিন হৃদয়ৰ বুলি আখ্যা পোৱা অধিবক্তা গৰাকীও ঘৰলৈ অহাৰ পিছত আবেগ দুৰ্বল হৈ পৰে । স্পষ্টবাদী মনটোৱে স্পষ্টতা এৰি স্বামীৰ সমুখত অকোৱা-পকোৱা কথাবোৰেৰে অভিমান কৰিবলৈ ধৰে। তেওঁৰ কঠিন হৃদয়খনো ল'ৰাটোৰ মাত্ৰ এষাৰ মাতত মম গলাদি গলিবলৈ ধৰে । স্বামীৰ মৰমমিশ্রিত এটা এটা শব্দত যুক্তিবোৰ বৰষুণ হৈ সৰি পৰে। শাহুৱেকৰ অনৰ্থক যেন লগা নিয়মবোৰো তেওঁ বাধ্য ছাত্ৰীৰ দৰেই মানি যায়। আন হাজাৰজনী গৃহিণীৰ দৰে পৰিয়ালৰ সৈতে কটোৱা সময়বোৰ তেওঁৰো প্রিয় হৈ ৰৈ যায়।
কিয়নো মৰম যে অপৰাজেয় , সকলোৰে বাবেই।।
✍🏻সুকন্যা বৰা
গোলাঘাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ