ফেচবুকৰ পৰা-পদ্মশ্ৰী যাদৱ পায়েঙৰ সাক্ষাৎকাৰ-সাক্ষাৎ গ্ৰহণ :কোকিল শইকীয়া

©Admin
0
কোকিল শইকীয়াঃ নমস্কাৰ যাদৱদা, আমি গুৱাহাটীৰ পৰা আপোনাৰ এটা সাক্ষাৎকাৰ ল’বলৈ আহিছোঁ । মই কোকিল শইকীয়া আৰু এওঁ পুলক ডেকা ।

যাদৱ পায়েংঃ নমস্কাৰ , তোমালোক অহা দেখি ভাল পালোঁ ।

কোকিল শইকীয়াঃ আপুনি ইতিমধ্যে বনানীকৰণ কৰি, প্ৰকৃতিপ্ৰেমী হিচাপে সমগ্ৰ বিশ্বতে এক চিনাকী নাম হৈ পৰিছে। পোন প্ৰথমতেই মই আপোনাক সুধিবলৈ বিচাৰিছোঁ এই দৰে গছ-গছনি ৰুবলৈ তথা প্ৰকৃতি সুৰক্ষাৰ বাবে একনিষ্ঠভাৱে কাম কৰিবলৈ আপুনি ক’ৰ পৰা প্ৰেৰণা পাইছিল আৰু কেতিয়াৰ পৰা এই কামত হাত দিছিল ?

যাদৱ পায়েংঃ আমাৰ মা-দেউতাৰ তেৰটা সন্তান আছিল । মই আছিলো তিনি নম্বৰটো সন্তান । আৰ্থিক অনাটনৰ বাবে মই বেলেগৰ ঘৰত থাকি পঢ়িছিলোঁ । তেতিয়া আমাৰ এজন চিনাকী শিক্ষক আছিল । তেখেতৰ নাম আছিল যদুৰাম বেজবৰুৱা । তেখেত আছিল এজন কৃষি বিভাগৰ এজন বৈজ্ঞানিক । তেখেতে মোৰ হাতখন ভাল আছিল বাবে মোৰ হাতেৰে পাণ গছ ৰুৱাইছিল । পাণ গছ চবৰে হাতত নাবাঢ়ে । মই পাণ ৰুলে পাণ ভালকৈ বাঢ়ে বুলি তেওঁ বিশ্বাস কৰিছিল আৰু পাণ ৰুৱাৰ বাবদ মোক পইচা দিছিল । তেখেতে মোক গছ-গছনি সম্বন্ধে বহু কথা শিকাইছিল। গছ কিয় ৰুৱ লাগে, প্ৰকৃতি কেনেকৈ ৰক্ষা কৰিব লাগে ইত্যাদি কথা কৈ মোক প্ৰকৃতিৰ কথা ভাবিবলৈ শিকাইছিল । তেতিয়াৰে পৰা মই এই দিশটো গুৰুত্বপূৰ্ণ বুলি ভাবিছিলোঁ।

কোকিল শইকীয়াঃ আপুনি যিখন অৰণ্যৰ বাবে সমগ্ৰ বিশ্বতে জনাজাত,আপোনাৰ এই অৰণ্যখন ক’ৰপৰা কেতিয়া কেনেকৈ আৰম্ভ কৰিলে তাৰ আঁৰৰ কাহিনী ক’ব নেকি ?

যাদৱ পায়েংঃ মই ডেকা বয়সত থাকোতেই । গ্ৰীষ্মকালত সেইবাৰ তেইছ খৰ মাৰিছে । মই দেখিলোঁ — বাঢ়নী পানীত উটি অহা সাপবোৰ পানী শুকাই যোৱা পিছত মুকলি বালিত পৰি মৰি আছে। ৰ’দৰ তাপ সহ্য কৰিব নোৱাৰি শ শ সাপ তাতে জঠৰ হৈ আছে। মই ভাবিলোঁ যে এদিন আমিও এনেকৈ মৰিব লাগিব। গৰমত মৰিবলৈ ধৰা সাপবোৰ দেখি কথাটো মই ওচৰৰ গাঁৱৰ বুঢ়া মানুহবোৰক ক’লোগৈ । গাঁৱৰ মানুহে মোক বাঁহ ৰুবলৈ পৰামৰ্শ দিলে। প্ৰথমে ৫০ টামান বাঁহৰ মূঢ়া ৰোৱাৰ পিছত বাঁহবোৰ যেতিয়া বাঢ়ি আহিল তেতিয়া এজোপা দুজোপাকৈ গছপুলি ৰুবলৈ ল’লো । সেয়া আছিল ১৯৭৯ চনমানৰ কথা। তেতিয়াৰ পৰাই মই খেতি-বাতিৰ লগতে এই “ঔঅনা চাপৰি”ত বিভিন্ন গছপুলি ৰোৱা আৰু প্ৰতিপাল কৰা কামটো কৰি থাকিলোঁ। যেতিয়া হাবিখন ডাঙৰ হৈ আহিল, তেতিয়া হাতী, হৰিণাকে ধৰি বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকতি আদিৰ তালৈ আগমন ঘটিল। খাদ্যৰ সন্ধানত হাতীয়ে গাঁৱৰ মানুহৰ ঘৰতো আক্ৰমণ কৰিলে। তেতিয়া কি হ’ল , হাবিখন তথা গছবোৰ বাঢ়ি উঠা বাবেই হাতী আহিছে বুলি মানুহে গছবোৰ কাটি পেলাবলৈ বিচাৰিছিল। গাঁৱৰ মানুহে মোক ভাবুকিও দিছিল। তেতিয়া মই কৈছিলো মোক কাট- গছবোৰ নাকাটিবি । সিহঁতে মোৰ লগত কাজিয়া কৰিছিল । মই ভয় কৰা নাছিলোঁ । ডেকা কালত গাত বল শক্তি বহুত আছিল । কাজিয়া কৰিবলৈ কালৈকো ভয় কৰা নাছিলোঁ । সিহঁতক বুজাইছিলো যে গছ নথকা বাবেই হাতীবোৰ আহিছে; গতিকে চাপৰিটোত অধিক গছ ৰুলে আৰু প্ৰত্যেকেই নিজৰ নিজৰ ঘৰতো গছ ৰুলে হাতীৰ আক্ৰমণৰ পৰা মানুহ বাচিব পাৰিব। হাতীৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ হাতীৰ খাদ্যৰ বাবে গোটেই চাপৰিত কলগছ ৰুই দিছিলোঁ । তেনেকৈ লাহে লাহে হাতীয়ে হাবিৰ আশ্ৰয় আৰু খাদ্য পাই মানুহৰ ঘৰবোৰৰ আক্ৰমণ কৰা বন্ধ কৰি দিলে । আৰু তেনেকৈয়ে আজি ৩৮ বছৰৰ পিছত সেই শুকান চাপৰিটো প্ৰায় ৫.৫ বৰ্গ কিঃমিঃ ডাঙৰ (চাৰি হাজাৰ এশ বিঘাতকৈ অধিক মাটিৰ) অৰণ্যত পৰিণত হ’ল। এতিয়া তাত জাক জাক হাতী, বহুকেইটা হৰিণা, গঁড়, বাঘ আদি ঘুৰি ফুৰে । মোৰ নিজৰ গোহালিৰ পৰাও বাঘে গৰু-ছাগলী লৈ গৈছে। মোৰ প্ৰায় এশৰো বেছি গৰু বাঘে খাইছে। প্ৰায় ৪০ বছৰৰ পিছত মই ইয়াত আকৌ শগুণ দেখিবলৈ পাইছোঁ ।

কোকিল শইকীয়াঃ আৰম্ভণিতে আপোনাক অকলে অকলে গছ ৰোৱা দেখি বহু মানুহে হাঁহিছিল । এতিয়া ?

যাদৱ পায়েংঃ মই গছ ৰুই থকা দেখি কিছুমান মানুহে এইটো পাগল হৈছে বুলি কৈছিল । কিন্তু পিছত মোক দেখি সিহঁতেও গছ ৰুৱলৈ আৰম্ভ কৰিলে ।

কোকিল শইকীয়াঃ আপোনাৰ এই হাবিখনক মূলাই হাবি বুলিও জনা যায় ?

যাদৱ পায়েংঃ অ’ মোৰ ঘৰুৱা নাম হ’ল মূলাই। সেয়ে ৰাইজে ইয়াক মূলাই চাপৰি বা মূলাই হাবি বুলি কয় ।

কোকিল শইকীয়াঃ আমি জানিলোঁ আপুনি নীৰৱে যোৰহাটৰ পৰা অতি ভিতৰুৱা এই চাপৰিটোত গছ ৰুই বিশাল অৰণ্য সৃষ্টি কৰাৰ আঁৰৰ কাহিনীবোৰ । এতিয়া আপুনি আমাক কওঁকচোন এই কামৰ বাবে আপুনি কিদৰে যশ-খ্যাতি লাভ কৰিলে । আপোনাৰ এই কামৰ বিষয়ে বিশ্ববাসীয়ে কেনেদৰে গ’ম পালে ?

যাদৱ পায়েংঃ মই ৩০ বছৰ ধৰি এই হাবিখন কৰি থকাৰ কথা ওচৰৰ মানুহৰ বাহিৰে বাহিৰা মানুহ কোনেও জনা নাছিল । ২০০৯ চন মানতে এই হাবিলৈ এজন ফটোগ্ৰাফাৰ আহিছিল । তেওঁ হাবিৰ মাজে মাজে ফটো তুলি ফুৰিছিল । মই আকৌ সেইজন চোৰাং চিকাৰী বুলি ভাবি পিছে পিছে গৈছিলোঁ । আচলতে তেওঁ চাপৰিৰ পাৰে পাৰে ফটো তুলিবলৈ আহি অৰণ্যখন দেখি হে ফটো তুলিবলৈ সোমাই আহিছিল তাৰপিছত তেওঁ মোৰ লগত কথা-বতৰা পাতি গুচি গ’ল । কিছুদিনৰ পিছত তেওঁ বাতৰি কাকতত মোৰ আৰু হাবিখনৰ এই দীৰ্ঘদিনীয়া কাহিনীৰ বিষয়ে এটা লেখা লিখিলে আৰু তেতিয়াৰ পৰাই অসমৰ বহুলোকে কথাটো জানিলে । তেনেকৈ বহু মানুহে মোক বিচাৰি আহিছিল । তেনে সময়তে আকৌ বনৰীয়া হাতী জাক খেদি অহা বন বিভাগৰ দল এটাই মোৰ হাবিখন দেখা পাই মোক এই ক্ষেত্ৰত যথেষ্ট সহায় আৰু প্ৰসংশা কৰিলে ।

সাক্ষাতকাৰকঃ এতিয়া আহো অন্য এক প্ৰসংগলৈ । আপুনি পোৱা 
না না সুবিধা বা বঁটা-বাহন তথা স্বীকৃতি সম্পৰ্কে আমাক জনাওঁকচোন ?

যাদৱ পায়েং : বঁটা-বাহন , সম্বৰ্ধনা বহুত পাইছোঁ । ২০১২ চনৰ ২২ এপ্ৰিলৰ দিনা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগে মোক সন্মান জনাইছিল । সেইদিনা বিশ্ববিদ্যালয় চৌহদত প্ৰতীকী ৰূপত পাঁচজোপা বৃক্ষৰোপণ কৰিছিলোঁ। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুধীৰ কুমাৰ সোপোৰিয়ে মোক "ভাৰতৰ অৰণ্য মানৱ" (Forest man of India) আখ্যা দিছিল। ড° আব্দুল কালাম ছাৰে মোক প্ৰথমতে ‘ডাইমণ্ড এৱাৰ্ড’ দিয়ে আৰু ২০১৫ চনৰ ২৬ জানুৱাৰীৰ দিনা ভাৰত চৰকাৰৰ তৰফৰ পৰা পদ্মশ্ৰী বঁটা দিছিল । কালাম ছাৰে মই আটাইতকৈ ভাল কামটো কৰি আছোঁ বুলি কৈছিল। মোক অসম জাতীয় বিদ্যালয়ৰ ন্যাসৰ বঁটা দিছে । কৃষি বিশ্ববিদ্যালয়ে মোক ডক্টৰেট ডিগ্ৰী দিছে ।

সাক্ষাকাৰকঃ বঁটা বাহনে আপোনাক কি ধৰণে প্ৰেৰণা দিয়ে ?    

 যাদৱ পায়েংঃ বঁটা বাহন ল’লো ধেই । আৰ্থিক সাহাৰ্য্য দিলে ভাল পাওঁ। মোৰতো টকা-পইচা নাই। সম্বৰ্ধনা লৈ, গামোচা পিন্ধি দেশে বিদেশে ঘুৰি ফুৰোতে বহু সময় অপচয় হ’ল । সচেতনতাটো বাৰু আহিল । এতিয়া যিহেতু সচেতনতাটো আহিল গতিকে মই মেলে-মিটিঙে ঘুৰি নুফুৰোঁ । এতিয়া কলৈকো নাযাওঁ । গুৱাহাটীলৈ গৈ থাকিলে তাৰ লেতেৰা বায়ু সেৱন কৰি মই বেমাৰী হৈ যাম । দেখিছানে মোৰ হাবিখনত কিমান সুন্দৰ বায়ু আৰু বতাহ পায় । মোক যদি কোনোবাই সম্বৰ্ধনা জনাব বিচাৰে তেন্তে ইয়ালৈকে আহিব লাগিব ।

কোকিল শইকীয়াঃ আপোনাৰ ভৱিষ্যত পৰিকল্পনা ?

যাদৱ পায়েংঃ এতিয়া মই নতুনকৈ দুহেজাৰ হেক্টৰ মাটি আবন্টন লৈছোঁ । এতিয়া তাত গছ ৰুম। তোমালোক কেতিয়াবা ইয়ালৈ আহিবা আৰু গছ পুলি একোটা ৰুই থৈ যাবা ।

সাক্ষাকাৰকঃ চৰকাৰ তথা ৰাইজৰ প্ৰতি আপোনাৰ কিবা আহ্বান ?

যাদৱ পায়েংঃ মানুহে কি খাব লাগে কি খাব নালাগে । কি খোৱাটো মানুহৰ বাবে ভাল কি খুৱাটো মানুহৰ বাবে বেয়া সেয়া চৰকাৰে চিন্তা নকৰে । গোটেই খন এতিয়া কেমিকেল দিয়া খাদ্য ভৰি পৰিছে । সেইবোৰ খাই মানুহবোৰ বেমাৰী হ’ব আৰু কেইদিন জীয়াই থাকিব । মই এতিয়া হাবিতে হোৱা নেচাৰেল বস্তুবোৰ খাওঁ । আপং পানী খাওঁ । ইয়াত এশ এবিধ দৰৱ থাকে, ভিটামিন থাকে । গৰমত পেটৰ কাৰণে ভাল । পেপচী কোকাকোলা খোৱাতকৈ আমাৰ নেচাৰেল বস্তুবোৰ খাব লাগে ।

মন কৰিবা, আজিকালি মানুহৰ ঘৰ বোৰ টিঙৰ হ’ল, অট্টালিকা হ’ল । সেইবোৰ হোৱাৰ পৰাই চুঙা বাদুলী আৰু ঘনচিৰিকাবোৰ নাইকীয়া হৈ গ’ল । খেৰী ঘৰ বোৰ স্বাস্থ্য সন্মত আছিল । খেৰী ঘৰৰ ঘনচিৰিকাৰ বায়ুটো স্বাস্থ্যৰ বাবে ভাল। আমাৰ জলবায়ু বেয়া হোৱাৰ বাবে জীৱ জন্তুবোৰ নোহোৱা হৈ গৈছে । মানুহবোৰ বেমাৰী হৈছে । নদী সমূহ প্ৰদূষিত হোৱাৰ বাবে মাছবোৰ নোহোৱা হ’ল । আমি মংগোলীয় লোক সকলৰ পৰা কিছু কথা শিকিব লগা আছে । এই মানুহখিনিয়ে প্ৰকৃতিৰ লগতে থাকি কেনেকৈ প্ৰকৃতি ধ্বংস নকৰাকৈ প্ৰকৃতিৰ লগত মিলি থাকিব লাগে সেয়া জানে । পেৰিচত বিশ্বৰ দুশখন দেশে জলবায়ু পৰিৱৰ্তনৰ ওপৰত মিটিং আছিল । তাত মোক ১২ মিনিট ক’বলৈ দিছিল । মই গৈ তাত সুধিছিলো যে – ‘‘আপোনালোকে অৰ্থনৈতিক দিশৰ ওপৰত ইমান গুৰুত্ব দি থাকে । আপোনালোকে এক মিনিট সময় উশাহটো বন্ধ কৰকচোন । উশাহটো কিমান প্ৰয়োজন হ’ব তেতিয়া গ’ম পাব । ইয়াত থকা বিছ হেজাৰ মানুহে প্ৰত্যেকেই এজোপো এজোপা গছ ৰুৱক । বিশ্বৰ সাত শ কোটি মানুহে এজোপা এজোপা গছ ৰুৱক । যদি পৃথিৱীয়েই নাথাকে , তেন্তে অৰ্থনীতি, ৰাজনীতিৰ কথা চিন্তা কৰি কি লাভ ! গতিকে যিটো বস্তু নহ’লে নহয় সেইটো কাম আগতে কৰি লোৱা ভাল । আপোনালোকে যে বিশ্বত বৃহৎ বৃহৎ মন্দিৰ , মছজিদ আৰু গীৰ্জা বনাইছে, ভগৱানক কোনে দেখিছে । ভগৱান কোন ? মা দেউতাৰ পিছতেই আমাৰ ভগৱান প্ৰকৃতি । প্ৰকৃতি অবিহনে আমাৰ একোৱেই নাই । ধৰ্ম , ৰাজনীতি, অথনীতি এই আটাইবোৰৰ ওপৰত প্ৰকৃতি।”

          আমাৰ শিক্ষা ব্যৱস্থাটোও যথেষ্ট বেয়া। কেৱল অৰ্থকৰী আৰু ভোগবাদী আদৰ্শৰ দ্বাৰা পৰিচালিত । বিশ্বৰ ইমানবোৰ ডাক্টৰ, বৈজ্ঞানিক আমাৰ দেশৰ । পিছে কি হ’ব পঢ়ি শুনি চবেই বাহিৰৰ দেশৰ হৈ কাম কৰিবলগীয়া হয় । দেশত অধিক দুনীৰ্তি হৈছে। সেয়ে দেশখনৰ অৱস্থা বেয়া হৈছে । দেশৰ উন্নতি এনেকৈ কামনা কৰা নহয় । সিদিনা গুৱাহাটীৰ লাইবেৰীলৈ গ’লো । গোটেইখন তামোলৰ পিক । আমাৰ মানুহে তামোল খাই পিকাবওঁ নাজানে ।

 
কোকিল শইকীয়াঃ বৰ্তমান অসমৰ এটা ডাঙৰ প্ৰাকৃতিক সমস্যা হ’ল বানপানী আৰু গৰাখহনীয়া। ইয়াৰ কিবা প্ৰাকৃতিক সমাধান আছে নেকি ?

যাদৱ পায়েংঃ অসমৰ নদী সমূহ তৰাং হৈ আছে । আগতে নাগালেণ্ড , অৰুণাচল আদি পাহাৰীয়া ৰাজ্য সমূহত বৃহৎ বৃহৎ গছ আছিল । এতিয়া সেই গছবোৰ কাটি পেলোৱা হ’ল বাবে পাহাৰে মাটি ধৰি ৰাখিব পৰা পূৰ্বৰ ক্ষমতা হেৰুৱালে । সেয়ে নদীয়ে বহুত বেছি বালি কঢ়িয়াই আনি নদীবোৰ পুতি পেলায় । আগতে ব্ৰহ্মপু্ত্ৰ খন ইমান বহল নাছিল । ঠেক আৰু গভীৰ আছিল । গছ গছনী নোহোৱাৰ বাবে নদীয়ে পাৰ খহাই গৰাখহনীয়া সৃষ্টি কৰে । মথাউৰিবোৰ বন্ধাৰ ফলত বানপানী বেছি হৈছে । প্ৰাকৃতিক নদী এখনক মথাউৰি দি বান্ধিবলৈ চেষ্টা কৰাটো ভাল সমাধানৰ পথ নহয় । তোমালোকে অলপ আগতে পাৰ হৈ অহা সুঁতিটোৰ নাম মহগড় খুঁটি । তাতেই ব্ৰিটিছ আৰু মানৰ যুদ্ধ হৈছিল । উজনি অসমৰ প্ৰথম ৰেল লাইন ইয়াতেই আছিল । কিন্তু ব্ৰহ্মপুত্ৰই দহ কিলোমিটাৰ খহাই সেইবোৰ নোহোৱা কৰিলে । মুঠতে আমি গছ ৰুৱ লাগিব ।

কোকিল শইকীয়াঃ আপোনাৰ হাবিত কি কি ধৰণৰ সম্পদ আছে ?

যাদৱ পায়েংঃ মোৰ হাবিত না না ধৰণৰ ঔষধি গছ আছে । অসম ঔষধি গছত বহুত চহকী । এই যে দেখিছা লাজুকী বনবোৰ সেইবোৰ হৰিণাৰ খাদ্য। পেট বেয়া হ’লে সেইবোৰ হৰিণাই খায়। এবাৰ বাহিৰৰ পৰা অহা মানুহ এজনে অসমৰ মাটিত হোৱা ঔষধি গছবোৰ দেখি কৈছিল – ‘‘আচাম মে পেচাব কৰনেকি ভী লিয়ে জাগা নেহী হে।” তেতিয়া তেওঁক মই শুকান বালি দেখুৱাই দিছিলোঁ। মোৰ হাবিত বিশ্বৰ আশী শতাংশ চৰাই আহে । হৰিণাৰ জাক বহুত আছে । হৰিণা, মহ আৰু হাতীবোৰ একেলগে থাকে বাঘে খাব বুলি ।

কোকিল শইকীয়াঃ শেষত গছ-গছনি ৰোৱাৰ সম্পৰ্কে আপুনি কি ক’ব ?

যাদৱ পায়েংঃ আমি যদি গছ নাকাটো তেন্তে গছ নুৰুলেও হয় । গছ নিজে নিজে গছে । চৰাই আৰু জীৱ জন্তুৱে ফল আৰু গছৰ গুটি খাই পেলাই দিয়ে । তাৰ পৰা নিজেই গছ হয় । গছ নুৰুলেও নহয় । সকলোৱে গছ ৰুৱ জানে ।

কোকিল শইকীয়াঃ চৰকাৰৰ তথা ৰাইজৰ পৰা আপুনি কি বিচাৰে ?

যাদৱ পায়েংঃ একো নিবিচাৰো । চৰকাৰ আৰু দেশৰ বিভিন্ন সংগঠনসমূহে মই কৰা এই কামবোৰ যাতে গোটেই বিশ্বত প্ৰচলন হয় আৰু সকলোৱে গছ ৰুৱ পাৰে তাৰ বাবে কাম কৰিলেই হ’ল। ছাত্ৰ-ছাত্ৰী সকলে পঢ়াৰ লগতে গছ ৰোৱক । অভিভাৱক সকলে ভৱিষ্যত প্ৰজন্মৰ বাবে গছ ৰোৱক। অৰণ্যসমূহ ৰক্ষনা-বেক্ষণ দিয়ক ।

কোকিল শইকীয়াঃ আপোনাক লগ পাই ভাল লাগিল । আমাক এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ ।

যাদৱ পায়েংঃ মাজে-সময়ে আহি থাকিবা। গছ পুলি ৰুই যাবাহি।

(সংগ্ৰহ ফেচবুক)
সাক্ষাৎ গ্ৰহণ : 
✍️কোকিল শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)