যৌতুক-দ্বীপ দিপাংকৰ লাহন

©Admin
0
আজি ৬ মাহ হ'ল ৰিমাই সূৰ্য্যৰ পোহৰ কি পাহৰি গ'ল।তাই বৰ হেঁপাহ আৰু অজুত আশা বুকুত বান্ধি আপোন ঘৰখন এৰি সপোনৰ ঘৰখনলৈ নিজতকৈও বেছি বিশ্বাস কৰা  বিকি নামৰ ল'ৰা এটাৰ লগত বিয়া হৈ আহিছিল।কিন্তু তাইৰ আশা,তাইৰ হেঁপাহ বিয়াৰ কিছুদিনৰ পাছত সকলো নিমিষতে শেষ হৈ গ'ল!
"বিকি, তুমি আজি-কালি কিয় মোৰ পৰা আঁতৰি আঁতৰি থাকা,কোৱা মই কিবা ভুল কৰিলোঁ নেকি?"--ৰিমাই বিকিক প্ৰশ্ন কৰিলে।এনেতে বিকিৰ মাক আহি ৰিমাৰ প্ৰশ্নৰ উত্তৰ দি ক'লে,“বিকি মোৰ ল'ৰা কিবা সুধিব লগীয়া আছে যদি মোক সোধ তই।আৰু তোৰ যদি এইখন ঘৰত থাকিবলৈ মন আছে তেনেহ'লে এজনী চাকৰৰ দৰে থাকিবি।কাৰণ বিকিলৈ মই বেলেগ ছোৱালী চাইছোঁ।”বিকিৰ মাকৰ কথা শুনি ৰিমাই আচৰিত হৈ বিকিৰ মাকক প্ৰশ্ন কৰিলে,“এইবোৰ আপুনি কি কৈছে মা?” 
“তই ঠিকেই শুনিছ ৰিমা।”--এইবাৰ বিকিয়ে ৰিমাক ক'লে।“তই যেতিয়া ঘৰৰ পৰা মোলৈ বিয়া হৈ আহিছিলি খালী হাতে আহিছিলি।লগত এসোপা ধন-ধান লৈ অহা নাছিলি।যৌতুকৰ নামত এটা ফুটাকৰিও নাই দিয়া তোৰ বাপেৰে মোক।সেই কাৰণে মই আকৌ এবাৰ বিবাহ কৰিবলৈ সাজু বুজি পালি।তাইৰ সকলো সম্পত্তি মোৰ হ'ব কেৱল মোৰ।"
”এইয়া মই কেতিয়াও হ'ব নিদিও মই জীয়াই থকালৈকে।"--বিকিৰ কথা শুনি ৰিমাই বিকিলৈ চাই খঙেৰে ক'লে।ৰিমাই কোৱা কথাষাৰ বিকিহঁতৰ হজম নহ'লে।“আমি তোৰ গোলাম নহয় ৰিমা তোৰ কথা মতে চলিবলৈ,বিকি এইক ৰুমৰ ভিতৰত সোমোৱাই বাহিৰৰ পৰা দুৱাৰ খন বন্ধ কৰি থ।” বিকিলৈ চাই বিকিক উদ্দেশ্যি ক'লে।আৰু তাৰ পাছতে বিকি আৰু বিকিৰ মাক দুয়ো মিলি ৰিমাক টানি-আজুৰি  এটা বন্ধ কোঠাৰ ভিতৰলৈ সোমোৱাই বাহিৰৰ পৰা দুৱাৰ খন বন্ধ কৰি দিলে।আৰু তেতিয়াৰ পৰা আজি ৬মাহ সম্পূৰ্ণ  হ'ল ৰিমাই সূৰ্য্যৰ পোহৰ দেখা নাই।


(কিয় বাৰু মানুহে বুজিবলৈ চেষ্টা নকৰে?দহমাহ দহদিন গৰ্ভত ৰাখি প্ৰসৱৰ সময়ত সহিব নোৱাৰা বেদনা সহ্য কৰি জন্ম দি পানী কেচুৱাৰ পৰা ২০টা বছৰ লালন-পালন কৰি ডাঙৰ-দীঘল কৰা ছোৱালী জনীকেই আজীৱনৰ কাৰণে শপি দিয়ে তাৰ পাছতো আকৌ যৌতুকৰ কাৰণে নানা ধৰণৰ অত্যাচাৰ কৰে।আমি কিয় ভাবি নাচাওঁ নাৰীৰ অবিহনে পুৰুষৰ অস্তিত্ব কি?

✍️দ্বীপ দীপাংকৰ লাহন
     বিশ্বনাথ,গহপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)