এৰি থৈ আহিছো,
তোমাৰ বুকুত।
সপোনবোৰৰ স্বাৰ্থত,
আইৰ হাতৰ ভাত মুঠিও,
এৰি থৈ আহিছো।
তোমাৰ বুকুত।
সন্ধিয়া,
আইতালৈ বৰকৈ মনত পৰে।
প্রাৰ্থনা ফাকিও পাহৰিয়েই
থাকিলো চাগে মই।
এমুঠি সপোন আছে,
তুমি মোক প্ৰেৰণা দিবাদেই।
এতিয়াটো,
আইও নাই,
পঢ় পঢ় কৰিবলৈ।
চাৰিওফালে যন্ত্ৰ।
আইতাৰ সাধু শুনিবলৈ নাপাওঁ,
আৰু যে,
জোনবাইটি
মই দেখিবলৈ নাপাওঁৱেই ।
পিতাই অ',
আইতাৰ অসুখ কমিছেনে?
মই যাম দে,
মোক নক’বি দেই স্বাৰ্থপৰ বুলি।
মোৰ সপোনবোৰৰ বাবেহে,
এৰি থৈ আহিছো তহঁতক।
সচাঁকৈ,
বৰ মোহময়ী অ',
এই চহৰখন।
✍গিতুমণি কলিতা
দৰং (অসম)
হাজৰিকা পাৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ