আহা আমি পুনৰ এক হৈ যাওঁ ৷ আমাৰ দুয়োৰে ভুল আছিল যদিও মই মোৰ ভুল বুলিয়েই মানি লৈছোঁ ৷ ঠিক আছে ব’লা আমাৰ যিহেতু চাৰি বছৰীয়া সন্তান জুনুও আছে গতিকে আমি তাইৰ খাতিৰত হ’লেও পুনৰ আমাৰ দুয়োৰে সংসাৰ আমি কৰিব লাগিব ৷ নহ’লে মই তোমাৰ কথা হৃদয়ৰ পৰাই বাদ দি দিছিলোঁ ৷ আমাৰ পাঁচটা বছৰৰ প্ৰেমৰ অন্তত আমি আমাৰ দুয়োটা পৰিয়ালৰ সৰ্বসন্মতি মৰ্মে বিয়াত বহিছিলোঁ ৷ কিন্তু তুমি মোৰ পৰা সদায়ে অনাকাংক্ষিতভাৱে দূৰলৈ গৈ আছিলা যদিও মই একোৱেই কোৱা নাছিলোঁ ৷ তোমাৰ সকলো মই সহ্য কৰি গৈ আছিলোঁ ৷ কিন্তু হঠাৎ তুমি জুনুৰ জন্মদিনৰ দুদিনমান আগতে ছুমিলাক কোৰ্টত ৰেজিষ্টি মেৰেইজ কৰি মোৰ ঘৰলৈ লৈ আহিলা মোক আৰু দুগুণ যন্ত্ৰণা দিবলৈ ৷ আজি তোমাৰ মা- দেউতা থকা হ’লে নিশ্চয় তুমি এইবোৰ কৰিব নোৱাৰিলাহেঁতেন ৷ যি কি নহওঁক তুমি মোক নিব আহিছা যেতিয়া আজি তিনিটা বছৰৰ মূৰত মই তোমাৰ ঘৰখনত আকৌ এবাৰ চেষ্টা কৰি চাব পাৰোঁ তোমাৰ লগতে ছুমিলাৰ যন্ত্ৰণা সহ্য কৰি জুনুক মানুহ কৰিবলৈ ৷
ঘৰখনত আজি তিনিমাহ নহওঁতে জুনুৰ মাকক প্ৰথমবাৰৰ ভাৱে আজি মানসিক চিকিৎসালয়ত ভৰ্তি কৰি থৈ আহিল জুনুৰ দেউতাক ৰাজীৱ আৰু ছুমিলাই মিলি ৷ এতিয়া জুনুৰ বাবে প্ৰতিটো দিনয়েই একো একোটা ক’লা দিন ৷
✍️ছাইফুদ্দিন আহমেদ
আইনৰ ছাত্ৰ
অশেষ ধন্যবাদ 🙏
ReplyDelete