- ১২০৬ - আজিৰ দিনটোতে ১২০৬ চনত কটুবুদ্দিন দিল্লীৰ চুলতান হয়। দিল্লীত চুলতানী শাসনৰ সূচনা হয়। উল্লেখ্য যে জীৱনৰ প্ৰথমচোৱা কুটুবুদ্দিন আছিল মহম্মদ ঘোৰীৰ ক্ৰীতদাস।
- ১৯৬৩ - ১৯৬৩ চনৰ আজিৰ দিনটোত ভাৰতত প্ৰথম টেলেক্স সেৱা আৰম্ভ হয়।
- ১৯৭৬ - আজিৰ দিনটোত ১৯৭৬ চনত ভিয়েটনাম যুদ্ধৰ অৱসান হয়। উত্তৰ আৰু দক্ষিণ ভিয়েটনাম লগ হৈ গঠন ছ’চিয়েলিষ্ট ৰিপাব্লিক অৱ ভিয়েটনাম বা ভিয়েটনাম ৰাষ্ট্ৰ।
- ১৯৮৪ - ১৯৮৪ চনত আজিৰ দিনটোত কানাড়া সাহিত্যিক মাস্তি ভেংকটেশ আয়েংগাৰলৈ ১৯৮৩ চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।
- ২০১১ - ২০১১ চনৰ আজিৰ দিনটোতে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰালয়ৰ কাৰ্যালয়ত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয় আৰু বহুতো নথি পত্ৰ জুইত জাহ যায়।
- ২০১১ - দেশৰ নতুন গৃহ সচিব ৰূপে আৰ কে সিঙে দায়িত্ব লয় ২০১১ চনৰ আজিৰ তাৰিখতে।
- ২০১২- ২০১২ চনৰ আজিৰ দিনটোতে উজনি অসমত বানৰ তাণ্ডৱত ১০ জন লোকৰ মৃত্যু হৈছিল।
- ২০১২ - শিৱসাগৰ জিলাত এনকেফেলাইটিছ ৰোগৰ ভয়াবহ আক্ৰমণৰ ফলত ৫ জনৰ মৃত্যু আৰু বহু লোক আক্ৰান্ত হয় ২০১২ চনৰ আজিৰ দিনটোতে।
- ২০১২ - এনকেফেলাইটিছ ৰোগত অসমৰ লগতে বিহাৰ আৰু উত্তৰপ্ৰদেশতো ২০০ তকৈও অধিকলোকৰ মৃত্যু হয় ২০১২ চনৰ আজিৰ দিনটোতে।
- ১৯৪৬ - প্ৰথম অসমীয়া মহিলা আলোচনী ‘ঘৰ জেউতী’ৰ সম্পাদক কমলালয়া কাকতিৰ মৃত্যু হয় ১৯৪৬ চনৰ আজিৰ দিনটোত।
- ১৯৮০ - ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি 'বৰাহগিৰি বেংকটগিৰি’ৰ ৮৫ বছৰ বয়সত মৃত্যু হৈছিল ১৯৮০ চনৰ আজিৰ দিনটোতে।
- ১৮৬৯ - ভাৰতৰ প্ৰথম সশস্ত্ৰ বিপ্লৱী ৰূপে খ্যাত দামোদৰ হৰি ছাপেৰকাৰৰ জন্ম হয় ১৮৬৯ চনৰ আজিৰ দিনটোত।
- ১৮৯৩ - ১৮৯৩ চনৰ আজিৰ দিনটোতে ৱাল্ট ডিজনী খ্যাত ৰয় ডিজনীৰ জন্ম হয় হয়চিকাগোত।
- ১৯৩৭ - অনিতা দেশাই বা অনিতা মজুমদাৰ, ভাৰতীয় ঔপন্যাসিকা আৰু মাচাচুচেট্ছ ইন্ষ্টিটিউট অৱ টেক্ন'ল'জীৰ হিউমেনিটী বিষয়ৰ এমাৰিটা জন ই বুৰ্চাৰ্ড অধ্যাপিকা, ১৯৭৮ চনত Fire on the Mountain উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল, The Village by the Sea উপন্যাসৰ বাবে ব্ৰিটিছ গাৰ্ডিয়ান বঁটা লাভ কৰিছিল।
- ১৯৮৭- স্পেনিছ ক্লাব বাৰ্চিলোনা আৰু আৰ্জেণ্টিনা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ ফৰৱাৰ্ড হিচাপে খেলা আৰ্জেণ্টিনাৰ ফুটবল খেলুৱৈ লিঅ'নেল আন্দ্ৰেছ মেছি চমুকৈ, মেছিৰ জন্ম হৈছিল ১৯৮৭ বৰ্ষৰ আজিৰ দিনটোতে।
- আজি কাৰ্বি স্বায়ত্ত্ব পৰিষদৰ ৬২ তম প্ৰতিষ্ঠা দিৱস।
২৪ জুন- আজিৰ দিনটোৰ বিশেষত্ব
June 24, 2021
0
২৪ জুন (ইংৰাজী: 24 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৫তম (অধিবৰ্ষত ১৭৬তম) দিন। বছৰ শেষ হ'বলৈ ১৯০ দিন বাকী থাকে।
Tags
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ