সেউজীয়া অনুভৱৰ এটি
সোণবৰণীয়া সপোনে
লাহে লাহে মোক আৱৰি ধৰিছিল
মোৰ সমগ্ৰতা।
ভাল পোৱাৰ সাগৰ উপচাই দিছিল
মোৰ প্ৰতিটো উজাগৰী নিশা।
মোৰ হৃদয়তে
অস্ত পৰে জোনাকী,
হৃদয়খন শীতল হৈ পৰিল
অনুভৱৰ গভীৰতাত
প্ৰেমৰ সুবাসতেই
গঢ়ি উঠে এক প্ৰেমৰ অনুভৱ
যি অনুভৱৰ এক অবিচ্ছিন্ন ধাৰা
বৈ যায় হৃদয়ৰ গভীৰ স্তৰলৈ
যি অনুভৱে সাতোৰঙী প্ৰেমৰ কবিতা সাজে
মোক দিয়ে শান্তিৰ সু্বাস
সেয়ে তোমাক কওঁ--
তুমি যদি হোৱা কবিতা
মই হম প্ৰেমৰ অনুভৱ।
✍️ৰাজুল আহমেদ
হোজাই,বৰহাওঁৰ ।