এমুঠি সুৱাস-ধৃতাশ্রী বৰ্মন

জীৱন এনেকুৱা এখন নাটক 
যিখন নাটকত 
সুখ-দুখ-অনুভূতিবোৰ 
নৈৰ দৰে বৈ যায়। 

নাভাৱিবা মোক অবুজ বুলি 
জীৱনে দিয়া উপহাৰবোৰে 
বহু কথাই শিকাইছে
সংঘাত মোৰ জীৱন লগৰী।

দুভাগ ৰাতি সাৰে থকা 
প্রতিজনেই প্রেমিক নহ'বও পাৰে 
সংঘাত কি সেইজনক সোধা
যাৰ দুচকুত টোপনি নাই। 

এটি প্রশ্ন?
 এটি সাঁথৰ!
মোৰ চকুযুৰিয়ে এতিয়া 
কাজল সানিব বিচৰা নাই। 

বিচাৰোঁ এমুঠি সুৱাস 
 সিচিব খুজোঁ 
এমুঠি প্রেমৰ 
    জোনাক। 
 
✍ধৃতাশ্রী বৰ্মন।
     নলবাৰী।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send