দেশত ক'ৰনা সংহাৰ
দেশত মৃত্যুৰ কিৰিলি ।
কত' পৰিয়াল
পিতৃহাৰা
মাতৃহাৰা
পুত্ৰহাৰা হ'ল ।
শোকত ম্রিয়মান পৃথিৱী !
অচিন ৰোগে কাঢ়ি নিলে
কত' শিল্পীক, কত' চিকিৎসকক
হেৰুৱালোঁ মহীৰূহ হোমেন বৰহোহাঞিক
আৰু বহুতক ॥
চলন্ত পৃথিৱীৰ কাম কাজ স্থবিৰ,
চলন্ত পৃথিৱীৰ কৃষি কৰ্ম স্থবিৰ,
চলন্ত পৃথিৱীৰ শিক্ষা স্থবিৰ,
এনেকৈ কেনেকৈ চলিব পৃথিৱী ?
দুৱাৰ ঘৰ মাৰি সোমাই থাকে
ক'ৰনাৰ ভয়ত ।
কিমান থাকিব?
আহাৰৰ সন্ধানত মুখ বন্ধা মানুহবোৰে
জলঙা লৈ ঘূৰ্মুটিয়াই ফুৰে ।
দেশৰ বিপন্ন সময়,
আজি একবিংশ শতিকাত
দ্বিতীয়তো বৃহৎ ভূমিকম্পই
কপাই যায় অসমভূমি ।
তাৰ ফলত
পকীঘৰৰ ধ্বংস লীলা চলিল।
সেই তাণ্ডৱ লিখা থাকিব
বুৰঞ্জীৰ পাতত ।
সৰু সৰু ভূমিকম্পই
কপাই থাকিল একুৰি দিন ।
মানুহ ভয়ত কম্পমান ।
কোনটো ভূমিকম্পই
আমাক গ্ৰাস কৰি নিব
জীৱন অনিশ্চয়তাত॥
বিপন্ন সময়।
আজি এশ বছৰেও নোহোৱা নোপোজা
ঘটনা ঘটিব লাগিছে।
টাউকটে, য়াচ নামৰ
ঘূৰ্ণী বতাহে কঢ়িয়াই আনিছে
আৰ্দ্ৰতা ভৰা গধূৰ বায়ু,
যাৰ ফলত অজানিতে
ঘৰৰ মজিয়াত- বতাহে পানী ঢলা দি
ঢালি মজিয়া বোৱালে ।
দুহেজাৰ একৈশ চনৰ মানুহ আমি
কাহানিও নেদেখা পৰিঘটনাৰ সাক্ষী ।
সময় বৰ কঠােৰ ।
প্ৰতি পলে পলে জীৱনৰ ভাবুকি ।
বিপন্ন সময়ত
গধুৰ নিশ্বাসেৰে
মন আতংকৰে ভৰে নিৰীহ জনতাৰ ॥॥॥
✍️মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ