সপ্তম আন্তঃ ৰাষ্ট্রীয় যোগ দিৱস-হেমেন হাজৰিকা

©Admin
0
যোগাভ্যাস হৈছে এনে এটা প্রণালী যাৰ দ্বাৰা সন্তুলিত ভাবে আমাৰ অন্তৰ্নিহিত শক্তিৰ উৎকৰ্ষ তথা বিকাশ সাধন হয় | যোগাভ্যাসৰ মুখ্য উদ্দেশ্য হৈছে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ পুনঃস্থাপন আৰু সংবৰ্ধন | যোগাভ্যাসে ৰোগ প্রতিৰোধী ক্ষমতা বৃদ্ধি কৰি স্বাস্থ্যকৰ জীৱন গঢ় দিয়াত সহায় কৰে | যোগ্যাভ্যাসে আত্মাৰ মিলন পৰমাত্মাৰ সৈতে ঘটাই দিয়ে আৰু মন , শৰীৰ আৰু আত্মাৰ এক অভুতপূৰ্ব সমন্বয় প্রতিফলিত কৰে |
      বিগত ছয়টা বছৰ ধৰি জুন মাহৰ ২১ তাৰিখৰ পৰা আন্তঃ ৰাষ্ট্রীয় যোগ দিৱস পালন কৰি অহা হৈছে | এইবছৰো তাৰ ব্যতিক্ৰম নহয় | এই বছৰ ৭তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ যাৱতীয় প্রস্তুতি সম্পন্ন কৰা হৈছে | যোগৰ উপকাৰিতা , যোগৰ তাৎপৰ্য্য কথা ন-কৈ দোহৰাৰ প্রয়োজন নাই | যোগৰ দ্বাৰা বহু অসাধ্য সাধন কৰিব পাৰি বহু ৰোগৰ পৰা নিৰাময় পাব পাৰি , শৰীৰটো নিৰোগী কৰি ৰাখিব পাৰি যোগ সাধনৰ জৰিয়তে | Prevention is better than cure এই কথাষাৰ বাস্তবায়িত কৰিব পাৰি কেৱল যোগ সাধনৰ জৰিয়তে |
     নিয়মিত যোগ চৰ্চা কৰা লোকে নিজকে ৰোগ মুক্ত কৰি ৰাখিব পাৰে | যোগ সাধনৰ জৰিয়তে দীৰ্ঘায়ু হ'ব পাৰি | ইয়াৰ জৰিয়তে যৌৱন ধৰি ৰাখিব পাৰি | বিভিন্ন যোগ সাধক সকলক অধ্যয়ন কৰিলে বুজিব পাৰি যে কিছু অসাধ্যকো সাধন কৰিব পাৰিছে তেওঁলোকে | আজিৰ যুগৰ শৰীৰ চৰ্চা কেন্দ্র সমূহত বিভিন্ন অত্যাধুনিক সা-সৰঞ্জামৰ জৰিয়তে শৰীৰ চৰ্চা কৰা হয় | কিন্তু যোগচৰ্চা মুক্তভাবে মুকলি ঠাইত অথবা কোঠাৰ ভিতৰতো কৰা হয় |
     সাম্প্রতিক সময়ত যোগ বিষয়টোত গুৰুত্ব দিয়াটো পৰিলক্ষিত হৈছে | পৰাপক্ষত আমাৰ শিক্ষা ব্যৱস্থাটো যোগ বিষয়টোক স্থান দিয়াৰ চিন্তা চৰ্চা চলিছে | ইয়াক কাৰ্যত ৰূপায়িত কৰিব পাৰিলে যথেষ্ট উপকৃত হ'ব | ভাৰতবৰ্ষৰ কেন্দ্রীয় চৰকাৰকে আদি কৰি ৰাজ্য চৰকাৰ সমূহেও আন্তৰ্জাতিক যোগ দিৱসত জনসাধাৰনক অংশ গ্রহণ কৰি তাক সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায় | সেই কেইদিনত আমাৰ ছাত্ৰ ছাত্ৰী সকলকো এই সম্পৰ্কে জ্ঞান দিবলৈ চেষ্টা কৰা হৈছে | বিদ্যালয়ৰ ছাত্র-ছাত্ৰীক মাতি আনি ইয়াৰ তাৎপৰ্য্য ব্যাখ্যা কৰিবৰ বাবে শিক্ষক-শিক্ষয়িত্রী সকলক অনুৰোধ জনোৱা হয় | তাৰোপৰি ছাত্র-ছাত্রী সকলৰ সক্ৰিয় অংশ গ্রহণো এই দিৱসৰ অন্য এক তাৎপৰ্য্য |
     " দেহা থাকিলেহে বেহা" বোলা এষাৰ আছে | গতিকে এই দেহাটোকে আমি সকলোৱে সুস্থ আৰু সুৰক্ষিত কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগে | যোগ সাধন কৰিলে এই কামটো আমাৰ কাৰণে সহজ সাধ্য হৈ উঠে | আমি দেখিছোঁ যোগগুৰু ৰামদেৱে প্রচণ্ড শীততো গৰম কাপোৰ পৰিধান নকৰাকৈ থাকিব পাৰে | এয়া কেনেদৰে সম্ভৱ হৈছে | কেৱল যোগ সাধনৰ বলত | এনে আৰু যোগ সাধক আছে যিয়ে যোগৰ বলত আমি কৰিব নোৱাৰা কাম কৰিছে | আহক আমি সকলোৱে যোগ অভ্যাসৰ জৰিয়তে নিজকে সু স্বাস্হ্যৰ অধিকাৰী কৰি তোলো ।

       ✍️হেমেন হাজৰিকা
              মিৰ্জা |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)