পৰিৱৰ্তন-পূৰ্ণেশ্বৰী বৰুৱা

পুহ মাহ।ঠেঁটুৱৈ লগা ঠাণ্ডা। তেতিয়া বিজুলী বাতিৰ ব্যৱস্থাই গাঁৱলীয়া ঠাই সমূহত ঢুকি পোৱাই নাছিল। সেই সময়ৰে কথা। ল'ৰা ছোৱালী তিনিটাৰে সৈতে মাক দেউতাকে জুহালত জুইৰ সেক লৈ আছিল। হঠাৎ কিবা কাৰণত আগৰ নিচিনাকৈ কাজিয়া লগাৰ দৰে আকৌ কাজিয়াৰ সূত্ৰপাত হয়। দেউতাকে জুই সেকা বাদ দি খঙতে জুইশালৰ ঠিক ওপৰৰ ঘৰৰ চালতে কেঁচা চানেকীয়া ভলুকা বাঁহৰ এচাৰি দুডাল মান জুইৰ সেক খাবৰ বাবে গোজা মাৰি থোৱা আছিল। তাৰে এডাল টানি আনি দেউতাকে মাকক পিঠি খনত কোবাৱলৈ ধৰিলে। একমাত্ৰ জীয়ৰী জনীয়ে ততালিকে জুই সেকা বাদ দি দেউতাকৰ দুয়োখন ভৰিত সাৱটি ধৰি,,,দেউতা, দেউতা মাক আৰু নেমাৰিব দেউতাঅ' মোৰ বৰ বেয়া লাগেঅ',,,।মোকে মাৰি পেলাওক। আপোনাক কাকূতি কৰি কৈছোঁ ও।মাই যদি কিবা ভুল কৰিছে সেয়া ভুলৰ ক্ষমা ময়ে বিচাৰিছোঁ দেউতাঅ',,,। মোৰ আৰু সহ্য নহয় দেখোন।মাৰ একো দোষ নাই। সাধাৰণ  সৰু কথাতে লাগি মায়ে শাৰীৰিক কষ্ট পাবলগীয়া হোৱাতো বৰ দুখ জনক ভাবে অসহনীয় কথা।
   অসমীয়া নাৰী সমাজত এতিয়াও প্ৰায় ভাগেই স্বামীৰ নিৰ্যাতন লুকুৱাই ৰখা পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ গল্প"ভদৰী" ত ভদৰীয়ে স্বামীৰ দাৰ ঘাপত পিঠিখন বৰ বেয়াকৈ কটাৰ পাছতো বিচনাত পাৰি থোৱা মৈদা খনত পৰিহে তেনে হোৱা বুলি কৈ স্বামীক দোষৰ পৰা দোষ মুক্ত কৰি স্বামী ভক্তিৰ নিদৰ্শন দাঙি ধৰাৰ কাহিনীয়ে প্ৰমাণ কৰি দেখুৱাইছে। এই প্ৰভাৱ মাৰ ক্ষেত্ৰতো একেই দেখা পাই আহিছো। বয়সত সৰু হ'লেও মাৰ ওপৰত আপুনি কৰা ব্যৱহাৰে মোক বুজি পাব লগীয়া বয়স নহ'লেও সেয়াই মোক বুজিবলৈ বাধ্য কৰাই পেলালেঅ' ,,, দেউতা।
   দেউতাকৰ হাতৰ হালোৱা এচাৰি হাতৰ মুঠিৰ পৰা আপোনা আপুনি সুলকি জীয়েকে সেৱা কৰি থকা অৱস্থাতেই তাইৰ পিঠিতে শুই পৰাৰ দৰে লাহেকৈ সৰি পৰিলহি। দেউতাকে,,, উঠা বুলি কৈ তাইক মৰমেৰে উঠাই দি সাৱটি ধৰি মাকক এচাৰি ডাল পুনৰ আগৰ ঠাইত গোজা মাৰি থৈ আহিবলৈ ক'লে। এতিয়া দেউতাকৰ সন্মুখত এক নতুন দিগন্তৰ পৰিৱৰ্তনে ভূমুকি মাৰিলেহি।



✍️পূৰ্ণেশ্বৰী বৰুৱা , নুনমাটি।
      ৯১০১৮৪২২০৫

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send