চাহ বনোৱাৰ জীৱন-ময়ূৰী বাগ

©Admin
0
এই মখা মানুহ
প্ৰহৰি প্ৰগতিৰ
সভ্যতাৰ দেৱাল
গাঁঠি গাঁঠি উকলিছে দিন ।

মেঘৰ ঝংকাৰ তৃপ্ত হৃদয় 
লহ পহকৈ বাঢ়িব পাত 
ভৰিব টুকুৰী 
 আৰু বেতন! 
হ'ব অলপ জোৰদাৰ । 


চাহ আৰু বাতৰি কাকত 
এক সুন্দৰ 
সংগম ৰাতিপুৱাৰ। 

বাগানৰ গলিবোৰ ব্যস্ত 
ঠিক আন দিনবোৰৰ দৰে 
মহামাৰীৰ তাণ্ডৱ
তৎসত্বেও সকলো একে ।


কুলি,  ভোট বেংক
আৰু ক'ত যে উপনাম। 


নেতা আহে দৰদী হৃদয়লৈ 
প্ৰতিশ্ৰুতি দি যায় উন্নতি
হ'ব আপোনাৰো  
মাথোঁ বিশ্বাস ৰাখক আমাৰওপৰত। 

বিশ্বাসৰ ৰণত বিজয়ী 
কোনোবা, 
মাথোঁ একে থাকে 
চাহ বনোৱাৰ জীৱন।।।


✍️ময়ূৰী বাগ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)