মানৱতা এতিয়া
তুলাচনীলৈ গ'ল ;
জীৱিত মৃতদেহবোৰ ৰাজপথে পথে পৰি ৰ'ল
বিষাক্ত ভাইৰাছবোৰ মাথোঁ এক অজুহাত হ'ল ।
বাহিৰৰ পৃথিৱীখন এতিয়া বিষাক্ত হ'ল
ব্যক্তিকেন্দ্ৰিক মনবোৰ এতিয়া পৰিয়ালকেন্দ্ৰিক হল।
নিস্তব্ধ হৈ ৰ'ল সকলোবোৰ
মাথোঁ নহ'ল পেটৰ ভোক ;
সেয়ে চিঞৰিছে , চিঞৰিছো
মানৱতা এতিয়া বেচা কিনা
হল।
ফোনটো ৰিচিভ কৰিয়ে
হুকহুকাই কান্দি পেলাইছে, বহুকেইখন হাঁহিমুখীয়া মুখে, ষ্টেছনতে পৰি ৰৈছে
দুদিনীয়া লঘোণীয়া পেট , মানৱতা ক'ত ?
✍️ হুমায়ুন কবীৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ