কুৰুৱাৰ কিম্বদন্তিত নাৱৰীয়াজনৰ আত্ম-কথা -চুমিন্দ্ৰ চৌধুৰী

অসমীয়া সাহিত্যৰ চানেকি
0

তাহানিৰ কুৰুৱাৰ শুভ্ৰ ধূতিখনৰ সৈতে নীলা পাঞ্জাৱী  চোলা আৰু চকুত ক'লা গগলছ্‌ পৰিহিত ডাঙৰ ডাঙৰ কাণৰ ওখ পাখ  ধক্‌ধকীয়া বগা গপচ নাৱৰীয়াজনৰ কথা আপোনাৰ মনত আছেনে ?

 আজি পোনচাতেই আপোনালোকক সেই ব্যক্তিজনৰ নাম নকওঁ ৷ তাৰ আগতে তেওঁৰ বিষয়ে জ্ঞাত কৰাব বিচাৰিম দুটামান কথা ৷
আশীৰ দশকলৈ কুৰুৱা আৰু গুৱাহাটীৰ মাজত একমাত্ৰ যোগাযোগ ব্যৱস্থা আছিল ঘাট নাওঁ কেইখনমান ৷ সেই সময়ত কুৰুৱাৰ পৰা গাখীৰ, চাউল, মাছ, শাক-পাচলি,হাঁহকণী আৰু পাৰ পোৱালি খোকাত ভাৰ বৈ নিয়া দৈনিক বেপাৰী কেইজনমান, বজাৰ -সমাৰ আৰু অফিচ-কাছাৰীলৈ বুলি  আন কেইজনমান মানুহে ৰাতিপুৱাই গুৱাহাটীলৈ গৈ  দিনে পোহৰে উভতি আহিছিল ৷  সেই সময়ত কুৰুৱা আৰু গুৱাহাটীৰ মাজৰ নৌকা যাত্রা বহুত বিপদসংকুল আছিল ৷ বিশেষকৈ ভৰ বাৰিষা উপায় বিহীন হৈ মানুহ আঁচলৰ আগত জীৱটো বান্ধি ঘাট নাৱেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈছিল ৷ আশীৰ দশকলৈ কেইবাবাৰো কুৰুৱা গুৱাহাটীৰ মাজত চলাচল কৰা ঘাট নাওঁ ব্ৰহ্মপুত্ৰৰ বুকুত দূৰ্ঘটনাগ্ৰস্ত হৈ বহুতো চিনাকী অচিনাকী লোকৰ সলিল সমাধিও ঘটিছিল ৷ কিন্ত গাঁওখনৰ মানুহৰ বাবে আন বিকল্প নাছিল বাবে কেইজনমান দুঃসাহসিক নাৱৰীয়াৰ ঘাট নাওঁ কেইখনেই সকলোৰে আশা ভাৰষাৰ থল আছিল ৷
সেই দুঃসা০৬৷২ৱৰীয়া সকলৰ মাজত আছিল আজিৰ আলোচনাৰ নাৱৰীয়াজন অন্যতম  ৷ তেওঁ অকল দুঃসাহসিকেই নাছিল, আছিল দূৰ্দান্ত বুদ্ধিমান, সহজে হাৰ নমনা কিন্তু দায়িত্ববান লোক ৷
  দেশ স্বাধীন হোৱাৰ আগৰ কথা ৷ মোৰ খুড়াহঁত গুৱাহাটীৰ  কামৰূপ একাডেমীত পঢ়ি থকা সময়ৰ ঘটনা ৷ আজিৰ আলোচনাৰ নায়ক নাৱৰীয়াজনে তেতিয়াৰ গুৱাহাটীৰ উজানবজাৰ ঘাটত নাওঁখন চপায়েই সদায় ওচৰৰ চাহৰ দোকানখনত বহি “আসাম ট্ৰিবিউন" কাকতখন  মেলি বহিছিল ৷ জীৱনত কাহানিও বিদ্যালয়ত ভৰি নৰখা ধূতি পাঞ্জাৱী আৰু চকুত গগলছ পৰিহিত নাৱৰীয়াজনে ইংৰাজী বাতৰি পঢ়ি থকা দেখি কাষেৰে পাৰ হৈ যোৱা পথিকে ৰ’ লাগি চাই গৈছিল ৷ আচলতে তেওঁ পেপাৰখন পঢ়িবলৈ নাজানিছিল মাত্র চখতেহে মেলি লৈছিল ৷ পথৰ পথিকে অনুসন্ধিৎসুক হৈ তেওঁলৈ ৰ’ লাগি চোৱাটোৱেই আছিল পাৰঘাটৰ মানুহৰ বাবে মনোৰঞ্জন ৷ খুড়াহঁতৰ পৰা সেই নাৱৰীয়াজনে দুই এটা ইংৰাজী শব্দ শিকি লৈ কেতিয়াবা কেতিয়াবা অচিনাকী পথিকৰ সৈতে  ৰগৰো কৰিছিল বুলি খুড়াৰ মুখতেই শুনিছিলো৷ কেতিয়াবা কোনোবাই  সচাঁকৈয়ে তেওঁ ইংৰাজী পঢ়িব জানেনে নাজানে প্ৰমাণ চাবলৈ কাকতখন চাই কিবা সুধিলেই তেওঁ ইংৰাজীতে ধমক দিছিল ডেম ইট, নিজে পইচা খৰছ কৰি কাকত কিনি পঢ়  ননচেন্স কৰাইচহঁত ৷ তেওঁৰ ধমকত মানুহে থতমত খাইছিল ৷ 
          এদিন তেওঁ অভ্যাসবশতঃ ট্ৰিবিউন কাকতখন মেলি পুৱা চাহৰদোকানত বহি থাকোতেই দুজন ইংৰাজ চাহাব আহি উপস্থিত হ'ল ৷ চাহাব দুজনৰ উপস্থিতিত পাৰঘাটৰ মানুহবোৰ সন্ত্ৰাসিত হৈ পৰিল ৷ আজি নাৱৰীয়া বাপুৰ অৱস্থা তথৈবচ হ'ব বুলি পাৰঘাটৰ সকলোৱেই খাটাং হৈ পৰিছিল ৷ কিন্ত আমাৰ দুৰ্দান্ত নাৱৰীয়াজন হৈ আছিল নিৰ্বাক নিৰ্বিকাৰ ৷ চাহাব দুজন ওচৰ চাপোতেই তেওঁ  চেলুট মাৰি কাকত খন কাষলতিৰ তলত চেপা মাৰি ধৰিলে ৷ ইংৰাজ চাহাবে দুজনে  তেওঁক কিবা কিবি   সোধ-পোচ কৰি থকা প্ৰত্যক্ষ কৰি পাৰঘাটৰ মানুহবোৰ চিন্তিত হৈছিল যদিও নাৱৰীয়া বাপুৱে  ইয়েচ, ন' আৰু থেংকিউ শব্দ তিনিটাৰেই চাহাব দুজনৰ মনজয় কৰি পেলালে ৷ ইংৰাজ চাহাব দুজনে নাৱৰীয়াবাপুৰ পিঠিত থপথপাই প্ৰস্থান কৰাৰ পাছত পাৰঘাটৰ সকলোৱেই আহি তেওঁক বেঢ়ি ধৰিলে ৷ সকলোৰে মুখত এটাই প্ৰশ্ন আছিল বগা চাহাবে আচলতে কি সুধিছিল আমাৰ নাৱৰীয়া বাপুক ? নাৱৰীয়া বাপুৱে মুখত কোনো ভাৱালেশ প্ৰকাশ নকৰি মাথোঁ ক'লে চাহাবে ইয়েচ , নো আৰু থেংকিউ বিচাৰি আহিছিল ৷ মই লগাখিনি দিলো আৰু তাৰপিছত গুছি গ'ল ৷ এই সম্পূৰ্ণ পৰিঘটনাটোৰ আলেখলেখ মোৰ দুজন খুৰাই আৰম্ভণিৰ পৰা শেষলৈ চাই খুড়াহঁতৰ মনত এটা বুদ্ধি খেলালে ৷ খুড়াহঁতে পঢ়ি থকা একডেমি স্কুলৰ প্ৰধান শিক্ষকজন অলপতে  কৈ বদলি হৈ আহিছিল ৷ গতিকে খুড়াহঁতে নাৱৰীয়াজনৰ লগত বাজী লগালে বৃটিছ চাহাব সাজি স্কুলত গৈ প্ৰধান শিক্ষকক লগ কৰিবলৈ ৷ নাৱৰীয়া বাপুটো ত'লপৰা বিধৰ নাছিলেই ৷ যথা দিনাখন ঘাট নাওঁখন উজান বজাৰৰ ঘাটত চপাই খুড়াহঁতে যোগাৰ কৰি দিয়া জোতা,  পেন্ট,  কোট আৰু কলা গগলছ পিন্ধি স্কুল পালেগৈ ৷ ভাৱৰীয়া নাৱৰীয়াজনৰ উপস্থিতিত বৃটিছ চাহাব অহা বুলি স্কুলত খদমদম লাগি পৰিছিল ৷ স্কুলৰ অফিচ ৰুমৰ পৰিবেশ কাহপৰি জীন যোৱাৰ দৰে হৈছিল ৷ চাহাবী আদব কায়দাৰে প্ৰধান শিক্ষকৰ আগত ব্ৰিটিছ স্কুল পৰিদৰ্শকৰ সফল অভিনয় কৰি নাৱৰীয়া বাপুৱে অৱশেষত খুড়াহঁতক বাজীত হৰুৱালে ৷ 
বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ৰগৰ কৰা নাৱৰীয়াজনৰ নাওঁখনেৰে গুৱাহাটীৰ পৰা কুৰুৱালৈ উভতা এটা যাত্রাৰ কথা মোৰ আজিও ৰিণিকি ৰিণিকি মনত পৰে ৷ সম্ভৱত সেয়া চাগে ফাগুন মহীয়া বতৰ আছিল ৷ মোৰ খুব কাহ জ্বৰ হৈ থকাৰ দেউতাই মোক পানবজাৰৰ হৰিসভাৰ ওচৰত অক্ষয় ডাক্তৰৰ ওচৰত দেখুৱাবলৈ লৈ গৈছিল ৷ যথাসময়ত ডাক্তৰক দেখুৱাই মেলি দেউতাই মামা ককা    ৺গিৰিজানন্দ চৌধুৰীৰ ঘৰলৈলৈ গৈছিল ৷ তাত ভাত পানী খাই আবেলিৰ অন্তিমখন ঘাট নাৱেৰে আমি ঘৰলৈ উভটিছিলো৷ ৰাতিপুৱাৰে পৰা অহৰহ পছোৱা মাৰি থকা বাবে মামাককা ডাঙৰ ল'ৰা বুবুল খুড়াই আমাক সেইদিনাখন উভতি আহিব বাধাও দিছিল ৷ কিন্তু দেউতাই স্কুল খটি কৰিব নিবিছাৰি উভতি আহিছিল ৷ আমি উজান বজাৰ ঘাট পাই দেখিছিলো গোটেই ব্ৰহ্মপুত্ৰ নদীখন কুঁৱলীৰদৰে ধূলিয়ে আৱৰি ধৰি আছে ৷ লৰালৰিকৈ আমি গৈ বহাৰ লগে লগে নাৱৰীয়াজনে লুইতৰ বুকুত নাওঁখন মেলি দিছিল ৷ নাওঁখনৰ গুৰি ধৰিছিল বিশাল বৈথা পাতেৰে আমাৰ আলোচনাৰ নাৱৰীয়াজনে ৷ সেইদিনাখন পছোৱাই কোবাই থকাৰ মাজতে টুলুং ভুটুং কৰি আমাৰ নাওঁখন নদীৰ বুকুত আগুৱাই গৈ থাকিল ৷ দেউতাই নদীৰ পৰাই দেখুৱাই গৈ থাকিল সাত পুখুৰী, বেলি ভিউ হোটেল,  খাৰঘূলি,  জয়পুৰ,  নুনমাটি পাহাৰ আৰু সুদূৰত কবি ৰঘুনাথ চৌধুৰী দেৱৰ পামঘৰ থকা বোন্দা পাহাৰ ইত্যাদিবোৰ ৷ আমি গৈ গৈ নুনমাটি ৰিফাইনাৰী পানীযোগান ধৰা জাহাজখন পোৱাৰ লগে লগে নাওঁখনে গুৱাহাটীৰ দক্ষিণ পাৰৰ পৰা উত্তৰ পাৰৰ কুৰুৱালৈ বুলি সেৱা মেলি দিছিল ৷ সেৱা মেলাৰ লগে লগেই নাওঁখন পছোৱাই হুৰহুৰাই পিছলৈ লৈ গৈছিল ৷ গুৰিয়াল নাৱৰীয়াজনৰ তত্বাৱধানত আৰু বৈঠামৰা লোক কেইজনৰ তত্পৰতাত উত্তৰ পাৰ পালেগৈ যদিও পছোৱাৰ কোবাল সোঁতত নাওঁখন কোনো পধ্যেই আগুৱাই যাব পৰা নাছিল ৷  লাহে লাহে বেলি ডুবু ডুবু হৈছিল আৰু নাওঁখনৰ যাত্ৰীসকলৰ মাজত আতংকৰ উত্তেজনা বাঢ়ি আহিছিল ৷ বতাহত বালি উৰি আহি নাৱৰীয়াজন আৰু বৈঠামৰা  লোক সকলৰ চকুত সোমাইছিল ৷  মই ভয় খাম বুলি দেউতাই কোচত মুৰ থৈ শুবলৈ কৈছিল ৷ বহু সময় ধৰি আপ্ৰাণ চেষ্টা কৰাৰ পাছত গুৰিধৰা নাৱৰীয়াজনে আন এজনক গুৰি ধৰিবলৈ কৈ সকলোকে নিৰ্ভয় দি ব্ৰহ্মপুত্ৰৰ বুকুত জপিয়াই পৰিল ৷ কিছুসময় সাঁতুৰি সাঁতুৰি গৈ মা দীৰ্ঘেশ্বৰী মন্দিৰৰ পোনে পোনে  ঠিয় গৰাই দি চাপৰিত উঠিল ৷ চাপৰিত উঠিয়েই লগত লৈ যোৱা নাৱৰ এমূৰত বান্ধি থোৱা গুণ ডালেৰে অকলে অকলে নাওঁখন টানি নিব ধৰিলে ৷ লুইতৰ কোবাল ঢৌৰ মাজত নাওঁখন সন্তুলিত হোৱাত আন এজন বৈঠামৰা লোকেও সাঁতুৰি পাৰ হৈ নাৱৰীয়াজনক গুণ টনাত সহায় কৰিলে ৷ অৱশেষত বিপদসংকুল অবস্থাৰ মাজেদিয়েই আহি আমাৰ নাওঁখন কুৰুৱা ঘাটত চাপিছিল ৷ দেউতা সমন্বিতে সকলো যাত্ৰীয়েই নাৱৰীয়াজনক তেওঁৰ প্ৰত্যুৎপন্নমতিতা আৰু দূৰ্দান্ত সাহসৰ লগতে যাত্রী সকলৰ সুৰক্ষাৰ প্ৰতি থকা দায়বদ্ধতাক ভূয়সী প্ৰশংসা কৰিছিল ৷ 
এতিয়া চাগে আপোনালোকৰ কুৰুৱাৰ সেই কিম্বদন্তিত নাৱৰীয়াজনৰ নাম নিশ্চয় মনত পৰিছে ৷ তেওঁ আছিল চৌকামূৰৰ বৰনামঘৰৰ সন্মুখৰ  ৺ জগত দাস ওৰফে জগত কাকা ৷ জগত কাকা আজি আমাৰ মাজত নাই ৷ তেওঁৰ আত্মাই চিৰ শান্তি লাভ কৰক তাকেই ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ ৷
     মোৰ গাঁৱৰ  অখ্যাত লোক সকলে এৰি থৈ যোৱা বিখ্যাত চানেকিৰে যাতে উৎসাহিত হৈ নৱ প্ৰজন্মই আগুৱাই যাবলৈ অনুপ্ৰেৰণা পাই তাৰেই কামনাৰে আজিলৈ সামৰিছো ৷

✍️চুমিন্দ্ৰ চৌধুৰী 
     নতুন দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)