নিৰন্তৰ প্ৰেম | ছিৰিজ-২ | ছাইফুদ্দিন আহমেদ

অসমীয়া সাহিত্যৰ চানেকি
0
ইমান মধুৰ গীত আৰু সুৰৰ গৰাকীক বিচাৰি বিচাৰি ডাঃ দেৱেন্দ্ৰ প্ৰায় হায়ৰাণ হৈ পৰিছে ৷ গানৰ গুণ গুণনি কেতিয়াবা যদি ঘৰখনৰ শোভাবৰ্ধন কৰা অতি মৰম লগা ৰং-বিৰঙী গোলাপ ফুলৰ বাগিচাৰ পৰা আহিছে,  আকৌ কেতিয়াবা আহিছে নানা প্ৰজাতিৰ হাঁহে দানা খাব দিয়া ডাঃ দেৱেন্দ্ৰৰ ল’ৰালিৰ স্মৃতি জৰিত পুখুৰীৰ পাৰৰ পৰা ৷ আহ্‌ হা কি যে উৎসুকতা ইমান ধুনীয়া সুৰৰ গৰাকীৰ মুখখন  এবাৰ চাবলৈ কি কৰিব কি নকৰিব ডাঃ দেৱেন্দ্ৰই ভাবিয়েই শেষ কৰিব পৰা নাই ৷ এনেতেই আহিল বৰুৱা ছাৰ, বাইদেউ ! দেৱেন্দ্ৰ টোপনিৰ পৰা কেতিয়া উঠিলা বাবা আহা ! আজি তুমি অহা বুলি সৰু পাৰ্টি এটাৰে আজিৰ সন্ধিয়াটোক ৰমকজমককৈ সজাইপৰাই নাচ-গান আৰু আনন্দৰে পাৰ কৰিবলৈ আমি আয়োজনৰ কোনো ত্ৰুটি কৰা নাই ৷ আমাৰ চহৰখনৰ আটাইতকৈ নাম জ্বলা গায়ক গায়িকাক মাতিছোঁ ৷ তোমাৰ ল’ৰালি কালৰ সকলো বন্ধু- বান্ধৱীৰ লগতে চহৰৰ সকলো চহকী মানুহবোৰ থাকিব আজিৰ পাৰ্টিত ৷ তুমি আহি ঘৰ পোৱা মানে আমাৰ আজিৰ দিনটো কোনো উৎসৱতকৈ কম নহয় ৷ তুমিয়েই আমাৰ দুয়োৰে নয়নৰ মণি বুলি কৈ আটাইয়েই সোমাই গ’ল ঘৰৰ ভিতৰলৈ ৷

         গোটেই দিনটোৱে ঘৰখনৰ সকলোৱেই পাৰ্টিৰ নানান সৰু সুৰা সকলো বস্তুৰ যোগান ধৰা আৰু আয়োজন কৰাত যদিও ব্যস্ত ৷ তথাপিও কিন্তু ডাঃ দেৱেন্দ্ৰৰ মনত খেলি আছে পুৱাৰ সেই মধুৰ সুৰৰ লহৰৰ ঢৌ ৷ কোন তাই ? ক’ৰ হয়, ইমান ধুনীয়া সুৰ তাই আমাৰ ইয়াত আজিয়েই আহিছে নেকি, পাৰ্টি বুলি এই সুৰৰ কাৰণেই তাইক মাতিছে চাগে মায়ে নেকি ? মাক শুধিলে কথাষাৰ কেনেকুৱা হয়; তাইক মাতি আনিবনে লাজো লাগে ভয়ো আছে মনত ৷ ধেই বাদ দিয়া নিজেই কিবাকিবি কৰিব লাগিব বুলি ভাবি নিজৰ ৰুমত আঠ বছৰৰ মুৰত সোমাই ডাঃ দেৱেন্দ্ৰ আচৰিত হৈ গ’ল ৷ ইমান আটকধুনীয়াকৈ কোনোবাই ৰুম সজাব পাৰে বুলি কেতিয়াও ভবাই নাছিলোঁ বুলি মাকক মাতি আনি সুধিলে যে ৰুম কোনজন ইন্টেৰিয়ৰ ডিজাইন (interior designer)ৰে সজাইছে বুলি ৷ তেতিয়া মাকেও ৰুম দেখি আচৰিত যে ছোমিলাই ইমানো ধুনীয়া কৈ ৰুম সজাব পাৰিব বুলি কল্পনাও কৰা নাছিল ৷ তথাপিও নিজৰ ল’ৰাৰ আগত ছোমিলাৰ নাম নকৈ আৰু প্ৰশংসা নকৰি কিছু মুহূৰ্তৰ কাৰণে চিন্তিত হৈ পৰিল ৷ যে ল’ৰাই যদি ছোমিলাৰ প্ৰেমত পৰি যায় তেতিয়া কি হ’ব ! আজিৰ পাৰ্টিটোও তো তাৰ কাৰণে ছোৱালী চাবলৈ হে মেইনলী আয়োজন কৰা হৈছে ৷ সি ভাল সম্ভ্ৰান্ত ঘৰৰ ছোৱালী এজনী পছন্দ কৰিবলৈয়েতো আমিও ৰৈ আছোঁ তাৰ বিয়াৰ কাৰণেই অপেক্ষা কৰি আছোঁ ৷ এতিয়া সি উন্নতিৰ চৰম শিখৰ পাইছে আমি তাক লৈ বহু সুখী ৷ গতিকে তাৰ বিয়াটো আমি অতি সোনকালেই কৰাই দিব বিচাৰোঁ যদিও তাক ছোমিলাৰ পৰা আঁতৰত ৰখা কৈ দিনটো পাৰ কৰিব লাগিব ৷ ছোমিলাই যাতে দেৱেন্দ্ৰৰ চকুৰ আগত আহিব নোৱাৰে তাৰ কাৰণে কিবা ব্যৱস্থা কৰিব লাগিব ৷ আৰু আজিৰ পাৰ্টিৰ পৰা যদি কোনো ছোৱালী পছন্দ নহয় তেতিয়া কাইলৈ আকৌ দেৱেন্দ্ৰক পঠাই দিব লাগিব ৷ নহ'লে  যদি ছোমিলাই মোৰ ল’ৰাক তাইৰ পিনে আকৰ্ষিত কৰি পেলায় ৷ মই বিনাই মৰিব লাগিব ৷ আমাৰ দুয়োৰে সকলো কষ্ট আৰু সাধনা অথলে যাব ৷ আমি ব্যৰ্থ হৈ যাম, আমাৰ আশা ভৰসা সকলোৱেই তচনচ হৈ যাব ৷ নে ছোমিলাকে পঠাই দিম ছোমিলাৰ নিজৰ ঘৰখনলৈ ? 
               আজি পাঁচবছৰৰো অধিক কাল ধৰি ছোমিলাৰ পৰিয়ালৰ কোনোৱেই তাইৰ খবৰো ল’বলৈ অহা নাই ৷ যদিও প্ৰথম দুই বছৰমানত কেইবাবাৰো তাইৰ বৃদ্ধা আইতা আহিছিল ৷ এতিয়া চাগে তেওঁ ঢুকাল নহ'লেতো কিবাকিবি কৰি হলেওঁ ইমান বছৰত আৰু দুই এবাৰ খবৰ ল’বলৈ আহিল হয় ৷ এতিয়া কি কৰোঁ মই ভাবিয়েই শেষ কৰিব পৰা নাই !

✍️ছাইফুদ্দিন আহমেদ, আইনৰ ছাত্ৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)