বিশ্ব পৰিৱেশ দিৱস আৰু আমাৰ কিছু কৰণীয় কাম-চিন্ময় ডেকা

©Admin
0
আমি সকলোৱে অৱগত আমাৰ চৌদিশে পৰিৱেষ্টিত হৈ থকা জীৱ আৰু জড় সকলো বস্তুৰ সমষ্টিয়েই হৈছে পৰিৱেশ। অতীজৰে পৰা প্ৰকৃতি আৰু পৰিৱেশৰ লগত জীৱ-জগতৰ সকলো প্ৰাণীৰ এক ওতঃপ্ৰোত সম্বন্ধ আছে । প্ৰাণ প্ৰদায়িনী প্ৰকৃতিৰ ওপৰত জীৱ-জগতৰ সকলো প্ৰাণীয়ে নিৰ্ভৰ আৰু নিৰ্ভৰশীল। গতিকে পৰিৱেশ বিনষ্ট হোৱা মানে মানুহৰ লগতে জীৱ-জগতৰ সকলো জীৱকুলৰে অনিষ্ট সাধন হোৱা। এইক্ষেত্ৰত ১৯৭৩ চনৰ পৰাই ৫ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’ ৰূপে পালন কৰি অহা হৈছে। মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ্য সন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি সজাগতা সৃষ্টিয়ে এই দিৱসৰ মূল লক্ষ্য। পৰিৱেশ পৰিস্থিতিৰ অনুকূল বাতাৱৰণৰ ক্ষেত্ৰত ইতিবাচক কাম-কাজৰ হাতত লৈ আমাৰ চাৰিওফালে মূৰ দাঙি ধৰা পৰিৱেশজনিত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰা, ইয়াত সমাজৰ প্ৰতিজন লোকৰেই পৰিৱেশ সংৰক্ষণ কৰাটো দায়বদ্ধ, এই কামৰ বাবে কোনো বিশেষ ব্যক্তি বা অনুষ্ঠানৰ মুখলৈ আমি চাই থকা উচিত নহয়। পৰ্যায় মানে নিজ সামৰ্থ অনুসৰি পৰিৱেশ সজাগতা সমগ্ৰ বিশ্বৰ সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱাটো উদ্দেশ্যত উপনীত কৰাটোৱেই এই দিৱসৰ অন্যতম লক্ষ্য। সমস্ত জীৱকূলৰ লগতে মানৱ সভ্যতাক বিপন্ন কৰিব পৰা এক অন্যতম গুৰুত্বপূৰ্ণ উদ্বেগ হ'ল ক্ৰমবৰ্দ্ধমান গোলকীয় উষ্ণতা আৰু আমি বাস কৰা গ্ৰহটিত জীৱন বহন কৰি ৰখা প্ৰকৃতিৰ সূক্ষ্ম ভাৰসাম্যৰ ওপৰত ইয়াৰ প্ৰভাৱ। মানুহৰ মানসিকতাত এই পৰিৱেশৰ সংকটৰ লগতে ইয়াৰ গুৰুত্বতাক ফলপ্ৰসূ কৰাৰ উদ্দেশ্যে, ৰাষ্ট্ৰসংঘই, ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহৰ জৰিয়তে ৫ জুন তাৰিখটোক বিশ্ব পৰিৱেশ দিৱস হিচাপে অনুষ্ঠিত কৰি আহিছে, যাতে পৃথিৱীখন অধিক স্বচ্ছ আৰু সেউজীয়া হয়। জৰুৰী পৰিৱেশগত সমস্যাসমূহক এক মনুষ্যত্বপূৰ্ণ মুখা প্ৰদান কৰাৰ আন্তঃৰাষ্ট্ৰীয় মূল বিষয়টোৰ সৈতে সংগতি ৰাখি আমাৰ দেশৰ সকলো ৰাজ্যতে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ই লগতে মানুহক বহনক্ষম আৰু ন্যায়সংগত উন্নয়নৰ সক্ৰিয় প্ৰতিনিধি হ'বলৈ সবল কৰাৰ চেষ্টা কৰে আৰু মুখ্য পৰিৱেশত সমস্যাসমূহৰ ফালে সম্প্ৰদায়সমূহৰ পৰিৱৰ্তিত মনোভাৱ যে অত্যন্ত গুৰুত্বপূৰ্ণ সেই বুজাবুজি বৃদ্ধি কৰিবলৈ চেষ্টা কৰে তথা অংশীদাৰিত্বক সমৰ্থন কৰে। এই অনুষ্ঠানটোৰ প্ৰাথমিক লক্ষ্য হল পৰিৱেশৰ অৱস্থা সম্পৰ্কে সাধাৰণ মানুহক সংবেদনশীল কৰি তোলা আৰু পৰিৱেশগত সমস্যাসমূহৰ সম্পৰ্কে এক উপলব্ধি গঢ়ি তোলা আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ব পৰিৱেশ দিৱস তথা অন্যান্য স্থানীয় নিৰ্দিষ্ট পৰিৱেশগত সজাগতা অনুষ্ঠানসমূহ অনুষ্ঠিত কৰা। মানুহৰ একমাত্ৰ বাসভূমি এই পৃথিৱীত দ্ৰুত হাৰত বৃদ্ধি হৈ উঠা পৰিৱেশজনিত সমস্যা, খাদ্যবস্তুৰ অপচয় আৰু লোকচান, নিৰ্বনিকৰণ, গোলকীয় উষ্ণতা বৃদ্ধি আদি সমস্যাবোৰ সমাধানক এই দিৱসৰ লক্ষ্য কৰি লোৱা হৈছে। সেই উদ্দেশ্যে প্ৰতি বছৰে এটা বিষয়বস্তু আৰু শ্লোগান সমগ্ৰ বিশ্বতে প্ৰচাৰৰ আঁচনি কৰা হয়। কাৰ্বনমুক্ত পৰিৱেশ আহৰণত সফলতা লাভৰ বাবে বননিকৰণ, সেউজ গৃহৰ পাৰ্শ্বক্ৰিয়া হ্ৰাসকৰণ, জৈৱ-ইন্ধন উৎপাদনত উদগনি, বিদ্যুৎ উৎপাদনত জলবিদ্যুৎ প্ৰকল্পৰ ব্যৱহাৰ, ছ’লাৰ ৱাটাৰ হিটাৰ ব্যৱহাৰত সাধাৰণ মানুহক উৎসাহিত কৰা, সৌৰ উৎসৰ পৰা শক্তি উৎপাদন, নতুন জলনিষ্কাশন ব্যৱস্থাৰ বিকাশ, প্ৰবাল-চৰ আৰু মেংগ্ৰোভৰ প্ৰতিষ্ঠা বা পুনঃপ্ৰতিষ্ঠাত সহায় কৰা, যাতে বান আৰু খহনীয়াৰ কবলৰ পৰা দ’ ঠাইবিলাক ৰক্ষা কৰিব পাৰি- ইত্যাদি বিষয়বোৰক মানুহৰ মাজত জনপ্ৰিয় কৰাৰ উদ্দেশ্য আগত ৰাখি এই দিৱস উদযাপন কৰা হয়। লগতে বিভিন্ন সামাজিক গোট আৰু সম্প্ৰদায়ৰ মানুহক এই দিৱসত জড়িত কৰাই তেওঁলোকক এই বিষয়ৰ সজাগতাৰ ক্ষেত্ৰত সক্ৰিয় নেতৃত্ব ল’বলৈ উৎসাহিত কৰা হয়। তেওঁলোকক এইটো উপলব্ধি সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয় যে পৰিৱেশৰ পৰা নেতিবাচক পৰিৱৰ্তনবোৰক বাধা দিয়া নিতান্তই দৰকাৰী। নিৰাপদ, পৰিচ্ছন্ন আৰু সমৃদ্ধিপূৰ্ণ ভৱিষ্যৎ এটা পাবৰ বাবে যে আমি আমাৰ চৌপাশ সুৰক্ষিত আৰু পৰিচ্ছন্ন কৰি ৰাখিব লাগে, সেই কথা সাধাৰণ মানুহৰ উপলব্ধিৰ মাজলৈ লৈ যোৱাটোও এই দিৱসৰ গুৰুত্বপূৰ্ণ লক্ষ্য। এই লক্ষ্যবোৰত উপনীত হোৱাৰ চেষ্টাৰ অংশ স্বৰূপে বিশ্ব পৰিৱেশ দিৱসত সমগ্ৰ বিশ্বতে কিছুমান সবল আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হয়। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যায়ত এনে কাৰ্যসূচী গ্ৰহণ কৰা হয়। পথ সমদল, বৃক্ষৰোপণ, আৱৰ্জনা পুনৰ ব্যৱহাৰকৰণ, চৌপাশ পৰিষ্কাৰ কৰা অন্যান্য বিভিন্ন সক্ৰিয়তাত লাখ লাখ লোকক জড়িত কৰা হয়। তাৰোপৰি অধিক ব্যাপকভাৱে জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ বিভিন্ন সংবাদ মাধ্যমক জড়িত কৰা হয়। আপুনি জাননে বাৰু পৰিৱেশ ভাৰসাম্য নোহোৱাৰ বাবে বিশ্বত প্রতি বছৰে ১৫ নিযুত লোকৰ খাদ্যৰ অভাৱত মৰে। বিশ্বৰ ১০৮ কোটি মানুহৰ বায়ু প্রদূষণৰ ফলত মৃত্যু ঘটে। বিশ্বৰ ১.২ বিলিয়ন মানুহে পৰিষ্কাৰ পানী খাবলৈ নাপায় আৰু মৃত্যুবৰণ কৰে। কিন্তু আমি বাৰু আজিৰ সমাজ-পৰিৱেশক লৈ কিমান সজাগ আৰু সচেতন। গোটেই বিশ্বৰে কেৱল ৫ জুন তাৰিখেহে মনত পৰে নেকি? পৰিৱেশৰ প্রতি প্রেম। বিশ্ব পৰিৱেশ দিৱস হিচাপে প্রতি বছৰে বিশ্ব আন্ত-জাতিক ৰাষ্ট্রীয় সংগঠনে এটা বিষয় প্রসঙ্গ ৰাখে আৰু এই বিষয় প্রসঙ্গ ওপৰত ভিত্তি কৰি আমি বিভিন্ন ধৰনৰ অনুষ্ঠান পতা হয়। বিশ্ব পৰিবেশ দিৱস সংহতি ৰাখি ২০১৫ বর্ষৰ বিষয় প্রসঙ্গ হৈছে ভাবক, খাওক আৰু বচাওক। পোন প্রথমে ভাবক বর্তমান আমি কি কৰি আছো আৰু কিদৰে প্রকৃতিক অনিষ্ট কৰি আছো। তাৰ বাবে সকলো মানুহ সমানেই দায়ী। সময় আহিল ভাবিবৰ কিদৰে পৰিৱেশ সংৰক্ষন কৰি ৰাখো। নিয়মিত আৰু সীমিত ভাবে খাওক। বাঢ়ি অহা কার্বন-ডাই-অক্সাইড গেছৰ পৰিমান কমাই অনা আৰু পৰিৱেশ দূষিত নকৰা সামগ্রী ব্যৱহাৰ কৰা। ইয়াৰ লগতে নিজৰ ঠাইত উৎপাদন কৰা বস্তু ব্যৱহাৰ কৰা যাতে নিজৰ কৃষকসকল আর্থিক ভাবে লাভবান হয়। পৰিৱেশ বচাই ৰখাটো আমাৰ সকলোৰ দায়িত্ব। অলপ হলেও সঞ্চিত ৰখাটো আমাৰ বহু প্রয়োজনীয়। আমি দিনে বহু খাদ্য অযথা নষ্ট কৰি পেলাই দিও যত নেকি আমাৰ দেশত খাবলৈ নেপাই হাজাৰ হাজাৰ মানুহ মৃত্যু বৰণ কৰে। গতিকে বচাই ৰাখি খোৱাটো আমাৰ বহু প্রয়োজনীয়। আপুনি অলপ কৰিও পৰিবেশ বচাই ৰাখিব পাৰে। মাথো লাগে অলপ চেষ্টা আৰু সচেতনতা। পোন প্রথমে প্রশ্ন আহে আচলতে আপুনিনো পৰিবেশক লৈ কিমান খিনি সচেতনতা আছে। আজিৰ যান্ত্রিক যুগত পইচাৰ পিছত দৌৰি থাকোতে জানো পৰিবেশ বিষয়ক চিন্তা-চর্চা কৰিবলৈ সময় আছে। কিন্ত বছৰটো ঘৰৰ ভিতৰত থাকিও আপুনি পৰিবেশ তন্ত্রৰ ভাৰসাম্যতা বজাই ৰাখিব পাৰে। ইমান দিনে ঘৰতে থাকি অযথা বহুত খাদ্য নষ্ট কৰে কিন্ত এই খন দেশতে হেজাৰ হেজাৰ মানুহ খাবলৈ নেপাই মৃত্যুমুখত পৰে। গতিকে এক সীমিত পৰিমাণ খাদ্য খাই খাদ্য শংখল ধৰি ৰাখিব পাৰে। ঘৰৰ পিছফালে, ঘৰৰ চাঁদৰ ওপৰত আৰু আগফালে খালী হৈ থকা মাটিখিনিত আপুনি সৰু-সুৰা বাগিচা বনাব পাৰে। এই বাগিচাত আপুনি ফুলৰপৰা আদি কৰি ফল-মূল, মছলা জাতীয় গছ লগাব পাৰে। এই বাগিচাই পৰিৱেশ সুস্থ কৰাৰ লগতে খাদ্য প্রদান কৰিব। দৈনিক-দিনে বজাৰৰপৰা চবজি কিনি আনো আৰু তাৰ পৰা খাদ্য বনাও। খাদ্য বনাওতে অযথা আমি বহু নষ্ট কৰো বা অলাগতিয়াল অংশখিনি ঘৰৰ নল-নর্দমাত পেলাই দিওঁ। কিন্তু আমি তাকে নকৰি পেলনীয়া সামগ্রী খিনি গোটাই এটা পাত্রত জমা কৰি ৰাখিব পাৰো। এটা সময়ত পচিব আৰু এইখিনি উওম সাৰ হিচাবে বাগিচাত ব্যৱহাৰ কৰিব পাৰো। এইখিনি কৰিলে পৰিৱেশ দূষিত কৰাৰপৰা বিৰত ৰাখিও পৰিৱেশ জৈৱিক কৰি তুলিব পাৰোঁ । নিতৌ বজাৰ কৰিব যাত্তঁতে পৰাপক্ষত মোনা লৈ যাওঁক যাতে প্লাষ্টিক জাতীয় বস্তুৰ ব্যৱহাৰ কমাই দিব পাৰো। যিহেতু এই প্লাষ্টিক জাতীয় সামগ্রী বোৰ মাটিৰ লগত পচি নাযায়। গতিকে যিমান পাৰি এই প্লাষ্টিক জাতীয় সামগ্রী ব্যৱহাৰ কৰাৰপৰা বিৰত থাকক। আপুনি বাৰু আহিবলগীয়া প্রজন্মৰ বাবে অলপ কিছু কিবা এটা হলেও কৰিবলৈ মন যাই নে? এক সমীক্ষা মতে ২০৫০ চনত গোটেই বিশ্বত খোৱা পানীৰ অভাৱ ঘটিব আৰু পানীৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব। প্রায়ভাগ সকলোৰ ঘৰতে পানীৰ সৎ ব্যৱহাৰ কৰা দেখা নাযায়। অবাবত পানী ব্যৱহাৰ কৰে তাৰ ফলশ্রুতিত আহিবলগীয়া ভবিষ্যতৰ প্ৰজন্মলৈ বিপদৰ শংকাই গ্ৰাস কৰি উঠিছে। কেৱল মিটিং এখন পাতিয়েই যে পৰিৱেশ সজাগতা আনিব পাৰে ঠিক তেনেকুৱা নহয়। দেওবাৰৰ দিনটো ন'হলে আবেলিৰ চাহ একাপৰ সৈতে গপচপ মৰাৰ অভ্যাস আছে তেন্তে আপুনি এই পৰিৱেশত পৰিৱেশ জাতীয় বিষয় লৈ আলাপ-আলোচনা কৰিব পাৰে। আজিৰ যুগত আটাইতকৈ উত্তম উপাই হৈছে ছচিয়েল নেটৱর্কবোৰ যি এতিয়া প্রতিজন মানুহৰ প্রিয়। আপুনি যি কোনো পৰিৱেশৰ লগত সংগতি থকা বিষয় শ্বেয়াৰ কৰিব পাৰে আপোনাৰ বন্ধু বান্ধবীক আৰু এক নতুন সজাগতা সৃষ্টি কৰিব পাৰে। তেতিয়াহে আমাৰ পৃথিৱী খন চিৰ সেউজ পৰিৱেশে বিৰাজ কৰিব লগতে ভবিষ্যত প্ৰজন্মৰ অন্ধকাৰৰ দিশত পৰা সুৰক্ষিত হ'বলৈ পাৰিব। গতিকে আহঁকচোন আমি সকলোৱে বিশ্বজুৰি বিশ্ব পৰিৱেশ দিৱসৰ পৰিৱৰ্তে অন্য দিনটো গছ-গছনি ৰোপণ কৰি ভয়ংকৰ সন্ত্ৰাসৰ পৰা আমাৰ চিৰ সেউজ পৃথিৱীখন বছাই ৰাখোঁ।

✍️চিন্ময় ডেকা, টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)