আমাৰ চৌপাশ আৰু প্ৰতিটো জীৱ-জন্তুৰ লগত পৰিৱেশৰ ওত:প্ৰোত সম্পৰ্কৰ কথা সকলোৰে জ্ঞাত ।বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ বিকাশৰ পূৰ্বে পৰিৱেশ আৰু সকলো জীৱৰ মাজত ভাৰসাম্যতা অক্ষুণ্ণ আছিল ।মানুহ আৰু পৰিৱেশৰ মাজতো তেনে অকৃত্রিম সম্পৰ্কই আছিল ।কিন্তু যেতিয়াৰে পৰা মানুহে পৰিৱেশৰ সমলবোৰেৰে নিজৰ জীৱন শৈলীৰ বাবে প্রয়োজনীয় আচবাব তৈয়াৰ কৰিব পৰা হ'ল, পৰিৱেশৰ উপাদানবোৰেৰে মানুহে লাস-বিলাসৰ জীৱন-যাপন কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াৰে পৰা মানুহ কংক্রিটৰ পৃথিৱীত ইমানেই সোমাই পৰিল যে মানুহৰ জীৱন ধাৰণত সকলো ফালৰ পৰা প্ৰভাৱ পেলোৱা পৰিৱেশ বিনষ্ট কৰাত অকণো কুণ্ঠাবোধ নকৰা হ'ল। উন্নয়ণৰ নামত নিৰ্মাণ কৰা কল - কাৰখানা, গাড়ী- মটৰৰ ধোঁৱা, উচ্চস্বৰে পৰিৱেশৰ ওপৰত বিৰূপ প্রভাৱ বিস্তাৰ কৰিবলৈ ধৰিলে । জনসংখ্যাৰ বিস্ফোৰণ পৰিৱেশ ধ্বংসৰ মূল কাৰণ । অধিক জনসংখ্যা বৃদ্ধিৰ ফলত মানুহে নিজৰ বাসস্থানৰ বাবে গছ -বন কাটি টহিলং কৰিছে । বৈচিত্র্যতাৰে পূৰ্ণ প্ৰকৃতিৰ উপাদানবোৰেৰে মানৱ জাতিয়ে নিজৰ উদৰ পূৰাইছে। মুঠতে পৰিৱেশ ধ্বংসযজ্ঞৰ মূলতে হ'ল মানুহ আৰু মানুহৰ স্বাৰ্থান্বেষী ভোগ বিলাসী জীৱনৰ প্রতি লোভ। পৰিৱেশ অবিহনে মানৱ জীৱন অসম্ভৱ জানিও মানুহৰ কিন্তু পৰিৱেশ ৰক্ষাৰ প্ৰতি কোনোধৰণৰ সচেতনতা নাই। পৰিৱেশ প্ৰদূষণে মানৱ জীৱনলৈ বিভিন্ন প্ৰকাৰে ভাবুকি অনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘই ১৯৭৪ চনৰ পৰা ৫ জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। তেতিয়াৰে পৰা ৫ জুন তাৰিখটোত সমগ্র বিশ্বতে পৰিৱেশ দিৱস হিচাপে পালন কৰি আহিছে । কিন্ত দেখা যায় উক্ত দিনটোত এজোপা গছপুলি ৰোৱাটোৱে পৰিৱেশ দিৱস উদযাপনৰ একমাত্র দায়িত্ব বুলি ভাবে । পৰিৱেশ দিৱস হৈছে বছৰটোৰ এনে এটা ৰিমাইণ্ডাৰৰ দিন যিটো দিনে গোটেই বছৰটোত পৰিৱেশ সুৰক্ষাৰ হকে মানুহে ব্যক্তিগতভাৱে কেনেধৰণৰ দায়িত্ব ল'ব লাগে , কেনেদৰে পৰিৱেশৰ যতন ল'লে আমি ভৱিষ্যত প্রজন্মক এখনি সেউজ আৰু স্বচ্ছ পৰিৱেশ উপহাৰ দিব পাৰোঁ সেই সম্পৰ্কে সোৱঁৰাই দিয়ে। তদুপৰি এই দিনটো হৈছে পৰিৱেশ আৰু বিশ্বখন ৰক্ষাৰ হকে মানৱ জাতি প্ৰতিজ্ঞাবদ্ধ হোৱাৰ এটা দিন। আমি প্ৰত্যেকেই দৈনন্দিন জীৱনত প্ৰকৃতিক বিনষ্ট কৰা,পৰিৱেশ প্ৰদূষণ সৃষ্টি কৰা আদি যিকোনো কৰ্মৰ পৰা বিৰত থকাৰ লগতে এখনি সেউজ পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্রত অলপ হ'লেও বৰঙণি যোগোৱাৰ বাবে সংকল্প লওঁ আহক ।
প্রতি বছৰে পৰিৱেশ ৰক্ষাৰ হকে বিভিন্ন ধৰণে বিষয়বস্তু নিৰ্বাচন কৰি সেই দিশসমূহৰ উন্নয়ণৰ হকে প্রতিখন দেশে কাৰ্য ব্যৱস্থা গ্রহণ কৰি আহিছে । এইবছৰো পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে "Restoration of Ecosystem বা পৰিৱেশ তন্ত্রৰ পুনৰুদ্ধাৰ " । গতিকে পৃথিৱীত জন্ম লাভ কৰা জীৱ শ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ পৰিৱেশ ৰক্ষা কৰা বিশ্বখন চিৰসেউজ কৰি তোলাটো আমাৰ নৈতিক দায়িত্ব হোৱা উচিত । অন্যথা সমাজৰ প্ৰতিজন ব্যক্তিয়ে যেতিয়ালৈকে আভ্যন্তৰীণভাৱে পৰিৱেশৰ গুৰুত্ব উপলব্ধি কৰিব নোৱাৰে তেতিয়ালৈকে যিমানেই আইন প্ৰণয়ন কৰিলেও পৰিৱেশ ৰক্ষাৰ কথাটো অৰ্থহীন। সম্প্ৰতি কালৰূপী কৰ'ণা মহামাৰীয়ে প্ৰকৃতিৰ ওচৰত অহংকাৰী মানৱ সমাজৰ অস্তিত্ব যে শূন্য তাক সম্পূৰ্ণৰূপে উদঙাই দিছে । বিনামূলীয়াকৈ লাভ কৰা অক্সিজেনৰ মূল্য অনুভৱ নকৰি পৰিৱেশৰ ওপৰত চলোৱা অত্যাচাৰৰ ফলত ব্যয়বহুল কৃত্ৰিম অক্সিজেনৰ অভাৱত মৃত্যুক আঁকোৱালি লোৱাৰ পিছতো যদিহে পৰিৱেশ ৰক্ষাৰ নৈতিক দায়িত্ব উপলব্ধি কৰিব নোৱাৰে তেনেহ'লে অতি সোনকালে মানুহৰ অস্তিত্ব বিলুপ্ত হোৱাৰ সম্ভাৱনা যে আছে সেইয়া নিশ্চিত ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ