নতুনৰ প্ৰলেপ সানিব বিচাৰে
মুঠি-মুঠিকৈ সেউজীয়া সপোনবোৰে বাহ সাজিছিল
বুকুৰ কেনভাচত
সূৰুজমুখী ৰঙীণ কল্পনাৰ মায়াজালে
আলোড়িত কৰে প্ৰতিনিয়ত
তাই মদাৰ নহয় শেৱালি হৈ ফুলিব
দুৱৰিৰ সতে নিকুঞ্জ কাননত প্ৰভাতৰ গীত ৰচিব
আলফুলে!
কুঁৱলীৰ কোমল বন্দৰত
নীৰৱ নদীৰ ঢৌৱে জুৰুলা কৰা উত্তপ্ত হৃদয়ত
কিয় বাৰু বাজি উঠে কল্যাণ ৰাগ
তাইৰ দোষ ক'ত?
তাইতো বিচাৰিছিল মাথোন পুনৰ এযোৰ ৰঙাসাজ পিন্ধিবলৈ
সেয়া জানো তাইৰ কাম্য নহয়?
সভ্যতাৰ বটবৃক্ষৰ কঠিন শিপাই
সহস্ৰ বাহুবলেৰে মেৰিয়াই ধৰে
অনাগত ভৱিষ্যতক।
ক্ৰমশঃ ধূসৰ হৈ পৰে সময়বোৰ.......
✍️কাজল সাহা গোৱালপাৰা