বেগম-জান ০৭ | উৎপল মৰাং

Rinku Rajowar
0
আজাদে ভবাৰ দৰে বা ৰাণীয়ে কোৱাৰ দৰে অৰ্পনাই তেনেকুৱা কৰা নাই।কিন্তু ৰাণীয়ে অৰ্পনাই আজাদৰ লগত প্ৰেমৰ অভিনয় কৰিলে বুলি ভাবিলে।আচলতে অৰ্পনাৰ এক দুৰাৰোগ্য বেমাৰ আছে,যিটো মাক-দেউতাকে তাইৰ পৰা লুকুৱাই ৰাখিছে।নিশ্চয় অৰ্পনাই বিচৰাৰ দৰে মাক-দেউতাকে তাইক আজাদলৈ দিলে হেতেন,কিন্তু যদি তাইৰ বেমাৰে তাইৰ কাল হৈ পৰে তেতিয়া আজাদৰ কি হ'ব বুলিহে হয়তো মাক-দেউতাকে এইবোৰ কৰিছে।হাঁহি ফূৰ্তিয়ে থকা ছোৱালীজনীৰ এনে এটা বেমাৰ আছে কিন্তু ডাক্টৰক দেখুৱাবলৈ মাক-দেউতাকৰ টকা-পইচা নাই।মাক দেউতাকৰ তাই একমাত্ৰ ছোৱালী।সেইজনীকো ভগৱানে এনেকৈয়ে দি তাইৰ জীৱনতো ধ্বংস নকৰিবলৈ সদায় মাক-দেউতাকে প্ৰাৰ্থনা কৰে।কিন্তু আজাদে কেৱল অৰ্পানাকেই বিয়া পাতিম বুলি জেদ ধৰিলে।

     কিছু দিনৰ পাছত অৰ্পনা কলেজলৈ গ'ল।তাই গৈয়ে ৰাণীক বিচাৰি তাইৰ ওচৰলৈ গ'ল।কিন্তু ৰাণীয়ে তাইৰ লগ ল'ব বিচৰা নাই আতঁৰি আতঁৰি গৈছে।আজি কলেজলৈ আজাদো অহা নাই।তাই আকৌ ৰাণীৰ ওচৰলৈ গ'ল।
:ৰাণী।
:লাজ নালাগিল তোমাৰ?
:কিহৰ লাজ ৰাণী?(আচৰিত হৈ অৰ্পনাই সুধিলে)
:তুমি আজাদ দাৰ লগত কিয় এনেকুৱা কৰিলা?সি তোমাক কিমান ভালপায় জানা?
:ৰাণী মই....মই কি কৰিলোঁ আকৌ?
:কি কৰিলা!এতিয়া নজনা উলাইছা।
:ৰাণী মই সঁচাকৈ নেজানো কি কৰিলোঁ।
:তুমি যে আজাদ দাক এৰি গুচি গ'লা।সি কিমান কষ্ট পাইছে গমপোৱা?সদায় তোমাৰ লগত কথা পাতিবলৈ বিচাৰে।কেইদিন মানৰ আগত তোমাক বিচাৰি তোমালোকৰ ঘৰ পালেগৈ।কিন্তু তোমালোক তাত নাই।বাৰু ঠিক আছে বেলেগত ঘৰ লৈছা কমচেকম আজাদ দাক এবাৰ ক'ব পাৰিলা হয়।
:ৰাণী,তেনেকোৱা কথা নহয়।
:তেন্তে কেনেকুৱা কথা?তোমাক এজনী ভাল বান্ধৱী বুলি ভাবিছিলোঁ।কিন্তু তুমি,তোমাৰ পৰা এনেকোৱা আশা কৰা নাছিলোঁ।
:ৰাণী,শুনাচোন।
:কোৱা।
:মই আজাদক বহুত ভাল পাঁও,ময়ো জানো সিও মোক পায়।
:তেন্ত এইবোৰ কি?

      অৰ্পনাই সকলোবোৰ কথা ৰাণীক বহলাই ক'লে।
:মই আজাদক বহুত ভালপাঁও ৰাণী।
:গম পাইছো মই অৰ্পো।(ৰাণীয়ে অৰ্পনাক অৰ্পো বুলি মাতিছিল।) ৰ'বা মই তালৈ ফোন লগাওঁ।
:নেলাগে ৰাণী,কাইলৈ সি কলেজলৈ আহিলে মই নিজেই কথা পাতিম।
:ঠিক আছে বাৰু,ব'লা এতিয়া ক্লাছ আছে।
:নাই মই নকৰোঁ তুমি যোৱা।
:অৰ্পো যি হ'ল হ'ল।তুমি কাইলৈ আজাদ দাক সকলো কথা কৈ দিবা।চব ঠিক হৈ যাব।
:যদি আজাদে আমাৰ ঘৰৰ কথাটো গম পায় মোক এৰি দিয়ে।
:নাই অৰ্পো,হয়তো আজাদ দাই সেইটো নকৰে।বিশ্বাস ৰাখা তাৰ ওপৰত।ব'লা এতিয়া।
:উমমম...ব'লা।
  
         অৰ্পনাই ৰাণীক সিহঁতৰ ঘৰৰ অৱস্থাৰ পৰা ধৰি সকলোবোৰ কথা ক'লে।ৰাণীয়ে বুজি পায় বহুত দুখ কৰিলে।তাই একো নজনাকৈয়ে সেইদিনা অৰ্পনাৰ বিষয়ে বেয়াকৈ ক'লে,তাৰ বাবে তাই নিজকে অৰ্পনাৰ ওচৰত অপৰাধী বুলি ভাবিলে।
    কলেজ ছুটীৰ পাছত দুয়োজনী লগ হৈ ৰাস্তালৈকে খোজ কাঢ়িলে।ৰাণীয়ে চাইকেল আনিছে তথাপিও অৰ্পাৰ লগতে খোজ কাঢ়ি গ'ল।ৰিক্সাত যাবলৈও ৰাস্তাৰ লৈকে বিশ টকা ভাড়া লাগে।অৰ্পনাই বাছত উঠা লৈকে ৰাণীও লগত আছে।অলপ পাছত বাছ অহাত অৰ্পনাই তাইক যাবলৈ কৈ নিজেও বাছত উঠি ল'লেগৈ।ৰাণীয়ে নিজৰ চাইকেলত উঠি ঘৰলৈ গ'ল আৰু অৰ্পনা যে আজি কলেজলৈ আহিছিল আজাদক কম নেকি বুলি ভাবি গৈছিল।তিনি আলিতে ৰাণীয়ে আজাদক লগ পালে।
:আজাদ দা।(তাই অৰ্পনাৰ কথাটো ক'ব বিচাৰিছিল কিন্তু নকলে।)
:অ ৰাণী আহিলা।
:উমম...আহিলো,তুমি আজি কলেজ নগ'লা যে?
:নাই আজি একেবাৰে মন নগ'ল।
:অ..কাইলৈ যাবা নহয়।
:উমম...কালৈ যাম।
:ঠিক আছে দাদা মই যাওঁ হা।
:উমম...যোৱা।

    যাওঁ বুলি কৈ ৰাণী গুচি গ'ল।
পাছদিনা কলেজত আজাদে অৰ্পনাক দূৰৰ পৰা দেখি তাইৰ ওচৰলৈ দৌৰি আহিলে।
:অৰ্পনা!

   আগলৈ.........

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)