অনুশোচনা-কাজি শ্বাহাদত ইছলাম

পংখী মৰাণ
0
এটা ফোন কলে বাৰে বাৰে বেমেজালি কৰি আছিল যদিও ইমৰানে প্ৰতিবাৰেই আওকান কৰি গৈ আছিল।ইমান সোনকালেই আজি অফিচত আহিবলগীয়া হোৱাত মনটোক এনেয়ে বেজাৰৰ ডাৱৰে আৱৰি ধৰিছিল। বিশেষ কোনো কামৰ কাৰণে অহা নাই।টোপনিৰ অৰ্ধসমাপ্ত ক্ষণতেই পত্নীৰ অসহনীয় চিঞৰ বাখৰে বাধ্য হে কৰাইছে ঘৰ এৰিবলৈ। তাইৰ এনে হুটা  মাত আৰু উদণ্ড চৰিত্ৰই কেতিয়াবা মনক ভবাই তোলে বিচ্ছেদৰ পন্থাটোক আঁকোৱালি ল'বলৈ। কিন্তু হেজাৰ হ'লেও সংসাৰ এখন ভাঙিব বিচৰা আৰু ভাঙি পেলোৱাটো ইমান সহজ নহয়।সেয়েহে জীৱনটো অজস্ৰ বিষাদ পূৰ্ণ হোৱা হেতুকে ভাবনাক প্ৰশ্ৰয় দিয়া নাই তেওঁ।বহুদিন পাৰ কৰিলে যুগ্মজীৱনটো এটা আশাতেই আছে যে হয়তো কেতিয়াবা সম্পৰ্কটো সঠিক দিশত উভতি আহিব।আচলতে সাংসাৰিক সুখ দুখ হ'ল অমৃত আৰু তিক্ত বিষৰ দৰেই। সম্পৰ্কটো সঠিক কক্ষপথত চলিলে  বাগিচাৰ সৌন্দৰ্যময়ী ফুলৰ দৰে জীৱন অতিবাহিত হয় আৰু মনোমালিন্যতাই দেখা দিলে তাতকৈ কষ্ট আৰু নাথাকে।
   মই ভিতৰত আহিব পাৰোঁ নে ছাৰ?--দুৱাৰৰ পৰা এক অচিনাকি শব্দই আহি কাণত খুন্দা মাৰিলে।হয়,আহক!!--কৌতুহলী দৃষ্টিৰে মানুহজনৰ ফালে চালে নিজৰ অজানিতেই অনুমতি ওলাই গ'ল।মানুহজনৰ হাতত এখন লেফাফা। "মই এই চহৰত ভাৰা ৰুমত থাকোঁ,গাঁৱৰ পৰা আহিলোঁ আজি।আপোনাৰ দেউতা মোৰ ভাল চিনাকি,মই আহি আছোঁ  বুলি গম পাই মোৰ হাতত পঠিয়াই দিলে।"----তেওঁ কিবা কওঁ নকওঁ ভাবি থাকোঁতেই মানুহজনে টেবুলৰ ওপৰত লেফাফা থৈ সাউৎকৰে ওলাই গ'ল। "মানুহ জনে মোৰ অফিচ চিনি পালে কেনেকৈ,আগতে কেতিয়াওঁ দেখাও নাই....."---কিছুমান উত্তৰ পাব নোৱাৰা প্ৰশ্নই তেওঁৰ মনৰ ভিতৰতে উগুল থুগুল আৰম্ভ কৰি দিলে।যি হওঁক লেফাফা খুলি তেওঁ হতবাগ হৈ পৰিল।
      মাকৰ বহুত বেমাৰ.... মাকে এবাৰ তাক চাব ইচ্ছা কৰিছে.....যিমান সোনকালে সম্ভৱ হয় গাঁওলৈ যাব লাগে।অফিচত অত্যাধিক ব্যস্ততা আৰু ৰুমৰ পত্নীৰ দুৰ্ব্যৱহাৰৰ বাবে তেওঁ কেতিয়া যাব সেই সিদ্ধান্ত ল'ব নোৱাৰিলে। দিনটোৰ পিছত অফিচ সামৰি ৰুমলৈ বুলি
গ'ল।নিস্তব্ধ ৰুম নিশ্চুপ পত্নী।"দিয়া বেগটো"---কৃত্ৰিম কৃত্ৰিম যেন লগা হাঁহি এটি মাৰি কান্ধৰ পৰা বেগটো লৈ গ'ল তাই।"মন মাৰি থাকিব নালাগে,,এয়া কাণত ধৰিছোঁ আৰু কেতিয়াওঁ কাজিয়া নকৰোঁ,,মই বহুত লজ্জিত,,যোৱা ফ্ৰেছ হৈ আহা মই চৰবত দি আছোঁ ফ্ৰিজৰ পৰা।অলপ আৰাম কৰি বজাৰ লৈ আহা.... গাখীৰ,মাংস,চেনী,মচলা।"----ই ৰুমৰ পৰা সিৰুমলৈ দৌৰা দৌৰি কৰিয়েই একে উশাহতে গোটেই কথা ক'লে। "ইমান সোনকালেই মন পৰিৱৰ্তন হোৱা মানুহতো তাই নহয়,,কি হ'ল আজি তাইৰ!!"---মনে মনে বহু কিবা কিবি ভাবিব ধৰিলে তেওঁ।ফ্ৰেছৰ পিছত চৰবত খাই গেলামালৰ দোকানলৈ বুলি ওলাইছে,,"ভিনীদেউ মোৰ কাৰণে ডেইৰিমিল্ক এটা লৈ আনিব ডাঙৰ চাই।"-----পাবজী গেমৰ শব্দ মিশ্ৰিত শব্দটো অতিথিশালৰ পৰা ভাহি আহিল।"অহ্ ছাজিদ!!তুমি কেতিয়া আহিলা?"---ইমৰানে আৱেগ আৰু কৌতুহল মিশ্ৰিত চাৱনিত সুধিলে।"দুঘণ্টা মান হ'ল ভিনদেউ"--ছাজিদৰ বিন্দাচ উত্তৰ।
        বস্তা সদৃশ বেগটো লৈ তেওঁ বজাৰলৈ বুলি‌ গ'ল।বজাৰত মানুহৰ ভিৰত চিঠি দিয়া মানুহজনক ৰিক্সা চলাই থকা অৱস্থাত দেখা পাই তেওঁ আচৰিত হৈ সুধিলে--তুমি ৰিক্সা চলোৱা?? "এইবোৰ পিছতো জানিব পাৰিব,আপুনি সোনকালে গাঁৱৰ ঘৰলৈ গুছি যাওঁক। আপোনাৰ দেউতাকে বহুত কাতৰ ভাৱে অনুৰোধ কৰিছে যাবলৈ।"--- তেওঁৰ মনত অকল্পনীয় উদ্বেগে থিতাপি ল'লে। সোনকালে বজাৰ কৰি ঘৰলৈ আহি পালে।
    সময় গধূলি পাঁচ বাজিল, কোনোপধ্যেই তেওঁৰ মনে শান্তি পোৱা নাই। মানুহজনে কোৱা কথাটোৱে তেওঁক বৰকৈ কামুৰিব ধৰিলে। অৱশেষত তেওঁ সেই মুহূৰ্ততেই গাঁওলৈ যোৱাৰ সিদ্ধান্ত ল'লে।"ৰাতি ভালকৈ গেট আৰু দৰজা মাৰি শুই থাকিবা,মই গাঁৱত যাম এতিয়াই"---ইমৰানৰ কথাতে পত্নীৰ মূৰত যেন আকাশখন খহি পৰিল।স্তব্ধ হৈ পৰিল তাইৰ লৰালৰি।
কাৰণ গাঁৱৰ কথা শুনিলে আগৰেপৰাই তাইৰ গাত জ্বলন হয়।তাই বৰ‌ স্বাৰ্থান্বেষী মহিলা।নিজৰ মাকৰ ঘৰতে সপ্তাহে সপ্তাহে টকা পইচাৰ লগতে অদৰকাৰী অনেক বস্তু বাহানিও পঠিয়াই।কিন্তু শাহু-শহুৰৰ নাম শুনিলেই যেন দুচকুত জুই জ্বলে। "তুমি দেখা নাই নে আজি মোৰ ভাইটিটো আহিছে,বেচেৰাটো ইমান দিন পিছত আহিল.....তোমাক মই আজি যাব নিদিওঁ"---বাট ভেটি ধৰিলে তাই।"বহুত প্ৰয়োজনত গৈ আছোঁ,আৰু এইবোৰ বুজাৰ ক্ষমতা তোমাৰ নাই।আঁতৰি যোৱা মোৰ পথৰ পৰা।"-- দুহাতেৰে পত্নীক ঠেলি দুৱাৰৰ একাষেৰে ওলাই গ'ল তেওঁ।খঙতে তাই ঘৰৰ সকলো বাচন-বৰ্তনৰ লগতে টিভিটোও চোতাললৈ দলিয়াই দিলে।ভাইটিয়ে বাধা দিলে যদিও বাধা নেওচি ব্লেড এখন হাতত লৈ বাথৰুমত গৈ দৰজা বন্ধ কৰি হাতৰ সিৰা কাটিব চেষ্টা কৰিলে যদিও অসমৰ্থ হ'ল।ৰাতি আঠ মান বজাত গাঁও পালে।  "ঐ ৰিক্সা!!যাবা নেকি?"---ৰিক্সাৰ তলৰ মাটিত শুই থকা ৰিক্সাচালকজনক সুধিলে। "ক'ত যাবনো?"---ইমৰানৰ মুখৰ পিনে নোচোৱাকৈয়ে মানুহজনে সুধিলে।"ডাউকমাৰী গাঁৱত যাম.."--এইবুলি ৰিক্সাৰ চিটত বহিল তেওঁ।কেৰ কেৰ শব্দেৰে ৰিক্সা আগুৱাই গৈ থাকিল।চালক জনৰ শৰীৰৰ ভংগীমাত বুজা যায় তেখেত বয়সীয়াল মানুহ আৰু মাজে মাজে কাহি থকাত  বুজা যায় মানুহজন যে ৰুগীয়া।এই বয়সত ঘৰত বহি আৰামেৰে দুবেলা দুমুঠি খাই প্ৰভুৰ উপাসনা কৰাৰ হে কথা। কিন্তু ৰাতি ইমানপৰ লৈকে ৰিক্সা চলাইছে যিহেতু, নিশ্চয় পৰিস্থিতি বহুত জটিল।
        আজি চাৰি বছৰ পিছত গাঁওখনলৈ আহি তেওঁ বহুতো পৰিৱৰ্তন দেখা পাইছে।আগৰ ৰাস্তা-ঘাট নাই, মানুহৰ ঘৰ-বাৰীৰো বহুত পৰিৱৰ্তন হৈছে। হঠাৎ চালকজনৰ মূৰৰ পৰা গামোচা সৰি পৰাত ৰিক্সাৰ পৰা নামি খোজোঁতেই পাঞ্জাবীৰ পকেটৰ পৰা কেইপদ মান টেবলেট আৰু ছিৰাপৰ বটলো সৰি পৰিল।ইমৰানেও সহায় কৰাৰ কাৰণে নামি আহিল আৰু দৰৱখিনি বুটলি চালক জনৰ হাতত তুলি দিলে।"বাবা!!.....তুমি.....??"---আশ্চৰ্যবোধক চাৱনিৰে চালক জনক সাৱটি ধৰিলে। মানুহজনেও তেওঁক উৎসুকতাৰে সাবটি ধৰি হুকহুকাই কান্দিব ধৰিলে।
    হয়...চালকজন আব্দুল হামিদ,ইমৰানৰ দেউতাক।পুত্ৰই চাৰি বছৰ ধৰি এৰি থৈ যোৱাত পত্নীৰে সৈতে নৰকীয় জীৱন নিৰ্বাহ কৰি আছে তেওঁ।প্ৰথম অৱস্থাত মাহেকত পাঁচ শ/হাজাৰ কৰি টকা পঠিয়াইছিল যদিও পিছলৈ সেয়াও এৰি দিয়াত বহুত কষ্টেৰে দিন অতিবাহিত কৰি আছে।আজি এবছৰ ধৰি পত্নীয়ে কৰ্কট ৰোগত আক্ৰান্ত হোৱাত পইচাৰ প্ৰয়োজনত যাৰে তাৰে ওচৰত হাত পাতি ফুৰিছে লগতে ৰিক্সাও চলাইছে। তথাপিও চিকিৎসাৰ বাবে পৰ্যাপ্ত পৰিমাণে পইচা যোগাৰ হোৱা নাই।
   "বাবা!! তুমি ৰিক্সাত বহা,মই চলাই নিওঁ"---দেউতাকৰ অনিচ্ছা সত্বেও জোৰ কৰি ৰিক্সাৰ চিটত বহাই ইমৰানে চলাই যাব ধৰিলে।দুচকুৰ কোণেদি অশ্ৰুৰ কোবাল বন্যা আৰু হৃদয়ৰ অনুশোচনাৰ ঢৌ।মনৰ মাজতে অগণন আত্মপ্ৰশ্নই হেতা-ওপৰা লগাই দিলে।কিয় তেওঁ উচ্চ শিক্ষিত হোৱাৰ সপোন দেখিলে,নিজৰ ঘৰৰ পৰা পঢ়াৰ খৰচ বহন কৰিব পৰা নাই যদি কিয় তেওঁ পঢ়া-শুনা এৰি নিদিলে। শিক্ষাৰ কাৰণে কিয় যে তেওঁ ছোৱালীক বিয়া কৰাৰ চৰ্ততে ধনী মানুহ এজনৰ সহায় লৈ উচ্চ শিক্ষা ল'লে!!----ধনীৰ দুহিতাক বিয়া কৰি আজিলৈ তেওঁ শান্তিৰ পৰশ পোৱাই নাই।এশ এবুৰি প্ৰশ্নই তেওঁৰ কষ্ট দ্বিগুণ বৰ্দ্ধিত কৰিলে ।
       "ছকিনা!!চোৱাচোন কোন আহিছে মোৰ লগত...."--- ৰিক্সাৰ পৰা নামি দৌৰি গৈ আব্দুল হামিদে দুৱাৰ টুকুৰিয়াবলৈ ধৰিলে। কিন্তু ভিতৰৰ পৰা কোনো সহাৰি নাই।"মা.....অ' মা.....মই ইমৰান.... তোমাৰ আদৰৰ পোনাটি মই...দৰজা খুলি দিয়া মা!!"---ইমৰানৰ আৱেগ ভৰা কণ্ঠৰ কাতৰ অনুৰোধ।
কিন্তু কোনো উত্তৰ নোপোৱাত দুৱাৰ ভাঙি দুয়ো ভিতৰলৈ সোমাই গ'ল।সোমায়েই দুয়োজনেই বিকট ভাৱে চিঞৰি চিঞৰি কান্দিব ধৰিলে।
    ইমৰানৰ মাক আৰু ইহজগতত নাই।ইমান ডাঙৰ বেমাৰ শৰীৰত লৈ পুতেকৰ বাবে কৰা দীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই তাই জগত এৰি গুছি গ'ল।এক গভীৰ অনুশোচনাৰ তপ্ত অগনিত ইমৰানে দ্বগ্ধ হ'ব ধৰিলে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)