জ্ঞানৰ ভোক মোৰ
অনন্ত অনাদি কালৰ ৷
এই ভোক মোৰ
কিয় যে
নিমিটে কেতিয়াও?
সকলোতে জ্ঞানৰ
পোহৰ বিচাৰি ফুৰা
মই আজি শূন্যঃতান !
গুৰু পূৰ্ণিমাত আজি
মোৰ গুৰুৰে চৰণত
সেৱাৰ সুবাদত অৰ্পিত
কৰিলে মোক সকলো জ্ঞান ৷
জ্ঞানী মই গুৰুৰ জ্ঞানেৰে
একোটি কাঞ্চন প্ৰভাতে
যুঁজ মোৰ জুইৰ ফুলেৰে ৷
জগত জিনিব লাগিব যে ৷
গুৰুৰ মান ৰাখিবলৈ মোৰ
মলিময় পোছাক যোৰ
আজি দলিয়াব লাগিব যে
মাঁ’ৰ সপোনবোৰ পূৰাব লাগিব ৷
✍️ছাইফুদ্দিন আহমেদ
তৃপ্তিময় কবিতা 👏 ।
ReplyDelete