" উকা পৃষ্ঠাবোৰৰ সৈতে মই পৰিচিত, নতুনত্ব নাই । আগৰ দৰেই আজি আকৌ খিৰিকীৰ মুখত বহি চছ্মা জোৰ চকুত গুজি ডায়েৰী খন মেলি ললোঁ । আজি চাৰিদিনে একো লিখিব পৰা নাই.......!
"অব্যক্ত হৃদয়ৰ ভাষাৰে লিখিব মোৰো মন যায়,
এটা ভাষাহীন অথচ জীয়া কবিতা,
কিন্তু কি কৰিম কোৱা,
শব্দবোৰ নিমিলে,
এখন নিমজ অথচ উকা পৃষ্ঠাত আঁকিবলৈ মোৰো মন যায়
এখন অনুভৱৰ কোমল ছবি
কিন্তু কি কৰিম কোৱা ৰং বোৰ নিমিলে,
ৰাতিৰ মৌনতাত জোনাকৰ লগত
জোনাকী পৰুৱা খেদিবৰ মোৰো মন যায়
কিন্তু কি কৰিম কোৱা পোহৰে নিদিয়ে
বেলিৰ চাদৰখনত, মেঘৰ সতে ৰামধেনুত
ৰং সানিবলৈ মোৰো মন যায়
কিন্তু কি কৰিম কোৱা বৰষুণে নিদিয়ে,
স্মৃতিৰ নৈখনত ৰৈ যোৱা কিছু ভাৱনা । শাওনৰ আবেলিটোত বিষাদৰ ধূলিকণা অতীতে জিৰণি লয় হৃদয়ৰৰ জিৰণি চ'ৰাত।
আৰু কাহিনীয়ে বিচাৰে মৰহা হাঁহিৰ ঠিকনা...............!
খিৰিকীৰে অহা চেঁচা বতাহজাকে মোক জোকাৰি গ'ল, ঘড়ীটোলৈ চাই দেখোঁ ৰাতিৰ প্ৰায় ২ টা বাজিছিল, আঙুলিত শীত বহিছিল,
উফ্, ডায়েৰী খনলৈ চাই দেখোঁ আজিও একো লিখা নহ'ল || ( অবান্তৰ কথা ভাবোতে)
আৰু আগৰদৰেই আজিও মোৰ ডায়েৰী খন উকা হৈ ৰ'ল।।
✍️কুঁৱলী স্নাতা নাথ,নগাঁও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ