কৃষ্ণচূড়াৰ ৰক্ত-নিবেদিতা ডিম্পল বৰ্মন

আমাৰ ঘৰৰ ওচৰত আছে
দুজোপা ধুনীয়া কৃষ্ণচূড়াৰ গছ।
এতিয়া বহাগৰ বা লাগি
সিহঁত গাভৰু জনী হৈ  উঠিছে
প্ৰতিদিনে ৰাতিপুৱাই মই চাই ৰওঁ
সিহঁত দুজনী লৈ  ।

সিহঁত দুজনীৰ গাভৰু দেহত
বহাগৰ  বতাহ জাকে
আঁকি দিয়ে মিঠা মিঠা চুমা,
সিহঁত দুজনীয়ে আনন্দতে
হালি-জালি নাচে।
যেন কোনোবা বিহু নাচনীয়ে
ঢুলীয়া ককাইৰ ঢোলৰ চেৱে চেৱে
ককাল হালি - জালি নাচিছে।

আহ  !!  মই নোৱাৰোঁ
বুজাব আপোনাক
সিহঁত দুজনীৰ ৰক্ত আভাষে
কেনেদৰে মোক বলীয়া কৰে
হেজাৰটা কবিতা লিখিবলৈ।


✍️শ্ৰী নিবেদিতা ডিম্পল বৰ্মন ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send