ক্ষোভৰ আঙনি-দিপান্দীতা চাংমাই

©Admin
0
সপোনবোৰ যদি আপোনাৰ নামত উৎসৰ্গা কৰোঁ
আশাবোৰৰ আদ্যশ্ৰাদ্ধ হ'ব নেকি ?
দুগালে দুধাৰি লোটক ব'ব নেকি ?
শুনা পাম নেকি - 
দূৰৈৰ পৰা বাঘঢকা ফালি বৈ অহা এটি সুৰ 
য'ত সমাহিত থাকিব হৃদয় ভঙাৰ এটি আৰ্তনাদ ।
যদি এনে হয় -
  তেনে নালাগে দিয়ক আপোনাৰ নামত
  মোৰ প্ৰেমৰ শ্ৰাদ্ধ নাপাতো ।
মোৰ প্ৰেম সৰু সৰু নৈ-উপনৈ'ৰ দৰে
জান-জুৰি-নিজৰাৰ দৰে
শিলে শিলে ঘহনা খাইও ভাগৰি নপৰাৰ দৰে,কাৰণ 
 য'ত সমাধিস্থ,তাতে সাগৰ ব'ব
অবিৰত,অবিৰাম ভাৱে ।

✍️দিপান্দীতা চাংমাই

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)