মোৰ মানসপটত-ৰূপজ্যোতি মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয় ০১-মিন্টু হাজৰিকা

©Admin
0
এখন সুন্দৰ সেউজীয়া পথাৰ সন্মুখত লৈ দিন ৰাতি একাকাৰ কৰি উমলি আছে। নাই কোনো দুখ, নাই ভাগৰ! সেই একেই গৰ্বৰে ধাৱমান তাৰ যাত্ৰা। অৱশ্যে মাজে মাজে বিষাদৰ বতৰা নহা নহয়। কিন্তু সেই বিষাদবোৰো ব্যস্ততা আৰু আধুনিকতাৰ ধামখুমীয়াত গতানুগতিক ধৰণেই পুনৰ বিলিন হৈ যায়। থাকি যায় কোনো কোনোৰ হৃদয়ত কিছু আছুতীয়া স্মৃতি। মোৰো মানসপটত ৰূপজ্যোতি মধ্য আৰু উচ্চ ইংৰাজী বিদ্যালয়ৰ হেৰোৱা স্মৃতিয়ে আজিও খেদি ফুৰে। সম্পূৰ্ণ চাৰে ছয়টা বছৰ অতিবাহিত কৰিছো ইয়াত। ইয়াত পঢ়া মুঠ চাৰে ছয়বছৰ কাল চুবুৰীৰ সমনীয়াৰ লগত প্ৰায় এক কিলোমিটাৰ খোজকাঢ়ি বোকা-পানী গছকি আহ-যাহ কৰিছিলো। হয়তো তাৰ কুশবনবোৰেও মোৰ পৰশ পালে এতিয়াও বিনাদিদ্ধাই কৈ দিব মই আমুক। কি এক সম্পৰ্ক গঢ়ি উঠিছিল ঘাঁহ-বন, শিক্ষক-শিক্ষয়ত্ৰী, দাদা-ভাই বা সকলো শুভাকাংক্ষীৰ লগত। আজি এই লেখাত কিছু সেই সোণালী দিনৰ স্মৃতি সোঁৱৰোৱাৰ চেষ্টা কৰোঁহক। যাৰ স্মৃতিৰ সুবাসে গুৰু ছাত্ৰ-ছাত্ৰীৰ পৰা আদি কৰি সকলো সুহৃদয় বান ব্যক্তিৰ হৃদয় নষ্টালজিয়াত পৰিণত হৈ পুনৰ প্ৰাণ পাই উঠিব।  মনত এক অনাবিল শিহঁৰণে সুৰ তুলি খলকণি তুলিব। 

মিকিৰবৰাচুক গাঁৱৰ প্ৰাণকেন্দ্ৰ "নামঘৰ"ৰ শিৰ অংশৰ সন্মুখেৰে দক্ষিণ দিশলৈ প্ৰায় এশ মিটাৰ মান গ'লেই মনোৰম গ্ৰাম্য পৰিৱেশে ভৰপুৰ সেউজীয়াৰ মাজত বুৰ খাই আছে আমি পঢ়া বিদ্যালয় দুখন। কণিষ্ঠ খনে উত্তৰা-দক্ষিণাকৈ আৰু জ্যেষ্ঠখনে পুবা পশ্চিমাকৈ অৱস্থান কৰি আছে। কণিষ্ঠখন শিক্ষাৰ শ্ৰেণী বিভাজনেই  কণিষ্ঠ তেনে নহয়; তাৰ উপৰিও বাহিৰা অবয়বৰ দিশেৰেও কণিষ্ঠ হৈ আছে। 

ৰূপজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত মই ১৯৯৪ খ্ৰীঃত পঞ্চম শ্ৰেণীত নামভৰ্তি কৰিছিলো। প্ৰথম গাঁৱৰ গন্দিৰ পৰা প্ৰায় এক কিলোমিটাৰ মান দূৰৈৰ অলপ বহল ক্ষেত্ৰ এখনলৈ ওলাই গৈছিলোঁ। ওচৰ গাঁৱৰ না-না বন্ধু -বান্ধৱীৰ লগ পাইছিলো। গৈয়েই এ-বি-ছি-ডি শিকাৰ পৰা আৰম্ভ কৰি জীৱনৰ বহু নজনা কথা ভাণ্ডাৰৰ  সন্মুখীন হ'লো। যিহেতু তেতিয়ালৈকে মোৰ পৰিসৰ গাঁওখনৰ ভিতৰৰ মানুহবোৰেই আছিল। সেয়ে হয়তো বহুত কথাই নাজানিছিলো। সেয়ে সমনীয়াৰ পৰা কুলিৰ ভাওঁ জুৰি শিকি লোৱাৰ চেষ্টা কৰিছিলো। প্ৰথমতে বিভিন্ন ধৰণৰ ন-পৰিৱেশে অস্বস্তিত পেলাইছিল হয়, কিন্তু পিছলৈ সেই অস্বস্তিবোৰেই স্বস্তিলৈ  পৰিৱৰ্তন হ'ল।

আৰম্ভ হৈছিল পঞ্চম শ্ৰেণীৰ পাঠদান। ইংৰাজী শ্ৰদ্ধাৰ গুণেন্দ্ৰ বৰাই পঢ়াইছিল। বৰ সুন্দৰ কৈ ন-শিকাৰু ছাত্ৰ-ছাত্ৰী সকলক ইংৰাজী বৰ্ণৰ পাকবোৰ শিকাই দিছিল। খুব কমদিনতে চাৰিও ফলা লিখিবলৈ পৰা হৈছিল। সদায় গৃহকাৰ্য দিছিল আৰু সকলো ছাত্ৰ-ছাত্ৰীয়ে পিছদিনা দেখুৱাটো বাধ্যতামুলক আছিল। ছাৰেও ছাত্ৰ-ছাত্ৰী সকলক পঢ়ুৱাৰ ব্যস্ততাৰ মাজতে বহীবোৰ সদায় সুন্দৰ ভাৱে পৰ্যৱেক্ষণ কৰি চাই দিছিল। পঢ়া-শুনা নোৱাৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে গুণেন্দ্ৰ বৰা ছাৰ আছিল ভয়ৰ উৎপাদক, হৰণ-পূৰণৰ গুণিতক। প্ৰথমে বহী গন্তি তাৰ পাছত মাথা গন্তি। মাথাৰ হিচাপত দুখন বহী কম হ'লে তাৰ পাছত সেই কেইজনৰ হাতৰ তলুৱা আৰু ভৰিৰ  বেতৰ বিশৃংখল টিকাকৰণ! কিন্তু ছাৰৰ এই সন্ত্ৰাসৰ বাবে তেখেত নিজে জগৰীয়া হোৱা যেন উমান নহয়। কাৰণ বোৰ্ডত তেওঁ ধুনীয়া ধুনীয়া আখৰ কেইটাই যেতিয়া বুজোৱাৰ চেষ্টা কৰে তেতিয়া ছাত্ৰ-ছাত্ৰীৰ সিৰাই সিৰাই প্ৰবাহিত হৈ হৃদয়ঙ্গম হয় চিৰদিনলৈ। তেখেতে পাঠদানত যথেষ্ট বিচক্ষণতা অৱলম্বন কৰিছিল। শ্ৰেণীকোঠাত সোমোৱাৰ মুহূৰ্তৰ পৰা ওলাই যোৱালৈকে নিৰ্দিষ্ট বিষয় বস্তুৰ মাজত নিজে বিচৰণ কৰাৰ লগতে আমাকো সেই সুযোগ দিছিল। আমি অতি গুৰুত্ব সহকাৰে তেখেতৰ বক্তব্য শুনিছিলোঁ, কোনোৱা এজনে যদি অকণমান ইফাল-সিফাল কৰিলে, তেখেতৰ শেনচকু সেইজনতে নিবদ্ধ হৈছিল। লগে লগে সেইজন ছাত্ৰ শেহা-বেঙা হ'বলৈ বাধ্য হৈছিল। তেখেতৰ আন এটা আকৰ্ষণীয় গুণ হ'ল কোনো ছাত্ৰ বা ছাত্ৰীয়ে তেখেতৰ টিকাকৰণৰ পৰা সাৰি যাব পৰা নাছিল। তাৰ বাবে তেওঁ পৰীক্ষাৰ নিৰ্দিষ্ট দিনৰ এমাহ আগতে পাঠ্যক্ৰম শেষ কৰিছিল। তাৰ পাছত কিছু-কিছু খণ্ড ভাগ কৰি দি প্ৰত্যেক খণ্ডৰ  মাজৰ পৰা দহটাকৈ প্ৰশ্ন দিছিল। এটা প্ৰশ্নৰ উত্তৰ ভূল হ'লে দুচাট দিয়াতো নিয়ম আছিল। সেয়ে
তেখেতে অতি চতুৰতাৰে দুটা পন্থা অৱলম্বন কৰিছিল যাতে চোকা ছাত্ৰ বা ছাত্ৰী সকলৰ হাততো অন্তত দুচাট হ'লেও পৰক। সেয়ে তেওঁ এটা অতি কঠিন প্ৰশ্ন সংযোগ কৰিছিল। তেখেতৰ উদ্দেশ্য সৌকাৰে কোব দিয়াটো নাছিল, উত্তম কেইটাক আৰু উত্তমলৈ নিয়াৰ এটা কৌশল হে আছিল। সেই সময়ত অৱশ্যে বিদ্ৰোহ জাগিছিল। এতিয়া বয়স বাঢ়ি অহাতহে সেই সময়ত বাহ লোৱা ভূল ধাৰণা বোৰ অনুধাৱন কৰিছোঁ।

✍️মিন্টু হাজৰিকা(জ্ঞানকমল)
পেচাঃ- অসম আৰক্ষী অনাতাঁৰ বিভাগ, বৰঘাট আউত পোষ্ট, তেজপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)