— প্ৰাচুৰ্য দা আহা আমি নাওঁ আনিছো । মাকে কৈছে তোমালোকৰ যেতিয়া প্ৰয়োজন হ’ব আমাৰ নাওঁ ল’ব পাৰিবা ।
হেজাৰ প্ৰতিকূলৰ মাজতো তাই আমাৰ ভালপোৱাক জয়ী কৰালে। তাইৰ এই ত্যাগক মই কেতিয়াও পাহৰিব নোৱাৰোঁ । জোনাকীৰ সৈতে একেলগে থকা প্ৰায় বিশ বছৰ হৈ গ’ল অথচ আজিও যেন তাই মোৰ সেই আগৰ জোনাকীজনীয়েই হৈ আছে ,মোৰ জীৱন আকাশত পোহৰ বিলাই আছে । যাক অলপ সময়ৰ বাবে হ’লেও চকুৰ সন্মুখত নাপালে জীৱ মোৰ যায় যায় অৱস্থা । তাই মাজে মাজে অতিষ্ঠ হৈ উঠে —
—সৰু ল’ৰাৰ দৰে মোৰ পিছে পিছে নাথাকিবাচোন । এতিয়া ডাঙৰ হৈছা , ল’ৰাৰ দেউতা হৈছা । এনেকুৱা কৰিলে মানুহে কি ক’ব ?
মইও পিছ পৰি নাথাকো —
— মানুহে কি ক’ব – পত্নী পাগল , কাপুৰুষ ক’ব দিয়া । মই মোৰ জোনাকীৰ বাবে সকলো সহ্য কৰিব পাৰো আৰু শুনা মোৰ জোনাকীৰ বাদে পৃথিৱীৰ আন কাকো দেখিয়েই মই ভয় নকৰো
— তুমি সঁচাই এজন পাগল ।
— হুম .. তোমাৰ পাগল । এই পাগলটোক তোমাৰ ছাঁ কৰি ৰখা চিৰদিনৰ বাবে ।
— উম.. লাঠি দেখিছা ।
— অৰে বাপৰে ... । — মই হাঁহি হাঁহি আঁতৰ হওঁ তাইৰ পৰা ।
জোনাকী মোৰ জীৱনৰ ভাগ্য নিৰ্ণয়কাৰী স্ৰষ্টাৰ এক অপূৰ্ব উপহাৰ, জীয়াই থকাৰ সঞ্জীৱনী । তাইক প্ৰথম দেখা পাওঁ আমাৰেই ঘৰত মাৰ লগত। দেখিয়েই থৰ লাগি চাই থাকো মই।এক অপূৰ্ব চেহেৰাৰ ধুনীয়া ছোৱালীজনী। তাই গুচি যোৱাৰ পিছত মাৰ পৰা জানিলো তাই আমাৰ গাঁৱত নতুন। আমাৰ গাঁৱত নতুনকৈ অহা বিপ্লৱ মণ্ডলৰ সৰু ছোৱালী। ব্ৰহ্মপুত্ৰই নিজৰ মাটিখিনিৰ কিছু গ্ৰাস কৰিলে আৰু বাকীখিনিত বালি পৰাৰ পিছত বিপ্লৱ মণ্ডলে আমাৰ গাঁৱতে অলপ মাটি কিনি নতুনকৈ ঘৰ-দুৱাৰ আৰম্ভ কৰিছে । বিপ্লৱ মণ্ডল আমাৰ গাঁৱত অহাৰ কথা অলপ শুনিছিলোঁ কিন্তু তেওঁৰ ছোৱালীৰ বিষয়ে শুনা নাছিলোঁ। মাৰ পৰা জানিব পাৰিলো তাইৰ নাম জোনাকী।
তাইক প্ৰথম দিনা দেখাৰ পিছৰ পৰা তাইৰ প্ৰতি মই আসক্ত হৈ পৰিলো, কিয় জানো তাইক ভাল লাগিব ধৰিলে মোৰ। তাইৰ ফুল কুমলীয়া মুখনি দেখাৰ বাবে মই অস্থিৰ হৈ পৰিলোঁ । সেয়ে তাইৰ পিছে পিছে ঘূৰিবলৈ আৰম্ভ কৰিলোঁ মোৰ মনৰ কথা ক’বলৈ। কিন্তু তাই আছিল অত্যন্ত জেদী অহংকাৰী। সেয়ে তাইক কোনো পধ্যেই মোৰ হৃদয়ৰ কথা ক’ব নোৱাৰাত চিঠিৰ আশ্ৰয় ল’লো । বহু কষ্টৰে এখন দুখনকৈ তিনিখন চিঠি জোনাকীক দিলোঁ । কিন্তু লাভ নহ’ল । তাইৰ মনৰ কোনো পৰিৱৰ্তন আনিব নোৱাৰিলোঁ । মইও এৰি নিদিলো । লাগি থাকিলো সক্ৰিয়ভাৱে । এমাহ দুমাহ কৰি পাঁচ মাহ পাৰ হৈ গ’ল । কিন্তু কোনো লাভ নহ’ল । ওলোটাই মই বহু গালি শুনিলো তাইৰ পৰা ।
হঠাৎ ব্ৰহ্মপুত্ৰৰ মথাউৰি ভাঙি আমাৰ ইয়াত প্ৰবল বানপানী হ’ল । গাঁৱৰ বেছি ভাগ মানুহে ওখ ঠাই বিচাৰি গুচি গ’ল বিভিন্ন ঠাইলৈ । আমি নগ’লো । চালিৰ দুফালি টিন খুলি দি চিলিঙত আশ্ৰয় ল’লো । বিপ্লৱ খুড়াৰ ( আমাৰ গাঁৱত অহাৰ পিছত বিপ্লৱ মণ্ডলক মই খুড়া বুলি মাতিছিলো ) ওখ ভেটিৰ লগতে দুমহলীয়া ঘৰ থকাৰ বাবে সিহঁতেও নগ‘ল আৰু গাঁৱৰ চাৰি পাঁচ ঘৰ মানুহো নগ’ল । বানপানীৰ বাবে বিপ্লৱ খুড়াহঁতে এখন নাওঁ কিনিলে আৰু আমি আৰ্থিক দুৰ্বল হোৱাৰ বাবে এটা কলগছৰ ভুৰ বনালো । বিপ্লৱ খুড়া আছিল অতি দয়ালু যাৰবাবে আমাৰ লগতে গাঁৱৰ যি দুই চাৰিজন মানুহ আছিল সেইবোৰ সকলোৱে খুড়াৰ নাওঁ ব্যৱহাৰ কৰিছিল । খুড়াক আমি সকলোৱে বিপদে-আপদে পাইছিলো । ইয়াৰ বাবে মোৰ জোনাকীৰ ওচৰ চপাটো সহজ হৈ পৰিছিল । বন্যাৰ মাজতো মই মোৰ ভালপোৱাৰ অভিযান চলায়েই গৈছিলোঁ । শেষত মোৰ ভালপোৱাই জোনাকীৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল । প্ৰবল বন্যাৰ মাজতে তাই আগবাঢ়ি আহিছিল মোৰ হৃদয়ত নিগাজীকৈ থাকিবলৈ —
— প্ৰাচুৰ্য দা ব’লা আমি অলপ ফুৰি আহোঁ ? কিমান আৰু ঘৰতে বহি থাকিম ?
— ক’ত যাবা ?
— এই ওচৰে-পাজৰে । মাক কৈছো যাবলৈ কৈছে ।
— ব’লা তেন্তে ।
আমি দুয়ো বন্যাৰ মাজত ওলাই পৰিলোঁ । তাইক অকলশৰীয়াকৈ পাই মই বেচ ৰোমান্টিক হৈ উঠিলো লগতে সাহসীও । মই বঠাৰ ছেৱে ছেৱে নাওঁখন আগবঢ়াব ধৰিলো। মনৰ মাজত হাঁহিৰ নিজৰা বৈ যাব ধৰিলে। দুয়োৰে নীৰৱতা ভংগ কৰি মই ক’লো —
— জোনাকী আজি সূৰ্যটো কোনফালে উদয় হৈছে ?
— কিয় আকৌ ? সদায় যিফালে উদয় হয় আজিও সেইফালেই উদয় হৈছে ।
— অ’ সেয়াই নেকি ! পিছে মোৰ চিঠিৰ উত্তৰ কিন্তু এতিয়াও নাপালো ।
— মই নিজেই দেখোন তোমাৰ কাষলৈ আহিছো । ইয়াতকৈ বেছি আৰু কি উত্তৰ লাগে তোমাক ?
— হুম .. বৰ ভাল কথা। পিছে তোমাৰ গোলাপৰ পাপৰি যেন দুটি উষ্ম ওঁঠেৰে কেতিয়া ক’বা ভালপোৱাৰ সেই তিনিটা যুগান্তকাৰী সোণালী কথা ?
— বাপৰে ! ইমান ৰোমান্টিক হৈ গৈছা । বানপানীৰ মাজত ইমান ৰোমান্টিক হোৱা ভাল নহয় ।
— তুমি কাষত থাকিলে মই সকলো হ’ব পাৰো । প্ৰয়োজন হ’লে মই এক্সশ্বন হিৰোও হ’ব পাৰো ।
— হৈছে হৈছে মোৰ বাবে ৰোমান্টিকেই ভাল ।
— সোণালী কথা তিনিটা ...
— বুজি লোৱা ।
— কি বুজি লম ?
— যিজনী ছোৱালীয়ে তোমাক একেবাৰে সহ্যই কৰিব পৰা নাছিল, দেখিলেই গালি পাৰিছিল। এতিয়া সেইজনী ছোৱালীয়ে বিভিন্ন কথাৰ বাহানা লৈ তোমাৰ কাষতে থাকিব বিচাৰে , তোমাৰ চকুত চকু থৈ তোমাৰ হৃদয়ৰ স্বৰবৰ্ণ, ব্যঞ্জনবৰ্ণ পঢ়িব বিচাৰে , মাক হেজাৰ মিছা কথা কৈ তোমাৰ ঘৰলৈ যাওঁ কেৱল তোমাক চাবলৈ । কিয় এইবোৰ কৰো তুমি জানো বুজি নোপোৱা ?
— বুজি পাওঁ জোনাকী , মই সকলো বুজি পাওঁ । তোমাৰ চকুৰ ভাষা মই পঢ়িবলৈ শিকিছো । তোমাৰ সান্নিধ্যই মোক যে স্বৰ্গ সুখ দিয়ে , তোমাৰ প্ৰতিটো কথাই মোৰ বাবে অমৃতবানী । তথাপি ... তোমাৰ মুখেৰে শুনিব বিচাৰো ভালপোৱাৰ সেই যুগান্তকাৰী সোণালী শব্দ তিনিটা ।
— সেই শব্দ তিনিটা নক’লে মই কি বেলেগৰ হৈ যাম ?
— না ... মানে ...
— থৈ দিয়া তোমাৰ না... মানে... । মই স্পষ্টকৈ জনাই দিছো এই জোনাকী তোমাৰ হৈ আছে , তোমাৰ আছিল আৰু আজীৱন তোমাৰ হৈ থাকিব । এতিয়া ব’লাচোন ভাগৱতী খুড়াৰ ঘৰলৈ। সিহঁতৰ ঘৰত এতিয়া কোনো নাই। এই সুযোগতে সিহঁতৰ মধুৰীআমবোৰ ছিঙি আনিম ।
— মানুহে চোৰণি বুলি ক’ব ?
— সেইটো চোৰ-চোৰণি হ’ব । পিছে কোনোবা দেখিলেহে ক’ব । এই বানপানীৰ মাজত আমাক কোনে চাব ।
মই জোনাকীৰ কথামতে নাওঁখন ভাগৱতী খুড়াৰ মধুৰীআম গছৰ কাষত ৰাখিলো । পানী বেছি হোৱাত গছত উঠিব নালাগিল । তাই নাওঁৰ পৰাই পকা পকা মধুৰীআমবোৰ এটা এটাকৈ ছিঙিব ধৰিলে । মইও এটা ছিঙি খাবলৈ আৰম্ভ কৰিলোঁ । হঠাৎ জোনাকীয়ে মধুৰীআম ছিঙোতে তাইৰ টি-শ্বাৰ্টটো ওপৰলৈ উঠি যোৱাত তাইৰ সুগোল নাভি ওলাই পৰিল । লগে লগে মোৰ চকুদুটা তাতেই স্থিৰ হৈ ৰ’ল । মই তাইৰ নাভি চাই থকা দেখি তাই উষ্ম খঙ দেখুৱালে —
— এই দুষ্ট ল’ৰা ! চকু দুটা ভাল কৰা । নহ’লে কাঠৰ চছমা লগাই দিম ।
মই লাজ পাই দৃষ্টিটো বেলেগফালে ল’লো । কিন্তু লোভ সামৰিব নোৱাৰিলো সেয়ে আকৌ চালো । এইবাৰ তাই মধুৰীআম কেইটা নাওঁত থৈ খঙেৰে মোৰ ওচৰত আহি মোৰ নাকটো টানি ধৰি ক’লে —
— কি মহাশয় লোভ সামৰিব পৰাই নাই । ইয়াৰ পিছত যদি এনেকুৱা দেখো তেনেহ’লে এই নাকটো টানি ছিঙি দিম ।
— হুম ...
— আৰু শুনা যি চাবলৈ মন যায় সকলো বিয়াৰ পিছত চাবা । এতিয়া ভদ্ৰ ল’ৰা হৈ থাকা । নহ’লে ....
প্ৰবল বন্যাৰ মাজতে মান-অভিমান , হাঁহি-আনন্দৰ মাজেৰে আমাৰ ভালপোৱাই গোপনে যাত্ৰা আৰম্ভ কৰিলে দূৰ বহুদূৰলৈ । কিন্তু বেছিদিন গোপনে নাথাকিল আমাৰ ভালপোৱা । এদিন আমাৰ দুয়ো ঘৰৰ মানুহে জানিলে আমাৰ ভালপোৱাৰ কথা । সেয়ে কঠোৰ সকীয়নি দিলে দুয়োজনকে । কিন্তু ভালপোৱা কি কাৰোবাৰ দাবী ধমকি বা আঘাতে বন্ধ কৰিব পাৰে ? কেতিয়াও নোৱাৰে । আমাৰ ভালপোৱাৰ ক্ষেত্ৰতো তেনেকুৱাই হ’ল। আমি সকলো ভয়ক জয় কৰি আগবাঢ়িলো ভালপোৱাৰ বাটেৰে ।
বানপানী কমি গ’ল । জোনাকীৰ বাবে বিপ্লৱ খুড়াহঁতৰ লগত আমাৰ কথা-বতৰা একেবাৰে বন্ধ হৈ গ’ল । কিন্তু জোনাকীৰ সৈতে মোৰ সম্পৰ্কটো বিপ্লৱ খুড়াই কোনোপধ্যেই বন্ধ কৰিব নোৱাৰাত জোনাকীক ব্ৰহ্মপুত্ৰৰ পাৰত থকা সিহঁতৰ আত্মীয়তাৰ ঘৰত থৈ আহি আমাৰ ঘৰৰ সন্মুখত অৰ্থাৎ আমি শুনাকৈ জোৰে জোৰে ক’লে —
— এইবাৰ চাম নহয় কোনে মোৰ ছোৱালীক বিৰক্তি কৰে । এই গাঁৱত মই অকলে আছিলো সেয়ে বেছি কিছু কৰিব নোৱাৰিলো । এইবাৰ যদি কোনোবাই তাত গৈ মোৰ ছোৱালীক বিৰক্তি কৰে তেন্তে ভগবানৰ শপত খাই কৈছো তাক টুকুৰা-টুকুৰ কৰি ব্ৰহ্মপুত্ৰত পেলাই দিম ।
বিপ্লৱ খুড়াৰ কথাত আমি সকলোৱে ভয় পালোঁ । সেয়ে মাক-দেউতাক বহুত বুজালে । মইও অলপ শান্ত হ’লো । কিন্তু জোনাকীক নেদেখি মই যে এক ছেকেণ্ডো থাকিব নোৱাৰো । সেয়ে মই অস্থিৰ হৈ উঠিলো । আমাৰ গাঁৱৰ পৰা জোনাকীৰ পুৰণি গাঁৱখন বেছি দূৰত নহয় । বিশৰ পৰা পছিশ কিলোমিটাৰমান হ’ব । যাৰ বাবে মই কাৰো কথা নুশুনি গোপনে জোনাকীৰ পুৰণি গাঁৱত উপস্থিত হ’লো আৰু ৰাতি বহু কষ্টৰে জোনাকীক লগ কৰিলোঁ । জোনাকীক লগ পাই মই মোৰ সকলো দুখ কষ্ট পাহৰি গ’লো । তাইক আথেবেথে বুকুত সাৱটি মূৰত হাত বুলাই দি ক’লো —
— জোনাকী তোমাৰ কষ্ট হৈছিল ?
— তোমাক নেদেখিলে মোৰ জানো কষ্ট নহ’ব ?
— মোৰো কষ্ট হৈছিল জোনাকী , খুব কষ্ট হৈছিল তোমাক নেদেখি । সেয়ে তোমাক চাবলৈ আহিলো । জানা তোমাৰ দেউতাই মোক হুংকাৰ দি আহিছে যে মই যদি ইয়াত আহি তোমাক বিৰক্তি কৰো তেন্তে মোক টুকুৰা-টুকুৰকৈ ব্ৰহ্মপুত্ৰত পেলাই দিব ।
— চিন্তা নকৰিবা তুমি মই যিমান দিন আছোঁ তোমাক কোনেও একো কৰিব নোৱাৰিব ।
— সেয়াই যেন হয় জোনাকী । পিছে এতিয়া তুমি কি ভাবিছা ?
— ঘৰত সকলোৱে মোৰ বিয়াৰ কথা কৈ আছে । খুব শীঘ্ৰেই হয়তো সিহঁতে মোৰ বিয়াৰ ব্যৱস্থা কৰিব । তুমি মোক ইয়াৰ পৰা লৈ যোৱা পিছত কি হ’ব দেখা যাব ।
— তুমি কেইটামান দিন ধৈৰ্য ধৰা । মই কিছু টকাৰ ব্যৱস্থা কৰি তোমাক ইয়াৰ পৰা লৈ যাম । এতিয়া বহুত ৰাতি হ’ল তুমি ঘৰলৈ যোৱা ।
‘‘ অই কোন ইয়াত ? ইমান ৰাতিলৈ কোনে গল্প কৰি আছে । ধৰ ধৰ সিহঁতক ।’’
কিছুমান মানুহৰ মাত ভাহি আহিল।মই পলাই সাৰিবলৈ চেষ্টা কৰিলোঁ । কিন্তু নোৱাৰিলোঁ । সিহঁতে মোক ধৰি লৈ গ’ল জোনাকীৰ আত্মীয়ৰ ঘৰলৈ । বিপ্লৱ খুড়া তাতেই আছিল । খুড়াই মোক মাৰিবলৈ আদেশ দিয়াৰ লগে লগেই মোৰ ওপৰত কিল ভুকু লাথিৰ বৰষুণ পৰিব ধৰিলে । মোৰ শৰীৰৰ কেইবাটাও ঠাই ফাটি তেজ ওলাব ধৰিলে ।লাহে লাহে মোৰ শৰীৰ অৱশ হৈ চকু মুদ খাবলৈ ধৰিলে । কিন্তু তেতিয়াও মোৰ শৰীৰৰ ওপৰত কিল ভুকু লাঠিৰ বৰষুণ পৰিয়েই আছিল । কোনোবাই কোৱা শুনিলো — ‘‘ চাল্লা মৰিছে । তহঁতে এই কুকুৰটো ব্ৰহ্মপুত্ৰত পেলাই দে যা । ’’ ঠিক তেতিয়াই ক’ৰবাৰ পৰা গগন ফুলা আৰ্তনাদ কৰি জোনাকী আহি মোক সাৱটি ধৰি হিয়া ঢাকুৰি কান্দিব ধৰিলে । জোনাকীৰ কান্দোনত সিহঁতে মোক মাৰিবলৈ বাদ দিলে আৰু জোনাকীক টানি মোৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিলে । কিন্তু নোৱাৰিলে । জোনাকীৰ কান্দোনত ক’ৰবাৰ পৰা তাইৰ মাক দৌৰি আহি সকলো বাধা আঁতৰাই মোক আৰু জোনাকী বেলেগ কোঠালৈ লৈ গ’ল আৰু মোক সুস্থ কৰিবলৈ যত্ন কৰিলে । মই সিহঁতৰ দেৱাল ঘড়ীলৈ চালো পুৱা চাৰি বাজিছে । শৰীৰটো একেবাৰে দুৰ্বল । জোনাকীৰ মাকে নিজ হাতে মোক ভাত তুলি খুৱালে । পিছত গম পালো জোনাকীৰ কথা শুনি ৰাতিতেই তাইৰ মাক তাত গৈ উপস্থিত হৈছিল ।
ৰাতিপুৱা ছয়বজাত আমাৰ ঘৰৰ ফালৰ পৰা দেউতাৰ লগত বহু মানুহ গৈ তাত উপস্থিত হ’ল। দুয়ো পক্ষৰ মাজত যথেষ্ট কথা কটাকটিৰ পিছত সিহঁতে আমাৰ বিয়া পাতি দিলে আৰু মই জোনাকীক লৈ হেৰাই গ’লো ভালপোৱাৰ সেউজীয়া বাটেৰে ...
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ