মাহী মা-হিমাক্ষী ভূঞাঁ

পংখী মৰাণ
0
জনা হোৱাৰে পৰা মনত কঢ়িয়াই লৈ ফুৰা সপোনৰ ঘৰখনত আজি বিনীতাৰ প্ৰথম দিন৷ কিন্তু তথাপি তাইৰ চকুত সেই আনন্দ ফুটি উঠা নাই৷ উঠিবই বা কিয় ! বিনীতা যিজনৰ পত্নী হ’ল, তেওঁ বিবাহিত ; লগতে এটি পাঁচবছৰীয়া ল’ৰাৰ পিতৃ ৷ নাম অৰ্ণৱ ৷ মাত্ৰ কেইমাহমান আগতে অৰ্ণৱৰ মাকৰ মৃত্যু হৈছে ৷

      হঠাতে হৈ যোৱা এই বিয়াখনক লৈ তাই বিশেষ আগ্ৰহ দেখুওৱা নাছিল ৷ অভাৱত ডাঙৰ হোৱা ছোৱালী , ভাল ঘৰ এখন পাবগৈ- এই কথা ভাবিয়েই তাইক বিয়া দি দিয়া হ’ল ৷ ন-কইনা হৈ বহি আছিল বিনীতা ৷ সকলোৰে ওচৰত তাইৰ বাবে শুভকামনা বা শুভেচ্ছা নাছিল ৷ সাধাৰণ কথা-বতৰাখিনিৰ পিছত প্ৰত্যেকেই যেন আওপকীয়াকৈ তাইক উপদেশৰ সুৰত কৈছিল,-“ল’ৰাটোক ভালকৈ ৰাখিবা, খুউব মৰম দিবা; তাক মাকৰ অভাৱ অনুভৱ হ’বলৈ নিদিবা ৷” “ মাহী-মাক হে হ’ব , ল’ৰাটোক বা ভালকৈ চোৱা-চিতা কৰেনে নকৰে !” এই লৈয়ো বহুতৰ চকুত থকা সন্দেহৰ ভাৱ স্পষ্ট ৰূপত দেখা পাইছিল তাই ৷

      গিৰীয়েকেও প্ৰথমতেই এইটো সোঁৱৰাই দিলে, “মোৰ এই বিয়াখন পতাৰ কোনো ইচ্ছা নাছিল, ল’ৰাটোৱে মাত্ৰ মাকৰ মৰমৰ পৰা বঞ্চিত নহয় যাতে...আৰু ভাল সংস্কাৰেৰে ডাঙৰ হওঁক; এই কথা ভাবিহে মই বিয়া পাতিবলৈ প্ৰস্তুত হৈছিলো..তুমি মাথোঁন খুব ভালকৈ তাৰ যত্ন ল’বা ”

      বিয়াৰ ৩ মাহে পাৰ হৈ গ’ল, কিন্তু তাইৰ দায়িত্বক বাৰে বাৰে সোঁৱৰাই দিয়া মানুহৰ সংখ্যা কম হোৱা নাছিল, বৰঞ্চ তাইক লৈ মানুহৰ চকুত থকা সন্দেহৰ ভাব অধিক দ’ হৈ যাবলৈ ধৰাটো অনুভৱ কৰিব পাৰিছিল বিনীতাই ৷ দিন যায় মানে তাই নিশ্চিত হৈছিল যে তাইক এতিয়া আৰু সন্তান নালাগে, তাই তাইৰ সকলো মৰম, যত্ন, আৰু সময় অৰ্ণৱক দিব লাগিব ৷

অৰ্ণৱৰ ভালদৰে যত্ন লোৱা আৰু তাক ডাঙৰ কৰোতেই সময়বোৰ পাৰ হৈ গ’ল ৷ খুব ভাল অংকৰে সৈতে সি আজি স্নাতক হ’ল ৷ ওচৰ-চুবুৰীয়া সকলোৱে আজি এটা কথাকেই কৈ,আলোচনা কৰি ফুৰিছিল-“ ইমান ভাল ল’ৰা..মাহী-মাকৰ লগত থাকিও ইমান সুন্দৰকৈ পঢ়া-শুনা কৰি গ’ল” “ ইমান সংস্কৃতিৱান হ’ল অৰ্ণৱ ল’ৰাটো” ইত্যাদি ইত্যাদি...

      সময় গৈ থাকিল ৷ অৰ্ণৱে এদিন বিয়া পাতিলে৷ এদিনাখন অৰ্ণৱ অফিচলৈ বুলি ওলাই গৈ বাট পাইছে..লগত পত্নী; গিৰীয়েকক আগবঢ়াই দিবলৈ গৈছে...এনেতে ঘৰৰ ফালৰ পৰা -“ অ’ সোণ! ” বুলি কাতৰহৈ চিঞৰা মাততো শুনি সি দৌৰি আহিব খোজাত পত্নীয়ে যেন একপ্ৰকাৰ বাধা দিয়াৰ সুৰতে ক’লে, “ইমান অধৈৰ্য্য হৈ গৈছা যে..তেওঁ কিবা তোমাৰ নিজৰ মা নেকি?” বাৰাণ্ডাত পিছলি পৰাৰ পাছত কোনোৰকম উঠিবলৈ চেষ্টা কৰি থকাৰ মুহূৰ্তত শুনা এই কথাষাৰে বিনীতাৰ বুকুত শিলে বিন্ধাদি বিন্ধিলে ৷ কোঠালৈ গৈ কেৱল হুকহুকাই কান্দিছিল তাই...অৰ্ণৱে একো ক’ব কৰা নাছিল ৷ কিন্তু মাকে যে অন্তৰত বহুত দুখ পাইছিল, সেইটো সি বাৰুকৈয়ে অনুভৱ কৰিব পাৰিছিল ৷ সি মাত্ৰ এটি সুযোগৰ বাবে অপেক্ষা কৰিছিল , মাকৰ প্ৰতি তাৰ কৃতজ্ঞতা প্ৰকাশৰ সুযোগ...!

      আজি অৰ্ণৱৰ বাবে এটা ডাঙৰ দিন৷ খুউব আনন্দৰ দিন৷ আজি সি কোম্পানীৰ সকলোতকৈ ভাল কৰ্মচাৰীৰ পুৰস্কাৰ পাব ৷ পত্নীয়ে অনিচ্ছা প্ৰকাশ কৰা সত্বেও আজি কিন্তু সি সিহঁতৰ লগতে লৈ গ’ল বিনীতাক ৷ 
      মঞ্চত উঠিয়েই আৱেগিক হৈ অৰ্ণৱে কৈ উঠিল- “ আজি মই যিয়েই পাইছো, যেনেকৈ আহি এইখিনি স্থান পাইছো- সেয়া সকলো কেৱল এগৰাকী নাৰীৰ বাবেহে ৷” এইবুলি সি মঞ্চৰ পৰা নামি আগবাঢ়ি আহিল ৷ অৰ্ণৱক তাইৰ কাষলৈয়ে আগবাঢ়ি অহা বুলি নিশ্চিত হৈ আনন্দত আত্মহাৰা হৈ পৰিছিল তাৰ পত্নী৷ 

       কিন্তু অৰ্ণৱ গৈ একেবাৰে মাকৰ কাষত থমকি ৰ’লগৈ৷ চলচলীয়া চকুহাল আৰু কঁপা কঁপা হাতখনেৰে মাকক সি মঞ্চলৈ লৈ গ’ল ৷ তাৰপাছত সি মাকক মঞ্চতে সজোৰে সাৱতি ধৰি লৈ মাত্ৰ ক’লে, “ধন্যবাদ মা”...
      আজি বিনীতাৰ দ্বিতীয় মা হোৱাৰ সকলো বেদনা যেন অন্ত হৈ গ’ল ৷ তাইৰ দুচকুৰে সৰসৰকৈ চকুলো বৈ আহিল ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)