লেখক: ভৃংগেশ্বৰ শৰ্মা।
গ্ৰন্থৰ প্ৰকাৰ: হাস্য-ব্যংগ গল্প সংকলন।
প্ৰথম প্ৰকাশ: ২০০৭
মূল্য::১৫০ টকা।
অসমীয়া সাহিত্যৰ যিগৰাকী সাহিত্যিকে নিজৰ হাস্য-ব্যংগ ৰচনাৰে এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে, তেখেত হ'ল ভৃংগেশ্বৰ শৰ্মা।"প্ৰান্তিক"ৰ দৰে উচ্চ মানসম্পন্ন আলোচনীৰ নিয়মীয়া লেখক শৰ্মাই "দৈনন্দিন" শিৰোনামাৰে লেখা বহুখিনি লেখা ইতিমধ্যে প্ৰান্তিকৰ পাতত প্ৰকাশ হৈ কিতাপ আকাৰে ওলাইছে। আজি আমি তেখেতৰ "দৈনন্দিন-১"শীৰ্ষক গল্প সংকলনখনৰ ওপৰত এটি সমালোচনা "অসমীয়া সাহিত্যৰ চানেকি"লৈ আগবঢ়োৱাৰ প্ৰয়াস কৰিছোঁ।
এই গ্ৰন্থত সৰ্বমুঠ ১৭ টা ৰচনা আছে। বাস্তৱ জীৱনৰ ওপৰত আধাৰিত এই ৰচনাসমূহ অতি আমোদজনক,হাস্যমধুৰ, সৰল আৰু বাস্তৱ জীৱনৰ ওপৰত আধাৰিত। দৈনন্দিন জীৱনত ঘটি থকা একো একোখন ছবি পাঠকে গ্ৰন্থখনি অধ্যয়ন কৰি থকা সময়ত চকুৰ সন্মুখত দেখিবলৈ পাব।
গ্ৰন্থখনৰ প্ৰথম ৰচনা"ছুনামি।"ছুনামি বুলি ক'লেই আমাৰ মানুহৰ মনলৈ আহে সেই ভয়ংকৰ ছুনামিৰ কথা। কিন্তু, লেখকে ইয়াত সেই ছুনামিৰ কথা কোৱা নাই। কৈছে এক অন্য ছুনামিৰ কথা। যি ছুনামি হয়তো প্ৰতিজন পুৰুষে বিয়াৰ পাছত ভুগিব লগা হয়। পত্নীৰ পৰা অহা ছুনামিৰ ঢৌৱে স্বামীক কিদৰে
বিপৰ্য্যস্ত কৰে, বিপদত পেলায় তাকেই লেখকে সহজ-সৰল ভাষাত বৰ্ণনা কৰিছে। লেখাটোৰ প্ৰথম শাৰীত আছে-"মোৰ শ্ৰীমতীৰ পিন্ধিবলৈ কাপোৰেই নাই।" ইয়াৰ অৰ্থ হ'ল কাপোৰ আছে অথচ কাপোৰ নাই।কিয়নো, কাপোৰ থাকিও কাপোৰৰ কোনোবা এটাৰ লগত আন এটাৰ অমিল। কেতিয়াবা কাপোৰৰ লগত ব্লাউজ, কেতিয়াবা ফলছৰ কেতিয়াবা বতৰৰ অথবা কেতিয়াবা মনৰ অমিল।কোনোবা এটাৰ লগত আন এটাৰ অমিলৰ বাবেই শ্ৰীমতীৰ ছুনামি হয়, সেই ঢৌৱে কোবাই যায় স্বামীক। এই ছুনামি কেৱল এজনৰহে হয়, এনে নহয়, প্ৰতিজন স্বামীৰ লগতেই হয়, কাৰোবাৰ কম,কাৰোবাৰ বেছি। তাৰোপৰি,আনৰ লগত ফেৰ মাৰিবলৈ যোৱা ছুনামিৰ প্ৰতিযোগিতাখনটো আছেই। মুঠতে ছুনামিয়ে স্বামীক কিদৰে বিপদত পেলায়, কেতিয়াবা শ্ৰীমতী সকলে ভাবেনে বাৰু?
"ডায়েগন'ছিছ" শীৰ্ষক দ্বিতীয় ৰচনাৰ নায়কে কৈছে যে তেওঁৰ ল'ৰা- ছোৱালীহাল বহুত ক্ষীণ। অন্য মানুহৰ লোদোৰ-পোদোৰ ল'ৰা -ছোৱালী দেখিলে তেওঁৰ বেয়া লাগে। তেওঁতো সিঁহতৰ বাবে দৈনিক ভাল ভাল খোৱা বস্তু আনি দিয়ে,কেতিয়াও কোনো বস্তু আনি দিয়াত কৃপনালি কৰা নাই। সেয়ে, এইবাৰ তেওঁ আয়ুৰ্বেদিক, হোমিও, এলপেথি ডাক্তৰ, কৱিৰাজ সকলো লগাই চালে, কিন্তু পইচা যোৱা বাদে ফল হ'লে একো নাপালে। পিছত ডাক্তৰ বৰুৱাৰ কথা মানি স্পট ডায়েগন'ছিছ কৰাত হে জোলোঙাৰ মেকুৰী ওলাই পৰিল। কিয়, তেওঁৰ ল'ৰা -ছোৱালীহাল খাব নোৱাৰি খীণ, আনহাতে পত্নী নাখায়ো শকত।
তৃতীয় ৰচনা "অকালবৃদ্ধ"ত লেখকে বুজাব বিচাৰিছে যে আজিকালি ১০০/ৰ ৮০% মানুহ অকালতে বৃদ্ধ হয়। তাৰ কাৰণ উলিয়াব গ'লে সৰু সৰু মহাভাৰত এখনেই ৰচিত হ'ব। এই ৰচনাৰ নায়কে কৈছে যে নিজৰ ছোৱালীজনীক ভাল স্কুল এখনত নাম ভৰ্তি কৰিবলৈ গৈ নামভৰ্তিৰ ফৰ্ম অনাৰ পৰা আৰম্ভ কৰি ফৰ্ম জমা দিয়া, মাক- দেউতাকে ইণ্টাৰভিউ দিয়া, নামভৰ্তি কৰা,নিয়মিত হম ৱৰ্ক কৰা, নাচ-গান কৰোৱাকে ধৰি দীঘলীয়া কাৰ্যসূচী পালন কৰিব লগা হয়,এই গোটেই কাৰ্যসূচী সুকলমে পালন কৰিবলৈ গৈ খৰচৰ যি আউট গয়িঙ হয়, পুৰুষজন বাৰু অকালবৃদ্ধ নহ'ব নে আপোনালোকেই ভাবকচোন।
"মোবাইল" গ্ৰন্থ খনৰ এক বিশেষ ৰচনা। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অৱদান মোবাইলক লেখকে এক বিশেষ দৃষ্টি ভংগীৰে বিশ্লেষণ কৰিছে। মোবাইল নথকা দিনত মানুহৰ মোবাইলৰ প্ৰতি এক বিশেষ আকৰ্ষণ আছিল, আগ্ৰহ আছিল। কিয়নো, তেনে সময়ত মোবাইল সকলোৰে হাতে হাতে নাছিল;আছিল কিছুমান বিশেষ মানুহৰ ওচৰত।কিন্তু দিন যোৱাৰ লগে লগে যেতিয়া গাঁৱে-ভূঞে, চহৰে-নগৰে , দোকানে-পোহাৰে,বজাৰে-সমাৰে, অফিচ-কাছাৰীয়ে মোবাইল আহি পৰিল,মোবাইলৰ প্ৰতি থাকিবলগীয়া সেই সন্মানো যেন নোহোৱা হৈ পৰিল। মোবাইল আলু-পিয়াজৰ বাকলি যেন হৈ পৰিল। সন্মান সহকাৰে মোবাইলটো লৈ গৰ্ব অনুভৱ কৰা নায়কৰ মৰমৰ মোবাইলটো এটা সময়ত মোবাইল ডাল হৈ পৰিল । মোবাইল নায়কৰ অন্তৰত যেন তুচ্ছ হৈ পৰিল। লেখকে বুজাব বিচাৰিছে যে যিকোনো এটা বস্তুৱে সীমা অতিক্ৰম কৰিলে তাৰ পাবলগীয়া সন্মানো নোপোৱা হয়।
উক্ত সংকলনৰ পঞ্চম ৰচনা "গাড়ী।"গাড়ী হ'ল আভিজাত্যৰ এক স্বাক্ষৰ, চহকী মানুহৰ পৰিচয়। এটা সময়ত হাতীয়ে দখল কৰা সেই স্থান এতিয়া গাড়ীয়ে লৈ ল'লে। কিন্তু গাড়ী সকলোৱে কিনিব নোৱাৰোঁ। যাৰ ধন থাকে, তেওঁহে গাড়ী কিনিব পাৰে। কিন্তু এই ৰচনাৰ নায়কে বিনা দ্বিধাই কৈছে যে তেওঁ গাড়ী এখন কিনিছে, মধ্য বিত্তৰ সপোনৰ গাড়ী -মাৰুতি কাৰ। যিখন তেওঁ চখ বা বিলাসিতাত কিনা নাই, কিনিছে এৰাব নোৱাৰা প্রয়োজনত। কিন্তু প্ৰয়োজনত কিনা এই গাড়ীখনেই তেওঁৰ প্ৰতি থকা মানুহৰ ভাৱধাৰা, চিন্তা, সমীহ, সন্মান সকলো সলনি কৰি পেলালে। মানুহ সেই একেজনেই, কিন্তু গাড়ীএখন কিনি তেওঁ এজন বিশেষ মানুহ হৈ পৰিল। অৰ্থাৎ পাৰ্থিৱ সম্পদেহে মানুহজনৰ প্ৰতি মানুহৰ দৃষ্টি ভংগী সলনি কৰিছে, মানুহজনৰ বাবে নহয়। গাড়ীয়ে যিমানে যি সন্মান নিদিয়ক, সঁচা বন্ধু আঁতৰি গৈছে গাড়ী কিনাৰ পাছত।যাক হেৰুওৱাৰ দুখত নায়ক ভাগি পৰিছে।
"আহহা "শীৰ্ষক ৰচনাটো বিয়াৰ পাছত সৰহ সংখ্যক পুৰুষৰ মনৰ মাজত উমি উমি জ্বলি থকা জুইকুৰাৰ এক অব্যক্ত প্ৰতিফলন। সমাজত নাৰী যিমান নিৰ্যাতিত হয়, তাতকৈ অধিক নিৰ্যাতিত হয় পুৰুষ। কিন্তু পুৰুষে নিজৰ পত্নীৰ দ্বাৰা হেজাৰ নিৰ্যাতিত হ'লেও নিজৰ বন্ধুবৰ্গৰ বাহিৰে আনক নজনায়, কিন্তু নাৰী সমাজে বাতৰি কাকত, মেল-মিটিং, সামাজিক মাধ্যম সকলোতে প্ৰচাৰ কৰি ন্যায় বিচাৰে। কিন্তু পুৰুষে পত্নীয়ে দৈনিক যি নিৰ্যাতন কৰে, সেয়া মনে মনে সকলো সহি যায়। এনে এক বিষয়ৰ ওপৰত আলোচনা কৰি এটা অফিচৰ বছ, বিষয়া জিতেন, ৰবীন,কাকতি,কলিতা, দত্ত সকলোৱে মিলি এটা সংস্থা গঠন কৰিলে। নাম দিলে -"আহহা" -AAHHA অৰ্থাৎ ALL ASSAM HARASSED HUSBANDS ASSOCIATION.
খাদ্যৰ তালিকাত কোপ্তা এটা চিনাকি নাম। এই কোপ্তাক লৈ লেখকে সৃষ্টি কৰিছে এটি বিশেষ ৰচনা -"নিৰ্বাচনী কোপ্তা।"য'ত নায়কে কৈছে যে মোৰ পত্নীয়ে বৰ সুন্দৰ ৰান্ধিব জানে। কিন্তু ৰচনাতো পঢ়ি গম পাব যে আচলতে তেওঁৰ পত্নীয়ে কেনেদৰে খাদ্য প্ৰস্তুত কৰে, সেয়া আওৰাই হে যায়। খাদ্য ৰান্ধে তেওঁৰ স্বামীযে।কিন্তু নামটো হয় গৈ তেওঁৰ, তেওঁ ভাল ৰান্ধিব জানে।
লেখকে এই ৰচনাৰ লগতে এটি নিৰ্বাচনী কোপ্তা প্ৰণালী ও আগবঢ়াইছে। পঢ়ি চাই নিশ্চয় আনন্দ উপভোগ কৰিব পাৰিব।
মুখ্য অতিথি-এই সংকলনৰ অষ্টম ৰচনা। আজিকালি সভাই-সমিতিয়ে, উৎসৱে-পাৰ্ৱণে হোৱা ভিন ভিন কাৰ্যসূচীত ভাগ ল'বলৈ কিছুমান বিশেষ ব্যক্তিক আমন্ত্ৰণ জনোৱা হয়। তেওঁলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি শোভা বৰ্ধন কৰে। আমাৰ এই ৰচনাৰ নায়কজনো এজন ভাল লেখক। তেওঁকো ভিন ভিন অনুষ্ঠানলৈ আমন্ত্ৰণ কৰে। তেওঁ সাধ্য অনুসৰি যায়। পিছে চ'ত মাহ পৰিলেই তেওঁৰ ঘৰৰ দুৱাৰ বন্ধ থাকে। কিয়নো, ডেকা চামৰ চান্দা বিচৰাৰ যি প্ৰকোপ, তাৰ ভয়তে তেওঁ তাপ মাৰিব লগা হয়। এটা-দুটা অনুষ্ঠান হ'লে কথাটো সুকীয়া।কিন্তু পাৱত গজা এনে বহু অনুষ্ঠান আহে যিসকলৰ মাজৰ বহুতেই নাজানে কিহৰ বাবে চান্দা তুলিছে। এইবেলি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ দিবলৈ এটি অনুষ্ঠানৰ বিষয়-ববীয়া আহিল। হাতত চান্দাৰ বহী নেদেখি নায়ক দম্পত্তীৰ খুবেই ভাল লাগিল। সঁচাকৈয়ে তেওঁক নিমন্ত্ৰণ দিবলৈ আহিছে, দুয়ো খুব আনন্দ পালে।কিন্তু পিছৰবাৰ আহোঁতে যেতিয়া চান্দা ১০০০টকা বিচাৰিলে আৰু তেওঁ দুশ টকা দিম বুলি ক'লে, তেওঁৰ ওচৰলৈ আৰু দ্বিতীয়বাৰ নাহিল। পইচা দিব নোৱাৰা বাবে মুখ্য অতিথি হ'ল গাওঁৰ বিশিষ্ট ব্যৱসায়ী ৰামলাল আগৰৱালা । ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে যিয়ে বেছি চান্দা দিয়ে তেওঁৱেই মুখ্য অতিথি। আজিৰ সমাজত টকা থাকিলেই সভাপতি, টকা থাকিলেই মুখ্য অতিথি।
এই সংকলনৰ নৱম ৰচনা "ডিব্ৰগড়ত এদিন"শীৰ্ষক ৰচনাত নায়কে তেওঁৰ জীৱনত ঘটা এটি ঘটনা উপস্থাপন কৰিছে। সেই ঘটনাটো এনেধৰণৰ-মেডিকেলত পঢ়ি থকা দিনতে তেওঁ লগৰ বন্ধু দুজনৰ লগত ডিচেম্বৰ মাহৰ ঠাণ্ডাকো কেৰেপ নকৰি দাৰ্জিলিঙলৈ ভ্ৰমণ কৰিবলৈ গৈছিল। তাত উপস্থিত হোৱাৰ পিছত দুখন হোটেলৰ দুজন কৰ্মচাৰীয়ে নিজৰ হোটেলৰ গুণানুকীৰ্তন কৰি তেওঁলোকৰ আতিথ্য গ্ৰহণ কৰিবলৈ যিধৰণে টনা -আজোৰা কৰিলে, নায়কৰ দুই হাত, দুই কান্ধ আৰু পিঠিৰ সোঁমাজত ৰৈ গ'ল এটা বিষ। হেজাৰ চেষ্টাত ও সেই বিষ ভাল নহ'ল।
যেতিয়া নায়কে বিষ দূৰ কৰিবলৈ ডিব্ৰুগড় মেডিকেল কলেজ গৈ পালে, তাতো গৈ ভাল ডাক্তৰ বিচাৰি দিয়া এনে মানুহ লগ পালে যি দুজনৰ টনা-আজোৰাত তেওঁৰ বছৰ বছৰ ধৰি হৈ থকা বিষ নিমিষতে নোহোৱা হৈ গল। লেখকে এই দুয়োটা ঘটনাৰ জৰিয়তে হোটেল আৰু চিকিৎসালয়ৰ দুখনি সঁচা চিত্ৰ দাঙি ধৰিছে।
"পুৰুষৰ সৌন্দৰ্য্য চৰ্চা" শীৰ্ষক দশম ৰচনাত লেখকে মহিলাৰ দৰে পুৰুষৰো সৌন্দৰ্য্য চৰ্চা সম্পৰ্কে এটি আলোচনা আগবঢ়াইছে। নাৰীৰ ভিন ভিন বিষয়ত গুৰুত্ব দিয়াৰ দৰে পুৰুষৰো নানা বিষয়ত গুৰুত্ব দিয়া উচিত বুলি লেখকে অনুভৱ কৰিছে। এইবোৰৰ লগতে লেখকে পুৰুষৰ সৌন্দৰ্য্য চৰ্চাৰ বাবে কিছুমান টিপচো আগবঢ়াইছে। ব্যংগ ৰূপত উপস্থাপন কৰা এই টিপচসমূহ পুৰুষ সকলৰ বাবে অতি প্ৰয়োজনীয়।
একাদশ ৰচনা "জয়ন্তী মেনিয়া" লেখকৰ এক ব্যতিক্ৰমী সৃষ্টি। ইয়াত নায়কে নিজৰ এটা মানসিক ৰোগৰ কথা উল্লেখ কৰি তাৰ উৎস কাহিনী বৰ্ণনা কৰিছে। লেখকে পঢ়ি অহা কলেজখনৰ সোণালী জয়ন্তী উদযাপন কৰাৰ প্ৰস্তুতি চলাইছে। এই কথা জানিব পাৰি নায়কে নিজৰ কলেজীয়া জীৱনৰ স্মৃতি ৰোমন্থন কৰি লেখা এটা লিখি উলিয়াইছে। তেওঁ নিশ্চিত যে তেওঁক নিমন্ত্ৰণ কৰিব, স্মৃতি গ্ৰন্থ লৈ লেখা এটা বিচাৰিব। তাকে ভাবি তেওঁ ৰৈ আছে, ফোন বাজিলেই, দুৱাৰ খুলিলেই ভাবে কোনোবা আহিল তেওঁক নিমন্ত্ৰণ কৰিবলৈ, লেখা এটা বিচাৰি। তাকে ভাবি তেওঁৰ এটা মেনীয়া স্বভাৱ গঢ়ি উঠিল।
অৱশেষত, কলেজৰ পৰা এটা দল আহিল। কিন্তু নিমন্ত্ৰণ দিয়াৰ লগতে দান এটা বিচাৰিহে আহিল। তেওঁলোকে নায়কৰ পৰা পাঁচ হাজাৰ টকা donation বিচাৰিলে। এওঁ যি দিবলৈ ওলাল, সেয়া ল'বলৈ সংকোচ কৰিলে। কেৱল, সেয়াই নহয়, তেওঁৰ লেখাটো ও নিবলৈ আগ্ৰহ নকৰিলে।
এই এটা মাত্ৰ চিন্তাই তেওঁৰ মনত ইমান গভীৰকৈ লাগিল যে তেওঁ মানসিক ৰোগী হৈ পৰিল। চিকিৎসকৰ ভাষাত এই ৰোগৰ নাম হল -জয়ন্তী মেনিয়া। কিয়নো, কলেজৰ সোণালী জয়ন্তীৰ বাবে তেওঁ এই ৰোগৰ চিকাৰ হ'ব লগা হৈছিল। অৱশ্যে, সু-চিকিৎসাৰ বলত সোনকালে তেওঁ সুস্থ হৈ উঠিল।
সংকলনৰ দ্বাদশ ৰচনা "গেথুকাইৰ হাঁহি" এটি ব্যতিক্ৰম ৰচনা। ইয়াত চিকিৎসকৰূপী নায়কৰ ওচৰলৈ এজন ব্যক্তি আহিছে। তেওঁৰ নাম গেথুকাই। নায়কৰ অতি চিনাকি এই ব্যক্তিজনৰ জীৱনলৈ সুখ এনেদৰে আহিছে যে বেছি হাহিবলৈ ধৰোতে মুখখন মেল খাই থাকিল। নায়কে ইয়াৰ কাৰণ বিচৰাত গেথুকায়ে ক'লে-তেওঁৰ দুটা লৰা, এটা কেৱল পঢ়া-শুনাত ভাল, আনটো পঢ়া -শুনাৰ বিপৰীতে দৌৰা আৰু আন কামত ভাল। গেঠুকায়ে তেওঁলোকৰ সমষ্টিৰ বিধায়কক লগ ধৰাত এটা চাকৰিৰ বাবে পঞ্চাছ হেজাৰকৈ দিলে চাকৰি হ'ব বুলি কথা দিলে। গেঠুকায়ে ও চাকৰিৰ বাবে টকা-পইছাৰ যা-যোগাৰ কৰিলে।সময়ত দুয়োৰে চাকৰি হল। পিছে
যিজনে দৌৰত ভাল, সি পালে শিক্ষকত আৰু যিজন পঢ়া-শুনাত ভাল, সি পালে পুলিছ বিভাগত। বিধায়কক সোধাত কলে- আজিকালি শিক্ষকে আগৰ দৰে বহি থাকিব নোৱাৰে,আন্দোলন, চাকৰি নিয়মীয়াকৰণ, দৰমহা নিয়মীয়াকৰণ, আদিকে ধৰি ভিন ভিন কাৰণত দৌৰি থাকিব লাগে, সেয়ে দৌৰত ভাল হ'লে শিক্ষকৰ বাবে সুবিধা। আনহাতে, পুলিছসকলে কোনো দৌৰা-দৌৰি কৰিব নালাগে। মাথোঁ তেওঁলোকে ট্ৰাকৰ চালকৰ ওচৰত থিয় হ'লেই হ'ল।এই ৰচনাৰ দ্বাৰা লেখকে ভিন ভিন বিভাগত চলি থকা দুখন সঁচা চিত্ৰ অংকন কৰাৰ প্ৰয়াস কৰিছে।
ত্ৰয়োদশ ৰচনা "অনুপ্ৰেৰণা"ৰ নায়কজন এজন ভাল লেখক। তেওঁ ভিন ভিন কাকত-আলোচনীৰ লগতে "প্ৰগতি"ৰ দৰে গুৰু-গম্ভীৰ আলোচনীৰো লেখক। সমাজত তেওঁৰ এটা নাম আছে। প্ৰগতিশীল চিন্তাধাৰাৰে তেওঁ সমাজখনো আগুৱাই যোৱাটো বিচাৰে। সেয়ে, এদিন ৰাস্তাৰে চাইকেল লৈ আহি থাকোঁতে ঘূৰি-ফুৰি সময় পাৰ কৰা ৰমেনহঁতৰ দলটো দেখি তেওঁ অলপ ৰল আৰু সিঁহতক ঘূৰি-ফুৰি সময় অপচয় কৰাৰ বিপৰীতে "প্ৰগতি"ৰ
দৰে আলোচনী পঢ়ি জ্ঞান আহৰণ কৰিবলৈ কলে। লগতে তেওঁ অনা "প্ৰগতি"এখন পঢ়িবলৈ দি পিছলৈ ঘূৰাই দিবলৈ কলে।
যথা সময়ত এদিন গধূলি সিহঁত লেখকৰ ঘৰত উপস্থিত হল। লেখকৰ মনটো ভাল লাগিল। কিয়নো, ৰমেনে ক'লে-"প্ৰগতি"পঢ়ি সিহঁতে অনুপ্ৰেৰণা পাইছে। কিন্তু প্ৰগতি পঢ়ি সিহঁতে কি পালে, সেই কথা জনা পিছত লেখকৰ মুখৰ মাত হৰিল। সিহঁতে কলে যে "প্ৰগতি"ৰ যিদৰে বছৰেকীয়া গ্ৰাহক হৈ এটা বছৰৰ মাছুল একেলগে দিয়াৰ ব্যৱস্থা আছে, তেনেদৰে সিহঁতে ও পূজা, বিহু, সৰস্বতী পূজা, দুৰ্গা পূজা, দিপাৱালী, কালি পূজা তথা ভিন ভিন অনুষ্ঠান
পাতি চান্দা দিয়াৰ বাবে বাৰে বাৰে জুলুম কৰি থকাৰ বিপৰীতে এটা বছৰৰ চান্দা একেলগে লৈ লোৱাৰ কথা ভাবিছে। এই কথা জনাৰ পিছত সিহঁতে আৰু প্ৰগতি নপঢ়াকৈয়ে পঢ়া হৈ গ'ল। লেখকে এতিয়া হাঁহিব নে কান্দিব ভাবি নোপোৱা হ'ল।সিহঁতে লেখকৰ ঘৰৰপৰাই বছৰেকীয়া চান্দা তোলা কাৰ্যৰ শুভ- আৰম্ভণি হোৱাটো বিচাৰিছিল যদিও লেখকে কি কব, কি কৰিব চিন্তা কৰি মূৰটো ঘূৰি যোৱা যেন লাগিল। সেয়ে, সিঁহতক সোনকালে বিদায় দিলে।
চতুৰ্দশ ৰচনা "বি আৰ গগৈৰ পেকেজ"শীৰ্ষক ৰচনাত ভদোৰাম গগৈৰ চমুকৈ বি আৰ গগৈৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণি কাহিনী বৰ্ণনা কৰিছে। পঢ়াত গাধ ভদোৱে কিদৰে অষ্টম শ্ৰেণীত নকল ধৰা পৰি বহিস্কৃত হ'ল আৰু তাতেই পঢ়া-শুনা ওৰ পেলাই চহৰলৈ আহি নানা কাম যেনে-ৰাস্তাত আলকাটৰা দিয়া, গুমটি দোকানী, হোটেলৰ বয়, ঠিকাদাৰ ৰান্ধনীৰ পৰা আহি আহি প্ৰমোচন লাভ কৰি এদিন সি ডাঙৰ ঠিকাদাৰ হল, বহুত টকা-সা-সম্পত্তিৰ মালিক হল। সেয়ে, তেওঁ ৰাজনীতিত প্ৰৱেশ কৰাৰ মন কৰিলে।
তাৰ বাবে মুখ্যমন্ত্ৰী-প্ৰধানমন্ত্ৰীৰ দৰে
এবাৰ নিজৰ পুৰণি গাঁৱলৈ গৈ সকলোৰে লগত মাত-বোল দি ৰাস্তাটো সুগম কৰাৰ কথা ভাবিলে যাতে নিৰ্বাচন খেলিলে সহজতে জিকি যাব পাৰে। এদিন বি আৰ গগৈয়ে শ্ৰীমতীক লগত লৈ নিজৰ এৰি অহা গাওঁখনলৈ গ'ল, মনত লৈ গ'ল এটা মন্ত্ৰীসুলভ ভাৱ । তেওঁক অহা দেখি ঘৰৰ আত্মীয়-স্বজনৰ লগতে গাঁওবাসীৰো মনত ৰং লাগিল। হাজাৰ হওঁক নিজৰ গাওঁৰ লৰা, এতিয়া বহুত ধনী মানুহ। সকলোৰে আনন্দ চাই কোনে? গগৈয়ে ঘৰত চাহ-পানী খাই গাঁও ফুৰিলে,সকলোৰে খা-খবৰ ললে। কেৱল সেয়াই নহয়, বিদ্যালয়, নামঘৰ, ডাক্তৰখানাৰ জৰাজীৰ্ণ ৰূপ দেখি আৰু নিজৰ ঘৰৰ মানুহৰ লগতে আন আন মানুহৰে নানা বেমাৰ-আজাৰ তথা অৱস্থা বেয়া দেখি ভিন ভিন পেকেজ ঘোষণা কৰিলে। তেওঁৰ এনে পদক্ষেপ দেখি সকলোৱে ভাল পালে আৰু তেওঁলোকেও নানা সতেজ বস্তু যেনে: শাক- পাচলি, তা-তৰকাৰী, লোকেল মাছ, লোকেল কুকুৰাৰে গাড়ী ভৰাই দিলে।
ঘৰ আহি পোৱাত গগৈয়ে দেখিলে যে শ্ৰীমতীৰ মুখখন ফুলি আছে। কাৰণ, এটাই গাওঁৰ মানুহক পইচা-পাতি, বয়-বস্তু দিম বুলি কোৱাত তেওঁ বেয়া পাইছে।গগৈয়ে বুজিলে আৰু ক'লে যে গাওঁৰ মানুহ খিনিক যি দিম বুলি কলো, সেয়া আছিল পেকেজ। এইটো দিব নালাগে, দিম বুলি কব হে লাগে। তেতিয়াহে শ্ৰীমতীৰ মুখখনত হাঁহি বিৰিঙি গ'ল।
এই সংকলনৰ এক অন্য ৰচনা "হাইব্ৰিড"। এই ৰচনাত লেখকে দেখুৱাইছে যে মানুহ দিনে দিনে হাইব্ৰিড মুখী হৈ পৰা পৰিলক্ষিত হৈছে। মানুহৰ খাদ্য, চিন্তা, ভাৱধাৰা, কৰ্মপদ্ধতি সকলো হাইব্ৰিড মুখী হৈ পৰিছে। তাৰোপৰি, লেখকে ধনী জাতি বুলি চিনাকি দিয়া অসমীয়া জাতি অকামিলা জাতি। তেওঁলোকে সকলো কাম আনৰ দ্বাৰা কৰিব বিচাৰে। নিজে মালিকগিৰি দেখুৱাই আনক বশ কৰিব খোজা অসমীয়াৰ অসমত আজি নানা মানুহে আহি অসমক নিজৰ কৰি লবলৈ চেষ্টা চলাইছে। কিন্তু সোণৰ অসম বনোৱাৰ সপোন দেখা আমাৰ নায়কে এদিন নহয় এদিন সোণৰ অসম গঢ় দিবই। হয়তো সেয়া বিহাৰী আৰু অসমীয়াৰ হাইব্ৰিড হব, অথবা বাংলা দেশী আৰু অসমীয়াৰ হাইব্ৰিড হব।
"ৰাক্ষস"ৰচনাত নায়কৰ দুটা ল'ৰা -ছোৱালী। কিন্তু তেওঁৰ লৰা-ছোৱালীহাল আনক দেখুৱাবলৈ মাক-বাপেক দুয়োৰে লাজ লাগে। তেওঁলোকক ইমান ভাল ভাল খোৱাবস্তু আনি দিয়ে, অথচ তেওঁলোকে বাঢ়িবলৈ নাজানে, দুয়োকে দেখিবলৈ দুডাল বাঁহৰ দৰে লাগে।
এদিন তেওঁলোকৰ ঘৰলৈ এহাল মানুহ আহিল, লগত এটা ল'ৰা। তেওঁলোক অহাৰ পিছত ভিন ভিন কথা আলোচিত হল, তাৰ মাজত দুয়োটা পৰিয়ালৰ ল'ৰা -ছোৱালীয়ে যে খাব নোৱাৰে, সেই কথা ও ওলাল। কিন্তু আলহী হিচাপে অহা চিনাকি পৰিয়ালৰ খোৱা -বোৱাত মন নথকা লৰাটোৱে যিদৰে খোৱা বোৱা কৰিলে, দেখি আমাৰ নায়ক দম্পত্তিয়ে আচৰিত নহৈ নোৱাৰিলে।
এদিন তেওঁলোকো এঘৰ মানুহৰ আলহী হৈ গ'ল। লগত বাঁহ গছ দুডাল অৰ্থাৎ ল'ৰা- ছোৱালীহাল । ঘৰত খাবৰ বাবে কুটুৰি থাকিলেও ইচ্ছা নকৰা ল'ৰা -ছোৱালীহালে আলহীৰ ঘৰত গৈ যিদৰে খালে , নায়ক দম্পত্তিয়ে লাজ পালে। আচলতে ল'ৰা-ছোৱালীবোৰে নিজৰ ঘৰত খাই খাই তাৰ ৰুচিবোধ নোপোৱা হয়।সেয়ে, হেজাৰ থাকিলেও নাখায়। কিন্তু আনৰ ঘৰত এবাৰ ক'লেই খোৱাৰ প্ৰয়োজনবোধ কৰে। সেই ৰাক্ষসালি কেতিয়াও ঘৰত নাথাকে, বাহিৰত হে পোৱা যায়।
সংকলনখনৰ "অকবি কবিৰ কথকতা"শীৰ্ষক ৰচনাটি কবিতাৰ ওপৰত কৰা এক বিশেষ বিশ্লেষণ। কিয়নো, আজিৰ পৃথিৱীত কবিতাৰ সংখ্যা পূৰ্বতকৈ বহুখিনি বাঢ়িছে। কিন্তু তাৰ মাজত বিচাৰ কৰিলে সঁচা অৰ্থত ভাল কবিতা পোৱা টান হ'ব। কিয়নো, এনে কবি বহু আছে যিয়ে লিখিম বুলিয়েই একেলগে দহ-বাৰটা কবিতা লিখি দিব পাৰে। কিন্তু কবিতা সৃষ্টি তেনে সহজ নহয়। কবিতা বনোৱা বস্তু নহয়।
এই ৰচনাৰ নায়কে আন আন ৰচনা লিখিব পাৰে, কিন্তু কবিতা লিখিব নোৱাৰে। তাকে লৈ তেওঁৰ মনটোত দুখ অনুভৱ হয়। সকলোৱে কবিতা লিখিব পাৰে, একমাত্ৰ তেওঁহে নোৱাৰে। এইবোৰ চিন্তা কৰি থাকোঁতেই ঘৰৰ ওচৰৰ কেইজনমান ডেকাই তেওঁক অহাকালি হ'বলগীয়া "কবিতাৰ ৰাতি "অনুষ্ঠানৰ বাবে তেওঁক বিশিষ্ট সাহিত্যিক হিচাপে নিমন্ত্ৰণ জনালে। লগতে কবিতা এটি পাঠ কৰিব লাগিব বুলিও জনালে। তাকে লৈ তেওঁ চিন্তাত পৰিল। কিয়নো, তেওঁ কবিতা লিখিব নাজানে। তথাপি চেষ্টাৰ অসাধ্য একো নাই বুলি তেওঁ কবিতা লিখাত লাগি গল। বহু চেষ্টাৰ বলত কবিতা এটি তেওঁ বনাই উলিয়ালে। তেওঁ শ্ৰীমতীক কবিতাটি পঢ়ুৱাই শুনালে। শ্ৰীমতী হাঁহিত কোনোমতে বাগৰি নপৰাকৈ থাকিল। শেষত, তেওঁৱেই কবিতা এটি লিখি দিলে।
কিন্তু কি আচৰিত! শ্ৰীমতীৰ টান যেন লগা কবিতাটি ৰাইজে বহুত ভাল লাগিছে বুলি নানাজনে নানা ভাবত মন্তব্য আগবঢ়ালে।
সেয়ে, নায়কে ভাবিলে যে কবিতা পঢ়ি বুজি নাপালেই কবিতা। বুজি পালেই সি কবিতা নহয়। নায়কে বনোৱা কবিতাটি মানুহে বুজিব পৰাকৈ সহজ আছিল, সেয়ে সি কবিতা নহ'ল। আনহাতে, মানুহে আওঁ-ভাও বুজিব নোৱাৰা বাবেই শ্ৰীমতীয়ে লিখি দিয়া তেওঁ পাঠ কৰা কবিতাটি কবিতা হ'ল। এয়াই কবিতা, প্ৰকৃত কবিতা।
শেষত কওঁ, হে মোৰ শ্ৰদ্ধাৰ "অসমীয়া সাহিত্যৰ চানেকি"ৰ পাঠকবৃন্দ," দৈনন্দিন-১" শীৰ্ষক গ্ৰন্থৰ ওপৰত আমি লিখা অনুভৱ আপোনালোকে পঢ়ি কেনে পালে জনালে নথৈ সুখী হ'ম।
সেৱাৰে:
আপোনালোকৰ
✍️দিগন্ত বৈশ্য
শুৱালকুছি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ