বক্সিঙৰ পুৰস্কাৰ - দেৱ দাস

হাইস্কুলত বক্সিং শিকোৱা ছাত্ৰ এজনে ২০ বছৰৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কম্পিটিশ্বন এটাত সোনৰ পদক পাই ঘৰলৈ আহিছে।গাঁৱতে নহয় চহৰ খনতে দলদোপ হেন্দোলদোপ।ৰাইজৰ সম্বৰ্ধনা চলি আছে। কেইদিনমানলৈ থাকিব। শিষ্যক এবাৰ দেখা কৰোঁগৈ বুলি পিন্ধি উৰি চাবি দিয়া ঘড়ীটো লৈ দেখে যে ঘড়ীটো ঘোঁৰা( বন্ধ)হৈ আছে। গতিকে গুৰু চিধাই মেকানিকৰ দোকানত হাজিৰ। চিনাকি মেকানিক।
       : যি লাগে তাকেই দিম।মাথোঁ ঘড়ীটো ফটাফট ঠিক কৰি দিয়া।
         : চুইচ ঘড়ীটো নে‌‍? দিয়ক, আধা ঘণ্টা মানৰ ভিতৰতে খুলি মেলি অলপ পেট্ৰল দি হাৱা মাৰোতেই ঘড়ীটো ঠিক হৈ গʼল । 
         : কিমান দিম?
 মেকানিক জনে কলে - 
      :ছাৰ , এইটো বহু পুৰণি অৰ্জিনেল চুইচ ঘড়ী। অসমত কিজানি চাবি দিয়া ঘড়ী এইটোৱেই ৰানিংহৈ আছে। মই থকালৈকে পিন্ধিব পাৰিব।
ধেমালি কৰি ক'লে কি দিব আৰু! আপুনি যিমান দি এইটো লৈছিল তাৰ আধা দিয়ক। কম নকৰিব। 
হাঁহি এটা মাৰি ছাৰে ক'লে ।  
         :কম কৰিবই লাগিব।
          :নকৰিব ছাৰ। 
           :কমাবই লাগিব। নহ'লে পিছত এইটো ৰিপিয়াৰিংত প্ৰব্লেম হ'ব পাৰে।
          :মানে?
          :শুনা, মই কলেজৰ বক্সিং কম্পিটিশ্বনত পুৰা আঠটা ঘোঁচা নাকত লগাই এইটো পুৰস্কাৰহে পাইছিলোঁ। তোমাক পুৰা আঠটা............ 
       : হ'ব চাৰ যি দিয়ে টকাকে দিয়ক। 
(আলম লৈ)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send