অতীতৰ এটি পৃষ্ঠা- সবিতা বেগম

প্ৰিয় আকাশ ---
এয়া মম এডাল জ্বলাই লৈছোঁ
বহু দিনৰ মূৰত তোমালৈ এখনি 
চিঠি লিখিম বুলি
নাজানো ডাকোৱালে তোমাক দিয়ে নে নিদিয়ে !!!
আশা কৰোঁ ভালেই আছা
মোৰ খবৰ ল'বলৈ তোমাৰটো সময়েই নাই
মই জানো তুমি এতিয়া খুবেই ব্যস্ত
সময়ে সকলোকে সলনি কৰে
আৰু সময়ৰ লগে লগে আমি দুয়ো
তুমি মই হৈ গ'লোঁ ।

বাৰু , মা-দেউতা আৰু ঘৰখন নিশ্চয় ভালেই আছে ?
জানা , তুমি মোৰ জীৱনৰ পৰা আঁতৰি যোৱাৰ পৰাই
নুমাই গ'ল সকলো বাতি , গুচি গ'ল আশাৰ জোনাক ।
খুবেই অসহায় আৰু অকলশৰীয়া অনুভৱ কৰোঁ ,
সকলোকে মাথোঁ মিছা হাঁহিৰে বুজাওঁ
'অ' মই ভালেই আছোঁ'...।
মোৰ কষ্টৰ কাৰণ তোমাক নিদিওঁ ।
জানা , তেতিয়া মই বৰকৈ অবুজ আছিলোঁ
তুমি মাথোঁ মোৰেই বুলি অভিমান কৰিছিলোঁ ...।
তোমাক ক'বলৈ বহুত কথাই ৰৈ গ'ল
ক'ম ক'ম বুলি কোৱা নহ'ল আজিও ।
অ' শুনাচোন তোমাৰ বাৰু মনত আছেনে ?
ৰাতি ফোনত কথা পাতোতে পাতোতে
তুমি মোৰ জীৱনৰ প্ৰেৰণা হৈ থকাৰ প্ৰতিশ্ৰুতি দিছিলা ,
কিন্তু তুমি মোক অপবাদৰ নামত প্ৰেমত পেলাই তামাচাৰ তীক্ষ্ণাঘাতেৰে বিশ্বাস নষ্ট কৰি নিৰৱে আঁতৰি গ'লা ।
আহত হ'ল অলেখ সুখ , শান্তি , স্বপ্ন , চূৰমাৰ কৰি দিলা আল্পনাৰ টঙিঘৰ ।
ভুলটো মোৰেই আছিল , কাৰণ পৃথিৱীত
কোনো বস্তু স্থায়ী নহয়...
তোমাক স্থায়ী ভাবিলোঁ কেনেকৈ !!!

বাদ দিয়া , সেই আল্পনা আজি মূল্যহীন ।
কেতিয়াবা তোমাৰ বাৰু মনত পৰেনে ?
মই ক'ত আছোঁ , কেনেকৈ আছোঁ , কেনে আছোঁ ?
অহ্ কি যে কওঁ এতিয়াতো তুমি সাংসাৰিক...
হয়তো তাইৰ লগত সুখতেই আছা ।

জানা আকাশ , আজিও এটা প্ৰশ্নৰ উত্তৰ বিচাৰি নাপালোঁ...
তুমি মোক কিয় প্ৰতাৰণা কৰিলা ?
মোৰ ভুলটো কি আছিল...
কিন্তু তোমাৰ প্ৰতি মোৰ কোনো ক্ষোভ নাইবা অভিমান নাই ।
কেতিয়াবা মোৰ ইমান দুখ লাগে যে মোৰ ভুলটো কি আছিল সেয়াই জানিব নোৱাৰিলোঁ !
মনত পৰিলে মই উন্মাদ হৈ যাওঁ আৰু যেন তেতিয়া
মৃত্যু সকলোতকৈ সুন্দৰ আৰু সাৰ্থক অনুভৱ হয় ।
কিন্তু জানিব পাৰিলে ইমান দুখ নালাগিলহেঁতেন ।

এতিয়া সঁচাকৈ মানুহবোৰলৈ যে কিমান ভয় লাগে !!
জানা আকাশ , এতিয়া আৰু হাতত জেতুকা পাত
লোৱাৰ ইচ্ছা নাযায় , 
উকা হাতখনেই সুন্দৰ যেন লাগে ।
হয়তো সুৱাসিত আৰু কৰিব নোৱাৰিম মনটো
হয়তো কেতিয়াবা ইচ্ছা গ'লে চাই থাকিম
সৌ দূৰৈৰ পৰা ...
ভালে থাকিবা ...

ইতি

তোমাৰ অহ , তোমাৰ নহয় অচিনাকী ক-বি-তা।



Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send