পৰিচয়-নিলাজী বন - ভাৰতী গগৈ বৰুৱা

Aditi Tanti
0
      নিলাজী এ চ’ত , আছিলি য’ত
      যাগৈ নিলাজী থাকগৈ ত’ত ।
               সাধাৰণতে নিলাজী বুলি কওঁতে নিলাজী বনজোপাৰ কথাই মনলৈ আহে । কেইবাদিনৰ পৰা পিৰালিৰ কাষতে নিলাজী বন এজোপা দেখি বৰকৈ মন গ'ল ফটো এখন তোলাৰ । পিছে কাষতে থকা আন এজোপা বন উঘালি লওঁ বুলি ভাবোতে নিলাজী বনজোপাৰ পাত জঁই পৰি গ'ল । আগতে নিলাজী বন মানুহৰ ঘৰৰ বাৰীত , পুখুৰীৰ পাৰত সহজে দেখিবলৈ পোৱা গৈছিল । ছিৰিলি ছিৰিলি পাত থকা বা ছিৰলীয়া তেতেলী-পতীয়া লতা চানেকীয়া কাঁইট থকা বনেই নিলাজী বন । অসমীয়া ভাষাত নিলাজী বনক লাজুকী বন , আদৰ মালতী , লজ্জাৱতী , লাজৱতী বুলি কোৱা শুনিবলৈ পোৱা যায় । বাংলা ভাষাত - লজ্জাৱতী ; হিন্দী - চুইমুই , লাজৱন্তী ; মণিপুৰী - কাংফল ; সংস্কৃতত - লজ্জালু , নমস্কাৰী , অঞ্জলিকাৰিকা , ৰক্তপদী , খদিৰকা ; জলকাৰিকা আদি । ইংৰাজীত -- টাচ মি নট ; পাঞ্জাৱী - নিলাজী বন ।
‌ নিলাজ -(সং নিৰ্লজ্জ ) বিশেষণ । নিলাজ শব্দৰ অৰ্থ হৈছে লাজ - অপমানলৈ ভয় নকৰা ; লাজ নথকা মানুহ । স্ত্ৰী লিংগত নিলাজী । নিলাজী বনৰ এক বিশেষত্ব আছে । ই বৰ সংবেদনশীল । কোনোবাই স্পৰ্শ কৰিলেই ইয়াৰ পাতবোৰ জঁই পৰি যায় অৰ্থাৎ জাপ খায় । অলপ পাছত আকৌ নিজে নিজেই মেল খাই যায় । সৰুতে নিলাজী বনজোপা চুই দিলে জাপ খাই যোৱা দৃশ্য চাই বৰ ভাল লাগিছিল । মোৰ দৰে আপোনাৰো এই কথা মনত পৰিছে নিশ্চয় । ইয়াৰ ফুল তৰুৱা কদমৰ দৰে যদিও ফুলৰ ৰংটো বেলেগ । নিলাজী বনৰ পাত , ফুল , বীজ আৰু শিপাৰ পৰা ঔষধ তৈয়াৰ কৰি মানুহে বিভিন্ন ৰোগত ব্যৱহাৰ কৰে কাৰণে ইয়াক সৰ্বগুণী বন বুলি কয় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)