মানুহে নিজেই মানৱ সৃষ্টিৰ মেচিন ৷
আৱিষ্কাৰৰ মূলতেই হ’ল
নতুন নতুন উদ্ভাৱন
বিধ্বংসৰ নাই কোনো বাচ বিচাৰ,
কেৱল মাত্ৰ আৱিষ্কাৰ
আপোন সৃষ্টি ফ্ৰাংকেইনষ্টাইনে
বিধ্বংস কৰে য়ুহান
পৃথিৱী জিনিব খুজি চীনৰ গৌৰৱ
আজি হ’ল মৃত-ম্লান
চিঙি গ’ল বিশ্বব্যাপ্ত মানৱতাৰ এনাজৰী
আপোনেই আপোনৰ শত্ৰু
মিত্ৰতাৰ চিনছাপ ছিন্নভিন্ন হ’ল
মানুুহ আজি গৃহে গৃহে পিঞ্জৰাৰ পখী ৷
যেনে কৰ্ম তেনে ফল সন্তজনে ক’য়
এজনৰ কৰ্ম দোষত কিয় আজি দুবিষদ বিশ্বৰ বিলৈ
হে সময়, আমাক শক্তি দিয়া ৷
দিয়া তত্ত্ব পৃথিৱীক কৰিবলৈ কৰ’ণা উন্মুক্ত ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ